অসম

গোৱালপাৰা আঞ্চলিক বন বিভাগৰ অভিযানঃ ২৪ ঘণ্টাত দুটাকৈ বৃহৎ কাঠফলা কল উচ্ছেদ…

asomiyapratidin

ডিজিটেল সংবাদ গোৱালপাৰা: গোৱালপাৰাত চলি থকা অবৈধ কাঠফলা কলৰ বিৰুদ্ধে গোৱালপাৰা আঞ্চলিক বন বিভাগৰ অভিযান অব্যাহত আছে। বিগত চৌব্বিশ ঘণ্টাত আঞ্চলিক বন বিভাগে দুটাকৈ গোপন স্থানত সফল অভিযান চলাই দুটাকৈ বৃহৎ কাঠফলা কল উচ্ছেদ কৰে। জানিব পৰা মতে, গোৱালপাৰা আঞ্চলিক বন বিষয়া জগন্নাথ আগৰৱালা আৰু ফৰেষ্টাৰ (প্ৰথম)দেবেন বৈশ্যৰ নেতৃত্বত বন কৰ্মী এটি দলে গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে সন্ধিয়া পশ্চিম গোৱালপাৰাৰ খৰমুজাত অভিযান চলাই এটি বৃহৎ কাঠফলা কল উচ্ছেদ কৰি কলসহ বৃহৎ পৰিমাণৰ কুমলীয়া চেগুন আৰু কঁঠাল গছৰ কুণ্ডা জব্দ কৰে।

এই কলটো উচ্ছেদ কৰাৰ কেইঘণ্টামানৰ পিচতে গৰৈমাৰী-উলুপাৰা অঞ্চলত আন এটি বৃহৎ অবৈধ কলৰ খবৰ লাভ কৰে একেটা অভিযানকাৰী দলটোৱে। নিশা হোৱাৰ বাবে অভিযান চলোৱাৰ পৰা বিৰত থাকে যদিও শুক্ৰবাৰে পুৱা‌ পাঁচমান বজাত অভিযানকাৰী দলটোৱে গৰৈমাৰী-উলুপাৰাৰ গোপন স্থানত অভিযান চলাই অবৈধ কাঠফলা কলটো উচ্ছেদ কৰে। অভিযানৰ সময়ত কলটোত ফালিবলৈ অনা বৃহৎ পৰিমাণৰ কুমলীয়া চেগুনৰ কুণ্ডাও জব্দ কৰে।

আঞ্চলিক বন বিষয়াগৰাকীয়ে জানিব দিয়া মতে, বিগত চৌব্বিশ ঘণ্টাত উচ্ছেদ কৰি জব্দ কৰা বৃহৎ আকাৰৰ কল দুটাৰ বজাৰ মূল্য ৩ লাখৰো অধিক। সেইদৰে কল দুটাৰ পৰা জব্দ কৰা মূল্যবান কাঠৰ কুণ্ডাবোৰৰ বজাৰ মূল্য ডেৰ লক্ষাধিক। অভিযানৰ সময়ত কাঠফলা কল দুটাত কোনো লোক নাছিল বুলি বন বিষয়াগৰাকী সদৰি কৰিছে।