এন আৰ চিত আসোঁৱাহঃ ১৬ আগষ্টত ন্যায়ালয়ে দিবলগীয়া নিৰ্দেশলৈ আশাৰে বাট চাইছে অসমৰ ৰাইজে

এন আৰ চিত আসোঁৱাহঃ ১৬ আগষ্টত ন্যায়ালয়ে দিবলগীয়া নিৰ্দেশলৈ আশাৰে বাট চাইছে অসমৰ ৰাইজে

ডিজিটেল ডেস্কঃ এন আৰ চি উন্নীতকৰণক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। অসমীয়াৰ অস্তিত্ব আৰু আৱেগক লৈ এন আৰ চি কৰ্তৃপক্ষ কিমান দায়িত্বশীল তাক লৈ সন্দেহ ৰৈ গৈছে। জাতি ৰক্ষাৰ এই প্ৰক্ৰিয়াত আসোৱাহ ৰৈ যোৱাৰ বাবেই এন আৰ চি প্ৰহসন হ'ব নেকি বুলি খিলঞ্জীয়াসকল চিন্তিত হৈছে।

আই এম ডি টি বাতিলৰ পাছত চৰকাৰী পক্ষ তথা ন্যায়পালিকাৰ পৰা অসমৰ বিদেশী অনুপ্ৰৱেশ সমস্যাক এক প্ৰধান সমস্যাৰূপে গণ্য কৰা হৈছিল। বিশেষকৈ অসম-বাংলাদেশ সীমান্তৱৰ্তী হাইলাকান্দি, ধুবুৰী, কৰিমগঞ্জ, শিলচৰ আদি জিলাসমূহত ব্যাপক হাৰত অবৈধ নাগৰিকে প্ৰৱেশ আৰু বসবাস কৰা তথ্য পোহৰলৈ আহিছিল।

তেনে জিলাসমূহত মাত্ৰ ৭-১১ শতাংশ লোকৰ নামহে এন আৰ চি অন্তৰ্ভুক্ত  নোহোৱাকৈ থাকি গ'ল। বিদেশী নাগৰিকৰ ৰম্যভূমি হোৱা সেই জিলাসমূহৰ প্ৰায় সংখ্যক লোকৰ নামেই এন আৰ চিত অন্তৰ্ভুক্ত হোৱাৰ পাছত প্ৰশ্ন উঠিছে তেওঁলোক সঁচাকৈয়ে ভাৰতীয় নাগৰিক আছিল নে? নতুবা সেই লোকসকলে ভুৱা তথ্য বা কোনো পক্ষৰ সহযোগত এন আৰ চিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল নেকি?

অথচ খিলঞ্জীয়া আৰু থলুৱালোকৰ বাসস্থানৰূপে পৰিচিত শোণিতপুৰ জিলাতেই তাতোকৈ বেছি সংখ্যক লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰি গ'ল। এনে অভিযোগো উত্থাপন হৈছে যে- মৰিগাঁৱত বিদেশী ন্যায়াধীকৰণে বিদেশী ঘোষণা কৰা লোককো এন আৰ চিৰ নথিপত্ৰ পৰীক্ষণৰ কাম নিযুক্তি দিয়া হৈছিল।

খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ নামত এনে ল'ৰা-ধেমালি কৰিলে কোনে? কৰিমগঞ্জ, হাইলাকান্দি আৰু ধুবুৰীত যোৱা ৩০ বছৰত ৫৪-৫৬ শতাংশ জনসংখ্যা বৃদ্ধি পোৱাৰ কথা ন্যায়ালয়তো উন্মোচিত হৈছিল। এই দ্ৰুতহাৰত জনসংখ্যাৰ বৃদ্ধিৰ কাৰণ নিশ্চয় অনুপ্ৰৱেশ আছিল।

এন আৰ চি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত এই জিলা কেইখনত কিন্তু বাদ পৰা লোকৰ সংখ্যাই এক বেলেগ ইংগিত বহন কৰে। স্বাভাৱিকতে প্ৰশ্ন হয়- যি হাৰত সেই জিলা কেইখনত জনসংখ্যা বৃদ্ধি হৈছিল, সেই লোকসকল এতিয়া ক'ত গ'ল? তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ'ল নাইবা বাংলাদেশলৈ তেওঁলোক ঘূৰি গ'ল নেকি?

