আই পি এলৰ মহাৰণত আজি গুজৰাটৰ বিপক্ষে পাঞ্জাৱ কিংছ

Asomiya Pratidin

ডেভিদ মিলাৰ

দক্ষিণ আফ্ৰিকাৰ নিৰ্ভৰযোগ্য বেটছমেন ডেভিদ মিলাৰ। এইগৰাকী বেটাৰ আৰম্ভণিৰ পৰাই গুজৰাট টাইটনছ দলত আছে। যিকোনো মুহূৰ্ততে ভয়াৱহ হৈ মেচৰ গতি সলনি কৰি দিব পাৰে মিলাৰে।

শুভমন গীল

আই পি এলৰ অতি কম বয়সীয়া অধিনায়ক তথা ভাৰতীয় জাতীয় দলৰ অ'পেনিং বেটাৰ শুভমন গীল। প্ৰতিপক্ষৰ বলাৰে সদায়ে গীলক সমীহ কৰি চলে। অকলে মেচ উলিয়াই নিয়াত সিদ্ধহস্ত শুভমন গীল।

মোহিত শৰ্মা

এইগৰাকী ভাৰতীয় বেগীবলাৰ প্ৰতিপক্ষৰ বেটচমেনৰ বাবে মূৰৰ কামোৰণিসদৃশ। মোহিতৰ শেহতীয়া প্ৰদৰ্শনে বিপক্ষৰ ৰণনীতিত সদায়ে আউল লগাই আহিছে। গতিকে পাঞ্জাৱৰ বেটাৰসকল এওঁৰ পৰা সাৱধান হোৱা ভাল।

শিখৰ ধাৱান

নামেই যাৰ পৰিচয়। গব্বৰ সদায় গব্বৰ। দীৰ্ঘদিন জাতীয় দলৰ পৰা আঁতৰি থাকিলেও বিপক্ষৰ বলাৰৰ বাবে সদায় ভয়াৱহ শিখৰ ধাৱান। এইগৰাকী বেটাৰ ক্ৰিজত থকা মানেই বিপৰীত দলৰ শংকা বাঢ়ে।

ছেম কুৰান

ইংলেণ্ড জাতীয় দলৰ নিয়মীয়া সদস্য তথা বাওহতীয়া মিডিয়াম ফাৰ্ষ্ট বলাৰ ছেম কুৰান। কুৰান পাঞ্জাৱৰ ট্ৰাম কাৰ্ড সদৃশ খেলুৱৈ। বলিঙৰ লগতে সময়োপগী বেটিঙৰ বাবে তেঁওৰ এক সুকীয়া স্থান আছে।

হৰপ্ৰীত ব্ৰা

২৫ বছৰীয়া হৰপ্ৰীত পাঞ্জাৱ কিংছক এগৰাকী প্ৰতিভাৱান খেলুৱৈ। বাওঁহতীয়া বেটিংৰ লগতে বলিঙতো তেঁও বিপক্ষক ব্যতিব্যস্ত কৰিব তুলিব পাৰে।

লিয়াম লিভিংষ্ট'ন

ইংলেণ্ড জাতীয় দলৰ তাৰকা খেলুৱৈ লিয়াম লিভিংষ্ট'ন ২০২২চনৰ পৰাই পাঞ্জাৱ কিংছৰ এগৰাকী নিয়মীয়া সদস্য। যিকোনো মুহূৰ্ততে বেটে-বলে উজলি উঠিব পাৰে এইগৰাকী তাৰকা খেলুৱৈ। বহু মেচত তেঁও দলৰ ত্ৰাণকৰ্তা হিচাপে ভূমিকা পালন কৰিছে।