আৰু কিমান দিনলৈ এই মৃত্যুৰ খেল?

আৰু কিমান দিনলৈ এই মৃত্যুৰ খেল?

► মৃদুল কুমাৰ সন্দিকৈ

২১ ছেপ্টেম্বৰ, ২০১৮। পুৱাই কান্দোনৰ ৰোল উঠিল নগাঁৱৰ ৰূপহীহাটৰ দক্ষিণ খাটোৱালত। মাছ মাৰিবলৈ পুখুৰীত নামিছিল ১২জন লোক। প্ৰথমবাৰ মাছ মাৰি উঠি আহি পুনৰ মাছ মাৰিবলৈ নামোতেই ঘটি গ'ল অঘটন। ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী এডাল তাঁৰ পুখুৰীৰ পানীত পৰি আছিল। বিদ্যুৎ বিভাগৰ স্থানীয় লাইনমেনজনক ৰাইজে সেই তাঁৰ ছিগাৰ খবৰ দিছিল। বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিবলৈ অনুৰোধ জনাই লোককেইজনে পানীত মাছ ধৰিবলৈ নামিছিল।

এইখিনি লৈকে সকলো ঠিকেই আছিল যেন লাগে। কিন্তু তাৰপাছৰ ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰিলে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ আচলতে এটা নিষ্কৰ্মা আৰু কাণ্ডজ্ঞানহীন বিভাগ। গৰম দিনত পৰ্যাপ্ত বিদ্যুতৰ যোগান ধৰিব নোৱাৰা, মাতি থাকিলেও গা নলৰা এই বিভাগটোক এচাম বিষয়া-কৰ্মচাৰীয়ে মইমতালিৰে পৰিচালনা কৰি আহিছে। অতি স্পৰ্শকাতৰ আৰু প্ৰয়োজনীয় এনে এটা বিভাগৰ কাণ্ডজ্ঞান শূন্যতাই অভিলেখ ৰচিছে যদিও, ইয়াক সংস্কাৰ সাধিবলৈ আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা চকুত নপৰে।

গ্ৰাহকক অবিশ্বাস্যৰ বিদ্যুতৰ বিল দিয়া এই বিভাগটোৱে গ্ৰাহকৰ সমস্যা কিন্তু কোনোদিনেই সমাধান কৰিব নোৱাৰে। আনহে নালাগে, এমাহ বিদ্যুৎ বিল দিয়া পলম হ'লে লম্ফ-জম্ফ কৰি সাধাৰণ লোকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিবলৈ অহা বিষয়া-কৰ্মচাৰী সকলে লাখ লাখ টকা আনাদায় হৈ থকা বহু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ মাচুলৰ বিল সময়মতে সংগ্ৰহ কৰিব নোৱাৰে।

বিদ্যুৎ এতিয়া সকলোকে লাগে। বিদ্যুৎবিহীন জীৱন আমি কল্পনা কৰিব নোৱাৰো। কল-কাৰখানাৰ পৰা আৰম্ভ কৰি সাধাৰণ জীৱন-ধাৰণলৈকে বিদ্যুৎ নহ'লে একোৱেই নচলে। ২৪ ঘণ্টাই মানুহক বিদ্যুতৰ প্ৰয়োজন হয়। কল-কাৰখানাসমূহতো বিদ্যুতৰ ব্যৱহাৰ অপৰিহাৰ্য। তেনেস্থলত ইমান সুযোগ থকাৰ পাছতো শক্তি বিভাগক লৈ ৰাজ্যৰ কোনো এজন লোকেই সন্তুষ্ট বুলি ক'ব নোৱাৰি।

ৰূপহীহাটৰ কৰুণ ঘটনাত শুকুৰবাৰে ৭জনকৈ লোকে প্ৰাণ হেৰুৱালে। বিদ্যুৎস্পৃষ্ট হৈ মাছ মাৰিবলৈ নমা এই লোকসকলে বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ অৱহেলাৰ বলি হ'ল। বিশেষকৈ সেই অঞ্চলটোত বিদ্যুৎ বিভাগৰ দায়িত্বত থকা অভিযন্তা বা উচ্চপদস্থ বিষয়াসকলে ১১হাজাৰ ভল্টৰ এই তাঁৰডাল ছিগি পানীত পৰাৰ পাছতো খবৰ নিশ্চয় পাইছিল। ইমান এটা ডাঙৰ ঘটনা হয়তো তেওঁলোকে সাধাৰণভাৱে ল'লে । যাৰ পৰিণতিত ৭জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হ'ল।