৮৫৫জন ছহিদৰ ত্যাগৰ ফলত হোৱা এন আৰ চি খনেই অসমৰ ৰক্ষাকৱছ বুলি গণ্য কৰি আমি অসম আন্দোলনৰ সফলতাৰ কথা কৈ মিঠাইয়ো খালো। কিন্তু প্ৰকৃততে এই এন আৰ চি খিলঞ্জীয়াসকলক ৰক্ষণা-বেক্ষণ দিয়াৰ সলনি গলৰ ফাঁচি হৈ পৰিব নেকি?

এন আৰ চি নাম অন্তৰ্ভুক্তি হোৱাৰ আগতে তেনে বহু সন্দেহজনক লোকে নিজকে ভাৰতীয় নাগৰিক তথা অসমীয়া বুলি পৰিচয় দিবলৈ অসমীয়া ভাষাক সাৱতি ধৰি আছিল। নিজকে অসমীয়া ভাষী বুলি কৈছিল। কিন্তু এতিয়া ভাৰতীয় নাগৰিক ৰূপে স্বীকৃতি লাভ কৰাৰ পাছত তেওঁলোকে অসমীয়া ভাষী বুলি পৰিচয় দিব নিবিচৰা পৰিৱেশ এটা সৃষ্টি হ'ব নেকি? এয়া হ'ব লক্ষণীয়।

তেওঁলোকে পৃথক ৰাজ্যৰ দৰে দাবী কৰিলেও আচৰিত হ'বলগীয়া একো নাথাকিব। ভিতৰি অসমৰ খিলঞ্জীয়া লোকসকলৰ মনত এনে ক্ষোভৰ পঞ্জীভূত হৈছে। অনিশ্চিত ভৱিষ্যতৰ আশংকাত এনে পৰিপেক্ষিতত আন এক অসম আন্দোলন সদৃশ পৰিৱেশ সৃষ্টি হ'ব পাৰে। কিন্তু সেই পৰিস্থিতি পূৰ্বৰ অসম আন্দোলনতকৈ পৃথক আৰু ৰক্তাক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

বিদেশী নাগৰিকক চিনাক্ত আৰু বিতাড়নৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু পৰ্যবেক্ষণত যি এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া হ'ল তাত নাম অন্তৰ্ভুক্ত বিদেশী নাগৰিকৰ নাম কৰ্তনৰ বাবে এন আৰ চি কৰ্তৃপক্ষই নিজাকৈ উদ্যোগ নল'লে তেনে উদ্যোগ কোনো ব্যক্তি বিশেষে লোৱাৰ সম্ভাৱনা একেবাৰেই নাই।

কিয়নো এনে অভিযোগ উত্থাপন কৰোতা জনৰ অভিযোগ মিচা হ'লে অভিযোগ কৰোতাই জৰিমনা আৰু কাৰাদণ্ডত দণ্ডীত হ'ব। এন আৰ চি কৰ্তৃপক্ষই স্বীকাৰ কৰক বা নকৰক, এই সমগ্ৰ প্ৰক্ৰিয়াটোত যথেষ্ট বেমেজালি আৰু ভুল ৰৈ গৈছিল। কেৱল তেওঁলোকৰ এন আৰ চিখন উন্নীতকৰণৰ লক্ষ্যহে প্ৰধান হৈ পৰিছিল।

মহামান্য উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ দৰে এখন শুদ্ধ এন আৰ চি প্ৰস্তুতকৰণৰ দিশত তেওঁলোকৰ বহু অৱহেলা সদ্যহতে পোহৰলৈ আহিছে। এতিয়া সকলোবোৰ নিৰ্ভৰ কৰিছে মহামান্য আদালতৰ পৰৱৰ্তী নিৰ্দেশৰ ওপৰত। অহা ১৬ আগষ্টত উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ জাতীয় অস্তিত্ব আৰু ভৱিষ্যতক লৈ প্ৰস্তুত হ'বলগীয়া এন আৰ চিৰ ক্ষেত্ৰত কি নিৰ্দেশনা দিয়ে তালৈ সকলোৱে আশাৰে বাট চাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in