ইটালীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব কিক বক্সিং প্ৰতিযোগিতালৈ অসমৰ হিৰণ্য..

ইটালীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব কিক বক্সিং প্ৰতিযোগিতালৈ অসমৰ হিৰণ্য..

ডিজিটেল ডেস্কঃ ১৬ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈকে ইটালীৰ ভেনিছ চহৰত অনুষ্ঠিত হ'ব ৱাক' বিশ্ব কিকবক্সিং চেম্পিয়নিশ্বিপ। প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব অসমৰ খেলুৱৈ হিৰণ্য কুমাৰ বৰুৱাই। প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচিত হোৱা হিৰণ্য কুমাৰ বৰুৱাই শুকুৰবাৰে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কৌশয়াক।

ৰাজ্যপালগৰাকীক ৰাজভৱনত সাক্ষাত কৰাৰ পিছতে ৰাজ্যপালগৰাকীয়ে হিৰণ্যক প্ৰতিযোগিতাখনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখ্য যে এই প্ৰতিযোগিতাৰ বাবে ভাৰতৰ পৰা মুঠ ২৪ জন কিক বক্সিং খেলুৱৈ নিৰ্বাচিত হৈছে। দলটোৱে শনিবাৰে মুম্বাইৰ পৰা ইটালীলৈ যাত্ৰা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in