ৰাজ্যৰ শক্তি বিভাগ এতিয়া এটা বগা হাতী। সদায় লোকচানতে চলি অহা  এই বিভাগটোক চিধা কৰিব নোৱাৰিলে পূৰ্বৰ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ, পল্লৱ লোচন দাস তথা বৰ্তমানৰ মন্ত্ৰী তপন গগৈয়েও। এনে এটা ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁলোকে যি তৎপৰতাৰ প্ৰদৰ্শন কৰে সেয়া পৰৱৰ্তী সময়ত পাহৰণিৰ গৰ্ভত হেৰাই যায়। মানুহৰ জীৱনক লৈ খেলা খেলা এই বিভাগটোৱে বিদ্যুৎ পৰিবাহী তাঁৰ বহু ঠাইলৈ বাঁহৰ আৰু কাঠৰ খুঁটাৰে সংযোগ কৰি বিদ্যুতৰ যোগান ধৰে। হয়তো এনে দৃশ্য দেশৰ আন কোনো প্ৰান্ততে দেখিবলৈ পোৱা নাযায়।

অসমত বিদ্যুৎস্পৃষ্টৰ ঘটনা আগৰ পৰাই ঘটি আহিছে। শেহতীয়াকৈ এই ঘটনা বৃদ্ধি পাইছে। ৰূপহীহাটৰ ঘটনাৰ পাছত হয়তো কিছুদিনলৈ এই বিভাগৰ কৰ্মচাৰী-বিষয়াৰ গাত হুচ থাকিব। তাৰপাছত তেওঁলোকে সেই পূৰ্বৰ দৰেই কাৰ্যালয়ত হাঁহি-মাতি সময় অতিবাহিত কৰিয়েই দায়িত্ব সম্পূৰ্ণ কৰিব। কোনো এক স্থানত বৈদ্যুতিক বিজুতি ঘটিলে খবৰ দিবলৈ ফোন কৰোতাজনে লাভ কৰা অভিজ্ঞতা কোনো লোকৰে সুখকৰ নহয়।

কেতিয়াবা যদি বাজি থকা টেলিফোনটো ধৰিবলৈ মানুহ নাথাকে, আন কেতিয়াবা আহিম বুলি কথা দিও ৪-৫ কিঃমিঃ বাট আহিবলৈ তেওঁলোকক কমেও আধা ঘণ্টা সময়ৰ প্ৰয়োজন হয়। অথচ এই সৰু বিজুতিৰ ফলত কিমান ডাঙৰ বিপদ হ'ব পাৰে সেয়া তেওঁলোকে ভালকৈ জানে। বিদ্যুতৰ খুঁটাত 'এয়া বিপদজনক' বুলি ছাইনবৰ্ড আঁৰিয়েই তেওঁলোকে দায়িত্ব শেষ হোৱা বুলি ভাৱে।

২০১৪-১৫ বৰ্ষত বিদ্যুৎস্পৃষ্ট হৈ ৰাজ্যত ৫২৯জন লোকৰ মৃত্যু ঘটিছিল। সেই বৰ্ষৰ বিদ্যুৎস্পৃষ্ট ঘটনাত মৃত্যু হোৱা জীৱ-জন্তুৰ সংখ্যা আছিল ৪৮৩। বিদ্যুৎস্পৃষ্ট  হৈ ২০১৫-১৬ বৰ্ষত ৪৪১জন আৰু ২০১৬-১৭বৰ্ষত ৪২৫জন লোকৰ মৃত্যু ঘটিছিল ৰাজ্যত। অৰ্থাৎ ৰাজ্যত প্ৰতিদিনেই এজনতকৈ অধিক লোকৰ গড়ে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে। সেইদৰে ২০১৫-১৬বৰ্ষত ৫৩১টা জীৱ-জন্তু, ২০১৬-১৭ বৰ্ষত ৪৪৮টা পশুধনৰ বিদ্যুৎস্পষ্ট হৈ মৃত্যু ঘটাৰ তথ্য চৰকাৰৰ হাতত আছে।

