সতৰ্ক হ'ব, ওঁঠৰ ৰং সলনি হোৱাটো এই ৪ ৰোগৰ লক্ষণ

asomiyapratidin

ৰক্তহীনতা 

যদি আপোনাৰ ওঁঠৰ ৰং হালধীয়া বা বগা হৈ আছে, তেনেহ'লে এয়া শৰীৰত তেজৰ অভাৱ বা ৰক্তহীনতাৰ লক্ষণ।

হাঁওফাঁওৰ ৰোগ

বেঙুনীয়া ওঁঠ হাঁওফাঁওৰ ৰোগৰ লক্ষণ হ'ব পাৰে। এনে পৰিস্থিতিত যদি আপোনাৰ ওঁঠৰ ৰং সলনি হয়, ইয়াক উপেক্ষা নকৰিব।

যকৃতৰ ৰোগ 

ওঁঠৰ ৰং সলনি হোৱাটোয়ে যকৃতৰ ৰোগ হোৱাৰো সংকেত দিয়ে।যেতিয়াই যকৃত সম্পৰ্কীয় সমস্যা হয়, ওঁঠৰ ৰং ৰঙালৈ সলনি হয়।

হজমৰ সমস্যা

হজম সম্পৰ্কীয় সমস্যা থাকিলেও ওঁঠৰ ৰং হালধীয়া হ'বলৈ আৰম্ভ কৰে। যেতিয়া এজন ব্যক্তিৰ পাকস্থলী বা হজম সম্পৰ্কীয় ৰোগ হয়, ওঁঠৰ ৰং সলনি হ'বলৈ আৰম্ভ কৰে।