ভাল খবৰ! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত হ’ব নীলপৱন বৰুৱাৰ শিল্প কৰ্মৰ সংগ্ৰহালয়

ভাল খবৰ! তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত হ’ব নীলপৱন বৰুৱাৰ শিল্প কৰ্মৰ সংগ্ৰহালয়

ডিজিটেল ডেস্কঃ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সংৰক্ষণ হ'ব বিশিষ্ট চলচ্চিত্ৰ শিল্পী নীলপৱন বৰুৱাৰ নিৰ্বাচিত শিল্প কৰ্ম। বিশ্ববিদ্যালয়খনে নিৰ্মাণ কৰিব চিত্ৰশিল্পীগৰাকীৰ নামত এটা সংগ্ৰহালয়। সেই সংগ্ৰহালয়ত থাকিব তেওঁ অংকণ কৰা ৫৬খন ছবি। মৰ্ডাণ আৰ্ট অৱ নীলপৱন বৰুৱা নামেৰে নামাকৰণ কৰা হ'ব এই সংগ্ৰহালয়।

১ অক্টোবৰ, ২০১৮ত এই সন্দৰ্ভত নীলপৱন বৰুৱা আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মাজত এখন গুৰুত্বপূৰ্ণ চুক্তি সম্পাদিত হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা পঞ্জীয়ক ড০ বীৰেণ দাস আৰু শিল্পীগৰাকীৰ মাজত তেওঁৰ বাসগৃহত এই চুক্তিত স্বাক্ষৰ কৰে দুয়ো পক্ষই। উল্লেখযোগ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ে শিল্পীগৰাকীৰ কিছু সংখ্যক শিল্প কৰ্ম সংৰক্ষণ আৰু স্থায়ী প্ৰদৰ্শনৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ পৰিপেক্ষিততে সোমবাৰে এই চুক্তি সম্পন্ন হয়।

লক্ষণীয় যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ সংস্কৃতি অধ্যয়ন বিভাগৰ অধীনত বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে (ইউ জি চি) বিশেষ ক্ষেত্ৰত উৎকৰ্ষৰ সম্ভাৱনাপূৰ্ণ কেন্দ্ৰৰ এক প্ৰকল্পৰ আধাৰত এই পদক্ষেপ হাতত লৈছে। এই প্ৰকল্পৰ মুখ্য সমন্বয়ক হ'ল সংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ড০ দেৱৰ্ষি প্ৰসাদ নাথ। সহকাৰী সমন্বয়কৰ দায়িত্বত আছে ড০ পৰশমণি দত্ত আৰু ড০ মৌচুমী কণ্ডলী।

শিল্পীগৰাকীৰ কনিষ্ঠ ভাতৃ ড০ সুনীল পৱন বৰুৱা আৰু শিল্পী ৰাতুল গগৈৰ উপস্থিতিত সোমবাৰে চুক্তি সম্পন্ন হোৱাৰ পাছতেই কেবাখনো শিল্পকৰ্ম বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ হাতত  হস্তান্তৰ কৰে শিল্পীগৰাকীয়ে। এই সংগ্ৰহিত শিল্প কৰ্মসমূহক কলা ইতিহাসগত পদ্ধতিৰে 'কিউৰেট' কৰি এক আধুনিক কলা সংগ্ৰহালয়ৰ ৰূপ দিব সাংস্কৃতিক অধ্যয়ন বিভাগত অধ্যাপনা কৰা কলা সমালোচক মৌচুমী কণ্ডলীয়ে।

এই পদক্ষেপত পূৰ্ণ সহযোগ আগবঢ়াইছে তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিনোদ কুমাৰ জৈন, সম-উপচাৰ্য অধ্যাপক দীলিপ কুমাৰ শইকীয়া আৰু মানবিকী আৰু সমাজ অধ্যয়ন বিভাগৰ ডীন অধ্যাপক প্ৰশান্ত কুমাৰ দাসে। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে শিল্পীগৰাকীৰ নিৰ্বাচিত শিল্পকৰ্মৰে এনে এক আধুনিক কলা সংগ্ৰহালয় নিৰ্মাণ কৰিবলৈ অহাৰ বাবে সন্তুষ্টি ব্যক্ত কৰিছে ৰাইজে।

এই পদক্ষেপৰ বাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক ধন্যবাদ জনাই শিল্পী নীলপৱন বৰুৱা তথা তেওঁৰ ভাতৃ ড০ সুনীল পৱন বৰুৱাই। এক জাতীয় দায়িত্ব পালন কৰিবলৈ এইদৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আগবাঢ়ি অহাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষকো প্ৰশংসা কৰিছে সুধী সমাজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in