অসমৰ গঞা ৰাইজৰেই নহয়, বৰ্হিবিশ্বৰ বৌদ্ধিক মহলৰো হৃদয় জিনিছে ভিলেজ ৰকষ্টাৰ্ছে

ফটো সৌজন্যঃ উত্তৰায়ণ, বাংলাদেশৰ পৰা প্ৰকাশিত সাহিত্য বিষয়ক আলোচনী
ফটো সৌজন্যঃ উত্তৰায়ণ, বাংলাদেশৰ পৰা প্ৰকাশিত সাহিত্য বিষয়ক আলোচনী

► ডি জে ধনন্তৰি

অসমবাসীয়ে 'ভিলেজ ৰকষ্টাৰ্ছ'ক আদৰি লৈছে। ছবিখন চাবলৈ হিলদল ভাঙি মানুহ ছবিঘৰলৈ আহিছে। কিন্তু এইখন ছবি বিশ্ববাসীয়ে চাব লাগে। এই আহ্বান জনালে এগৰাকী প্ৰতিষ্ঠিত বাংলা লেখক তথা চলচিত্ৰ বিশ্লেষকে।

অভিনয়হীন অভিনয়। ছবিখনক প্ৰতিটো দিশতে প্ৰশংসাৰে উপচাই এই মন্তব্য বাংলা লেখক বাসৱ ৰয়ৰ। বাংলাদেশৰ এখন আলোচনীত প্ৰকাশিত লেখাটোত ৰয়ে অস্কাৰৰ বাবে 'ভিলেজ ৰকষ্টাৰ্ছ'ক ভাৰতীয় ব'ৰ্ডৰ সঠিক বাছনি হিচাপেও অভিহিত কৰিছে। আলোচনীখনৰ ফেচবুক পেজত পশ্চিমবংগৰ লেখকগৰাকীৰ লেখাটো পোষ্ট কৰাৰ পিছতে অসমতো নেটিজেনসকলৰ মাজত দেখা গৈছে ব্যাপক চৰ্চা।

ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ' কি কি ক্ষেত্ৰত ব্যতিক্ৰম সেই কথাও সুন্দৰকৈ বৰ্ণিত হৈছে লেখাটোত। 'যেতিয়া দুৰ্বল মনটো বেয়া লাগে বা তীব্ৰ অপমানবোধ কৰে, স্বাভাৱিক অৱস্থা পাবলৈ সাধাৰণতে আমি কবিতা পঢ়ো। আজি অভিন্ন বন্ধু তাপস পালৰ আহ্বানত চিনেমা চাবলৈ গ'লো। ভিলেজ ৰকষ্টাৰ। মিউজিক অত্যাধিক থাকিব, এই বুলিয়েই ধৰি লৈছিলো। কিন্তু কামসূত্ৰত যিদৰে ৰেখাহীন ৰেখাই পৰ্যাপ্ত ঠিক তেনেকৈ ভিলেজ ৰকষ্টাৰত প্ৰাকৃতিক শব্দৰ বাদে আৰু কোনো যন্ত্ৰ-শব্দ নাই।'-ছবিখন চাই বঙালী লেখকগৰাকী কিদৰে অভিভূত হৈ পৰিছে সেয়া লেখাটোৰ এই আৰম্ভণিৰ পৰাই অনুমান কৰিব পাৰি।

চিনেমাৰ আৰম্ভণিতে কেমেৰাৰ ফেড-ইন নথকা এইখনেই প্ৰথম ছবি বুলিও লেখাটোত উল্লেখ কৰিছে বাসৱ ৰয়ে। 'ভাৰতীয় চলচিত্ৰত সম্ভৱত এইখনেই প্ৰথম ছবি যিখন ছবিৰ আৰম্ভণিতে কেমেৰাৰ ফেড-ইন নাই, অৱশ্যে ছবিখন প্ৰথাগত ফেড-আউটেৰেই শেষ হৈছে।'- পেছাদাৰী শিল্পী অবিহনেই এখন ছবি কিদৰে ছবি হৈ পৰে সেই লৈ আশ্চৰ্য প্ৰকাশ কৰি এইদৰে উল্লেখ কৰিছে বাংলা লেখকগৰাকীয়ে।

