আজিয়েই ঘৰৰ পৰা বাহিৰ কৰক এইসমূহ সামগ্ৰী

asomiyapratidin

যদি আপোনাৰ ঘৰত ভঙা কাঁচৰ গিলাচ বা আইনা আছে, তেন্তে আপুনি এইসমূহ ঘৰৰ পৰা বাহিৰ কৰক।

যদি আপোনাৰ ঘৰৰ মন্দিৰত দেৱ-দেৱীৰ ফটা ফটো বা খণ্ডিত মূৰ্তি আছে, তেন্তে সেইবোৰ তৎক্ষণাৎ আঁতৰাওঁক

যদি কপৌয়ে আপোনাৰ ঘৰত বাঁহ সাজিছে, তেন্তে লগে লগে আঁতৰাওক

যদি ফটা আৰু পুৰণি কাপোৰ ঘৰত থাকে, তেন্তে ই শুক্ৰ গ্ৰহত অশুভ প্ৰভাৱ পেলায়

ফটা আৰু পুৰণি জোতাও ঘৰত নাৰাখিব।কিয়নো এইসমূহ ঘৰত থাকিলে ঘৰৰ সদস্যসকলে বিভিন্ন ধৰণৰ বিবাদৰ সন্মুখীন হ’বলগীয়া হয়

যদি ঘৰত মহাভাৰতৰ যুদ্ধ, নটৰাজৰ মূৰ্তি, তাজমহল, ডুব যোৱা নাও, ঝৰ্ণা, বন্য জন্তু, সমাধি আৰু কাঁইটীয়া উদ্ভিদৰ ফটো আছে, তেন্তে সেইবোৰ ততালিকে আঁতৰাই পেলাওঁক।

ঘৰত বেয়া তলা থকাতোও অশুভ। কিয়নো বেয়া তলাই ঘৰৰ সদস্যৰ প্ৰগতিত বাধা দিয়ে।

ঘৰটোত কাঁইটীয়া উদ্ভিদ থকাটোও বাস্তুৰ মতে অশুভ বুলি গণ্য কৰা হয়। এনে উদ্ভিদে ধন সম্পৰ্কীয় সমস্যাৰ লগতে অন্যান্য সমস্যাও বৃদ্ধি কৰে।