৮ টি বিখ্যাত ব্ৰেণ্ড যি ভাৰতীয়

asomiyapratidin

এলেন চ'লী

১৭৪৪ চনত ৱিলিয়াম হ'লিম আৰু কম্পেনী লিমিটেডে ইংলেণ্ডত আৰম্ভ কৰিছিল এলেন চ'লী । কিন্তু ১৯৯৩ চনত ভাৰতৰ মাডুৰা গাৰ্মেন্টছ নামৰ এটি ব্যৱসায়িক প্ৰতিষ্ঠানে ইয়াৰ স্বত্তাধিকাৰ ক্ৰয় কৰে । আনহাতে, ২০০১ চনত আদিত্য বিৰলা গ্ৰুপে ইয়াক ক্ৰয় কৰে

ফ্লাইং মেছিন

ফ্লাইং মেছিন হৈছে এটি বিখ্যাত ভাৰতীয় ব্ৰেণ্ড । ১৯৮০ চনত অৰৱিন্দ লাইফষ্টাইল ব্ৰেণ্ড লিমিটেডে স্থাপন কৰা এইটো ব্ৰেণ্ড আছিল ভাৰতৰ প্ৰথমটি থলুৱা ডেনিম ব্ৰেণ্ড

লেকমে'

যদিও লেকমে' এটি ফৰাছী শব্দ তথাপিও লেকমে' হৈছে এটি ভাৰতীয় ব্ৰেণ্ড । আনহাতে, লেকমে' শব্দটি বহু লোকে হিন্দু ধৰ্মৰ ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পৰা অহা বুলিও কয়

লুই ফিলিপ

যদিওবা লুই ফিলিপ শব্দটি ফ্ৰাযন্সৰ বিখ্যাত শা‍সক লুই ফিলিপ (১৮৩০-৪৮) ৰ পৰা লোৱা হৈছিল কিন্তু ইও আন এক ভাৰতীয় ব্ৰেণ্ড । মাডুৰা ফেশ্বন এণ্ড লাইফষ্টাইলে ১৯৮৯ চনত স্থাপন কৰিছিল এই ব্ৰেণ্ডটি

দা মিলান'

ইটালিয়ান যেন লগা এই ব্ৰেণ্ডটিও ভাৰতীয় । ১৯৮৯ চনতেই চামৰাৰ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল দা মিলান

লা অ'পালা

তালিকাত থকা বহু কেইটা নামৰ দৰে ইও ফঁৰাছী যেন লাগিলেও কিন্তু লা অ'পালা চীনা মাটিৰে নিৰ্মিত বাচন বৰ্তনৰ এটি ব্ৰেণ্ড

পিটাৰ ইংলেণ্ড

পিটাৰ ইংলেণ্ড হৈছে এটি প্ৰখ্যাত ভাৰতীয় ব্ৰেণ্ড । আদিত্য বিৰলা গ্ৰুপে ১৯৯৭ চনত প্ৰতিষ্ঠা কৰা পিটাৰ ইংলেণ্ড বৰ্তমান বিশ্ববিখ্যাত

জাগুৱাৰ লেণ্ড ৰোভাৰ

জাগুৱাৰ আৰু লেণ্ড ৰোভাৰ দুয়োটিয়েই ২০০৮ চনৰ পৰাই টাটা মটৰ্ছৰ অন্তৰ্গত । ইয়াৰ পূৰ্বে ১৯৯০ চনত জাগুৱাৰক ক্ৰয় কৰিছিল ফ'ৰ্ডে যি পৰৱৰ্তী সময়ত বি এম ডাব্লিউৰ পৰা লেণ্ড ৰোভাৰ্ছক ক্ৰয় কৰিছিল আৰু শেষত টাটা মটৰ্ছে দুয়োটাকে ক্ৰয় কৰে