বাসৱ ৰায়ৰ এই দৃষ্টিলৈ চাই আমি ইয়াক এক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় দৃষ্টি হিচাপেও অভিহিত কৰিব পাৰো। ৰীমা আমাৰ চিনাকি। ৰীমাৰ ব্যতিক্ৰমী কাম-কাজক লৈ আমি যি দৃষ্টি নিক্ষেপ কৰিম সেই দৃষ্টিত হয়তো প্ৰথমেই আহি পৰিব 'অসম গৌৰৱ' দৃষ্টি। ফলত আন্তঃৰ্জাতিক দৃষ্টিকোণেৰে সেই ছবিখনৰ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিলেও তাত কিছু আসোৱাহ ৰৈ যোৱাতো স্বাভাৱিক।

পিছে চুবুৰীয়া ৰাজ্যৰ এগৰাকী চলচিত্ৰ বিশ্লেষকৰ ক্ষেত্ৰত তেনে দৃষ্টিৰ উপস্থিতি থকাৰ তিলমানো সন্দেহ নথকাত তাক আমি আন্তৰ্জাতিক দৃষ্টি বুলি ধৰি ল'লে নিশ্চয় ভুল কৰা নহ'ব। সেই হিচাপত বাসৱ ৰয়ৰ এনে বিশ্লেষণৰ পিছত আমি বিনা দ্বিধাই ক'ব পাৰো যে 'ভিলেজ ৰকষ্টাৰ্ছ' আমাৰ ধাৰণাতকৈয়ো বহু ওপৰৰ এখন চিনেমা।

'আমাৰ দেশৰ অধিকাংশ চিনেমাৰ মাজতে ভৰি থাকে নাটকীয় উপাদান, কেৱল মাত্ৰ এই কাৰণটোৱেই সেইসমূহ ছবি শেষপৰ্যন্ত ছবি হৈ নুঠাৰ বাবে যথেষ্ট। ভিলেজ ৰকষ্টাৰ প্ৰকৃতাৰ্থতেই সম্পূৰ্ণৰূপে ছবি হৈ উঠিছে।'- অসমীয়া ভাষা তথা সাহিত্য-সংস্কৃতিক বাংলা সাহিত্য-সংস্কৃতিৰ সৈতে জড়িতসকলে একপ্ৰকাৰ হেয় দৃষ্টিৰে চোৱাৰ দীৰ্ঘদিনীয়া অভিযোগৰ মাজতে ৰীমা দাসৰ ছবিখনক লৈ কৰা এনে বিশ্লেষণ তাৎপৰ্যপূৰ্ণ।

'ভিলেজ ৰকষ্টাৰ্ছ'ক লৈ আৰম্ভণিৰে পৰা সকলোৱে উচ্চ ধাৰণা ব্যক্ত কৰিছিল। দেশৰ সীমা চেৰাই প্ৰশংসা বুটলিছিল বিদেশতো। প্ৰকৃতাৰ্থত এখন চিনেমা হৈ উঠা বাবেই চলচিত্ৰ জগতৰ বহু প্ৰতিষ্ঠিত লোকৰ বাছনিৰ অন্তত অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰা হয় ছয়গাঁৱৰ ৰীমা দাসৰ এই বিশেষ ছবিখনক।

সেই কথা ভালদৰে বুজি পাইছে বাংলা লেখকগৰাকীয়ে। ছবিখন এই পৰ্যন্ত নোচোৱা বহুতেই হয়তো ভাবিছে, অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা ছয়গাঁৱৰ ৰীমাৰ ছবিখনত আছেনো কি! ভাবৰ এনে বুৰবুৰণিৰ উত্তৰ বাসৱ ৰয়ে যিদৰে বৰ্ণনা কৰিছে সেয়া জানিলে গৌৰৱত ফুলি উঠিব আপোনাৰো বুকু।

'ধুনু আৰু তাইৰ ককায়েকক দেখি প্ৰাথমিকভাৱে পথেৰ পাঁচালি ছবিৰ দুৰ্গা-অপুৰ কথা মনলৈ আহিলেও সেয়া পিছলৈ আৰু মনত ভাহি নুঠে, কিয়নো ৰীমাই আৰু এখন পথেৰ পাঁচালি অথবা ধুনুক দুৰন্ত গিটাৰিষ্ট হিচাপে সফল হোৱাৰ গল্প অৰ্থাৎ আৰু এখন শ্লামডগ মিলিয়নাৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা নাই, তেওঁ ছবি নিৰ্মাণ কৰিছে অসমৰ গাঁৱক লৈ, লগতে বিশ্বৰ কেবাখনো কালজয়ী চিনেমা চোৱাৰ পিছত এই কথা ক'বলৈ বাধ্য যে ভিলেজ ৰকষ্টাৰ সমগ্ৰ পৃথিৱীৰ প্ৰতিজন চলচিত্ৰপ্ৰেমীয়ে চোৱা উচিত।'-বাংলা লেখকগৰাকীৰ বিশেষ মন্তব্য।

