ডিচেম্বৰত ভাৰতলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন…

ডিচেম্বৰত ভাৰতলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন…

ডিজিটেল ডেস্কঃ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ভাৰতত অনুষ্ঠিত হ'বলগীয়া ২১ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনৰ বাবে ভাৰতলৈ আহিব পুটিন। আগন্তুক ৬ ডিচেম্বৰত ভাৰতত উপস্থিত হ'ব পুটিন। এই সময়ছোৱাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৈঠকত অংশগ্ৰহণ কৰিব। কোৰোনা কালত এইখন দুয়োজন নেতাৰ প্ৰথম বৈঠক হ'ব। এই সন্মিলনত কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই কথা জনায়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এখন শীৰ্ষ বৈঠকৰ সৈতে ভাৰত-ৰাছিয়া 'টু-প্লাছ-টু' বৈঠকৰ প্ৰথম সংস্কৰণ প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীৰ আলোচনা অনুষ্ঠিত হ'ব। ভাৰত আৰু ৰাছিয়াৰ মাজত প্ৰথম ২+২ আলোচনা ৬ ডিচেম্বৰত অনুষ্ঠিত হ'ব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগুৱে ৫-৬ ডিচেম্বৰত ভাৰত ভ্ৰমণ কৰি '২+২' মন্ত্ৰীৰ আলোচনাত অংশগ্ৰহণ কৰিব। বাগচীয়ে কৈছে যে বৈঠকখনত ভাৰতৰ হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে অংশগ্ৰহণ কৰিব।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ ক্ষেত্ৰত কেইবাটাও চুক্তি স্বাক্ষৰিত হ'ব পাৰে। ২০২১ চনত ভ্লাদিমিৰ পুটিনৰ এইটো দ্বিতীয় বিদেশ ভ্ৰমণ হ'ব। পুটিনে শেষবাৰৰ বাবে ২০১৮ চনত সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিছিল। দুয়োখন দেশে এছ-৪০০ চুক্তিস্বাক্ষৰ কৰিছিল।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনত পূৱ ৰাছিয়াৰ ভ্লাদিভষ্টক চহৰ ভ্ৰমণ কৰিছিল। ভাৰতে সেই সময়ত পূৱ ৰাছিয়াৰ বিকাশত ভাৰতীয় ব্যৱসায়িক অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ ১ বিলিয়ন ডলাৰৰ ছফ্ট ক্ৰেডিট লাইন ঘোষণা কৰিছিল। ইফালে, সন্মিলনখনত এছ-৪০০ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ'ব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰিও, ভাৰতত ৰাছিয়ান স্পুটনিক লাইট ভেকছিন ব্যাপকভাৱে প্ৰস্তুত কৰা হৈছে। সেই অনুসৰি কৰোনা ভাইৰাছৰ বিষয়েও বৈঠকত আলোচনাৰ সম্ভাৱনাও আছে।

উল্লেখ্য যে, যোৱা বছৰ কোৰোনা মহামাৰীৰ বাবে এই বৈঠক অনুষ্ঠিত কৰিব পৰা নাছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নৱেম্বৰৰ শেষ সপ্তাহত মস্কো ভ্ৰমণ কৰাৰ কথা আছিল। অৱশ্যে, ২৯ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনৰ বাবে সেই কাৰ্যসূচী সলনি কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in