ইমান এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজিলৈকে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। ৰাজ্যখনত প্ৰতিবছৰে গড়ে ৪৩০জন লোকৰ মৃত্যু আৰু ৪৫০টা জীৱ-জন্তুৰ মৃত্যু হয় বুলি জনাৰ পাছতো অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে এনেবোৰ ঘটনা প্ৰতিৰোধৰ বাবে কি কৰিছে বুলি সুধিলে উত্তৰ দিবলৈ তেওঁলোকৰ ওচৰত কোনো উত্তৰ নাথাকে।

আনকি ৰূপহীহাটৰ বিদ্যুৎস্পৃষ্ট ঘটনাৰ পাছত এই ঘটনাৰ বাবে দুখ ব্যক্ত কৰি পৰিয়ালক সমবেদনা বা কেইটামান ধন ক্ষতিপূৰণৰ নামত দিয়াৰ বাদে কোনো বিশেষ পদক্ষেপ লোৱাৰ কথা ক'ব নোৱাৰিলে খোদ শক্তিমন্ত্ৰীগৰাকীয়ে।

যদি এই সমস্যাক পূৰ্বৰ শক্তি মন্ত্ৰী সকলৰ দৰেই বৰ্তমানৰ শক্তি মন্ত্ৰীজনে সাধাৰণ বুলিয়েই ভাবিছে, তেনেহ'লে তেওঁক কেইটমান ঘটনাৰ কথা মনত পেলাই দিব পাৰি। বিদ্যুৎস্পৃষ্ট ঘটনাত কেৱল মানুহৰেই মৃত্যু নহয়। ধাৰাবাহিকভাৱে এই বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ বাবেই বনৰীয়া হাতীয়েও প্ৰাণ হেৰুৱাইছে। ৫ ছেপ্টেম্বৰ, ২০১৮। প্ৰায় দুই সপ্তাহৰ আগৰ ঘটনা।

এজনী গাৰ্ভিনী হাতীৰ মৃত্যু হৈছিল বিদ্যুৎস্পৃষ্ট হৈ। বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছিল এই কাণ্ড। তাৰ পূৰ্বে ২০১৮চনৰ ২৭ ফেব্ৰুৱাৰীত ধনশিৰি চাহ বাগিছাত দুটাকৈ মখনাৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিছিল। উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এই হাতী দুটাৰ মৃত্যু হোৱাৰ কাৰণো আছিল বিদ্যুৎ বিভাগৰ হেমাহি। তাৰ পূৰ্বে ২০১৭চনৰ ২৮ নবেম্বৰত নগাঁৱৰ এখন ধাননী পথাৰত বিদ্যুৎস্পৃষ্ট হৈ আন এটা হাতীৰ মৃত্যু ঘটিছিল। সেই ধাৰাবাহিকতা আজিও অব্যাহত আছে।

২০১৭চনৰ ১৩ নবেম্বৰত শিৱসাগৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল বনৰীয়া হাতীৰ। ২০১৭চনৰ ১২ ডিচেম্বৰত চামগুৰিৰ গন্ধালী কছাৰী গাঁৱত ১১ কে ভিৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি দুটা হাতীৰ মৃত্যু হোৱা কথাও নিশ্চয় বিদ্যুৎ বিভাগক মনত পেলাই দিব নালাগে। ৯ ফুট ওখ হাতীটোৰ শুৰত লাগিছিল বিদ্যুৎ পৰিবাহী তাঁৰ। ইয়াৰ পৰাই অনুমান কৰিব পাৰি- কিমান তলত আছিল এই উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ। এইবোৰ বনৰীয়া হাতীৰ বিদ্যুৎ বিভাগৰ কৃপাত মৃত্যু হোৱা ঘটনা। এয়া কেইটামান উদাহৰণহে।