ইয়াৰ পিছতে এষাৰ সাংঘাতিক কথা কৈছে বাসৱ ৰয়ে। এই কথাষাৰতে নিহিত হৈ আছে অসমীয়া চলচিত্ৰৰ বিশ্বযাত্ৰাৰ বহু কথা। ৰীমাৰ চিনেমা নিৰ্মাণৰ ক্ষেত্ৰত থকা দক্ষতা আৰু প্ৰতিভা কি পৰ্যায়ৰ সেয়া উপলব্ধি কৰিবলৈ লেখকগৰাকীৰ এটা মাত্ৰ বাক্যই যথেষ্ট। তেওঁ কৈছে, 'চিনেমা কি, অভিনয়হীন অভিনয় কাক বোলে সেয়া বুজি পাবলৈ এই ছবিখনেই যথেষ্ট।' চিনেমাখন চোৱাৰ পিছত চিনেমা কি সেয়া জনা কোনো লোকে বাংলা লেখকগৰাকীৰ এই বাক্যশাৰীৰ সৈতে যে দ্বিমত হ'ব নোৱাৰে সেয়া নিশ্চিত।

ৰীমা দাসৰ ছবিখনে বাংলা চলচিত্ৰ ৰসিক তথা চলচিত্ৰ বিশ্লেষকসকলক কিদৰে বিস্মিত কৰি তুলিছে সেয়া বাসৱ ৰয়ৰ লেখাটোৰ পৰাই অনুধাৱন কৰিব পাৰি। সেয়ে লেখাটোত ভিলেজ ৰকষ্টাৰ্ছে সমগ্ৰ বিশ্বৰ চলচিত্ৰৰ ক্ষেত্ৰখনলৈকে পৰিৱৰ্তন আনিবলৈ সমৰ্থ হ'ব বুলিও আশা প্ৰকাশ কৰিবলৈ বাধ্য হৈ পৰিছে লেখকগৰাকী।

'ললিতকলাৰ ছয়টা বিভাগ সাহিত্য, ভাস্কর্য, স্থাপত্য, নৃত্য, নাটক, শিল্পকলা, প্ৰতিটোৰে আছে একোটাকৈ আত্মা। ইয়াক ইংৰাজীত মিউজ, বাংলাত সম্ভৱত কাব্যলক্ষ্মী বোলে। যিদৰে সাহিত্যৰ শব্দ, নাটকৰ অভিনয়, শিল্পকলাৰ ৰং, ঠিক তেনেকৈ চিনেমাৰো যে আত্মা আছে সেয়া অনুধাৱন কৰিবলৈ এই ছবিখন চোৱা দৰকাৰ।'- বব ডিলানক যিদৰে নোবেল নিদিয়াকৈ থকাতো সম্ভৱ নহ'ল, ঠিক তেনেকৈ অসমৰ ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ'ৰ হাতত হাত ধৰি এদিন ললিতকলাৰ মাজত চিনেমাও অন্তৰ্ভূক্ত হৈ পৰিব বুলিও গভীৰ আশাবাদী এইগৰাকী বাংলা চলচিত্ৰ ৰসিক।

ছফ্‌টৱেৰ কেৰাণীৰ নক্সা, স্মৃতিৰ সূচিত্ৰাকে আদি কৰি একাধিক জনপ্ৰিয় গ্ৰন্থৰ প্ৰণেতা বাসৱ ৰয়ৰ সুৰতে সুৰ মিলাই আমিও আশাবাদী যে এইবাৰ অস্কাৰত ভাৰতক নতুন ৰূপত উজলাই তুলিবলৈ সমৰ্থ হ'ব ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ'। প্ৰকৃতাৰ্থত ৰকষ্টাৰ হৈ পৰিব ছয়গাঁৱৰ গীটাৰ ভাল পোৱা ধুনু ….।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in