ৰাজস্থানৰ টোলগেটত বীয়েৰৰ বৰষুণ, বুৰ গ’ল এছইউভিঃ VIDEO

ৰাজস্থানৰ টোলগেটত বীয়েৰৰ বৰষুণ,  বুৰ গ’ল এছইউভিঃ VIDEO

ডিজিটেল ডেস্কঃ বৰষুণৰ টোপালত নহয়, বীয়েৰৰ টোপালত বুৰ গ'ল এখন বিলাসী এছইউভি। শুকুৰবাৰে নিশা ৰাজস্থানৰ জয়পুৰ-আজমীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা।

ৰাজপথত পিছফালৰ পৰা অহা বীয়েৰৰ ঢৌৱে সম্পূৰ্ণৰূপে তিয়াই পেলাই এছইউভিখন। বীয়েৰৰ ঢৌৱে এছইউভিৰ সমুখৰ গ্লাছখনো ঢাকি পেলায়।

কিন্তু কেনেকৈ? চিচিটিভিৰ ফুটেজত দেখা গৈছে যে এক্সপ্ৰেছ হাইৱেটোৰ কিষাণগড়ত থকা টোলগেটত আগে আগে এখন এছইউভি ধীৰ গতিৰে প্ৰৱেশ কৰিছে। এছইউভিখনৰ পিছে পিছে আহিছে এখন ট্ৰাক।

এই ট্ৰাকখনেই কঢ়িয়াই আনিছিল বীয়েৰ। অসাৱধানবশতঃ টোলগেটৰ বুথত খুন্দা মাৰে ট্ৰাকখনে। লগে লগে কাৰ্টনৰ ভিতৰত থকা বীয়েৰৰ বটলবোৰ ভাঙি চুৰ্চুমৈ হৈ পৰে আৰু তাৰ পৰা বানপানীৰ ঢৌৰ দৰেকৈ বীয়েৰ আহি এছইউভিখন তিয়াই পেলায়।

দুৰ্ঘটনাটোত টোলগেটৰ বুথৰ লগতে ট্ৰাকখনৰ সমুখভাগ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাত চালকজন গুৰুতৰভাৱে আহত হয়। অৱশ্যে কথমপি ৰক্ষা পৰে বীয়েৰৰ ঢৌৱে তিয়াই পেলোৱা এছইউভিখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in