asomiyapratidin
বিশ্বৰ আটাইতকৈ সুখী দেশখন হৈছে ফিনলেণ্ড । একেলেথাৰিয়ে ষষ্ঠবাৰৰ বাবে ফিনলেণ্ডে লাভ কৰিলে এই সন্মান
এই তালিকাৰ দ্বিতীয় স্থানত আছে ডেনমাৰ্ক । সুখৰ সূচাংকত ৭.৬৪ নম্বৰৰে বিশ্বৰ দ্বিতীয়খন সুখী দেশ ডেনমাৰ্ক
আইচলেণ্ড হৈছে পৃথিৱীৰ তৃতীয়খন সুখী দেশ । সুখৰ সূচাংকত আইচলেণ্ডৰ নম্বৰ হৈছে ৭.৫৬
আলপাইন পাহাৰৰ মনমোহা দৃশ্যৰ দেশ চুইজাৰলেণ্ড আছে এই তালিকাৰ চতুৰ্থ স্থানত । চুইটজাৰলেণ্ডে লাভ কৰিছিল ৭.৫১ নম্বৰ
এই তালিকাৰ পঞ্চম স্থানত আছে নেদাৰলেণ্ড । সকলো দিশৰে পৰা দৈনন্দিন জীৱন যাপনৰ বাবে উত্তম নেদাৰলেণ্ডৰ নম্বৰ হৈছে ৭.৪২
ইউৰোপীয়ান দেশ লুক্সেমবাৰ্গৰ আলোচনা সততেই কৰা নহয় যদিও সুখৰ সূচাংকত বহু বিখ্যাত দেশক পাছ পেলাই এই তালিকাৰ ষষ্ঠত স্থান লাভ কৰিছে লুক্সেমবাৰ্গে । সুখৰ সূচাংকত লুক্সেমবাৰ্গে লাভ কৰিছে ৭.৪ নম্বৰ
৭.৩৬ নম্বৰেৰে তালিকাৰ সপ্তম স্থানত আছে চুইডেন । ইউৰোপৰে আন এখন মনমোহা দেশ চুইডেন আছে এই তালিকাৰ সপ্তম স্থানত
সুউচ্চ পৰ্বতমালা, বৰফেৰে আৱৰা নৰৱে আছে এই তালিকাৰ অষ্টম স্থানত । নৰৱেই লাভ কৰিছিল সৰ্বমুঠ ৭.৩৭ নম্বৰ
বিভিন্ন আভ্যন্তৰীণ সমস্যাৰে আৱৰা যেন লাগিলেও কিন্তু ইজৰাইল এই তালিকাৰ নৱম স্থানত আছে । ইজৰাইলৰ ৰাজধানী জেৰুজালেম হৈছে বিশ্বৰ কেইবাটাও ধৰ্মৰ গুৰুত্বপূৰ্ণ উপাসনাস্থলী
তালিকাৰ প্ৰথম দহখন দেশৰ অন্তিম স্থানত আছে নিউজিলেণ্ড । সৰ্বমুঠ ৭.২ নম্বৰেৰে নিউজিলেণ্ড হৈছে বিশ্বৰ ১০ সংখ্যক আটাইতকৈ সুখী দেশ