বিদ্যুৎস্পৃষ্ট হৈ ৰাজ্যত মানুহৰ কিমান মৃত্যু হৈছে সেই  তথ্য এই অকৰ্মণ্য বিভাগটোক সোঁৱৰাই দিব পাৰি। নিচেই কম দিনৰ ভিতৰতে সংঘটিত তেনে কিছু বিদ্যুৎস্পৃষ্ট ঘটনা আছিল এনে ধৰণৰ- ২১ ছেপ্টেম্বৰ, ২০১৮ৰ দিনটোতেই ৰাজ্যত নাহৰকটীয়া আৰু অভায়পুৰীত দুটাকৈ বিদ্যুৎস্পৃষ্ট ঘটনা সংঘটিত হ'ল। ইয়াৰ পূুৰ্বে ৬ আগষ্টত শিৱসাগৰৰ আমগুৰিত নীলোৎপল দত্ত নামৰ এজন শ্ৰমিকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছিল।

২০১৮ৰ ২৫ জুলাইত পাঠশালাৰ শান্তিপুৰত ছৰাজু চৌধুৰী নামৰ মহিলাগৰাকীৰ মৃত্যু কাৰণ আছিল বিদ্যুৎবিভাগ। ৭ জুলাই, ২০১৮ৰ পৰা ৯ জুলাই, ২০১৮লৈকে এই তিন দিনত ৫টা বিদ্যুৎস্পৃষ্ট ঘটনা সংঘটিত হৈছিল। লখিমপুৰত ধৰিত্ৰী ডেকা নামৰ এগৰাকী কলেজীয়া ছাত্ৰীয়ে এটা ইলেক্ট্ৰিক পোষ্টত চাইকেলখন থওঁতেই মৃত্যু ঘটিছিল বিদ্যুৎস্পৃষ্ট হৈয়ে। একেদৰে নগাঁৱত মৃত্যু হৈছিল মণ্টু বৰা নামৰ আন এজন লোকৰ। জাগীৰোডত দ্বিতীয় শ্ৰেণীৰ বিদ্যুৎ দাস নামৰ শিশুজনৰ প্ৰাণ লৈছিল বিদ্যুৎ বিভাগে।

নগাঁৱত ৰাজু সিং নামৰ লোকজনৰো মৃত্যু ঘটিছিল বিদ্যুৎস্পৃষ্ট হৈয়ে। একেদৰে নেত্ৰৰাজ বিশ্বাস নামৰ আন এজন ১২ বছৰীয়া পঞ্চম শ্ৰেণীত পঢ়া কিশোৰে প্ৰাণ হেৰুৱাইছিল বিদ্যুৎস্পৃষ্ট হৈ। তেতিয়াই এ পি ডি চি এলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে- বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতি আৰু পৰ্যবেক্ষণ নকৰাৰ ফলতেই এনেবোৰ কাণ্ড হৈছে।

সাধাৰণতে গ্ৰাম্য অঞ্চলত বিদ্যুৎস্পৃষ্টৰ ঘটনা অধিক হয় যদিও মহানগৰীত ২০১৭ চনৰ জুন মাহত বিদ্যুৎস্পৃষ্টৰ ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰিছিল। ৮ দিনত তিনিজনকৈ লোকৰ প্ৰাণ কাঢ়িছিল বিদ্যুৎ বিভাগে খোদ গুৱাহাটী মহানগৰীতেই।

২২জুন, ২০১৭ত এজাক বৰষুণত কৃত্ৰিম বানৰ সৃষ্টি হৈছিল গুৱাহাটীত। জু-ৰোডৰ সুগম পথত কৰ্তব্যলৈ আহোতেই বিদ্যুতৰ ছিগা তাঁৰত লাগি পানীৰ মাজেৰে আগবাঢ়ি যোৱা কে এফ চি কৰ্মী দুলাল মালাকাৰৰ মৃত্যু ঘটিছিল। ১৪জুন, ২০১৭ত চিৰিয়াখানাৰ সমীপত এজন স্কুলীয়া ছাত্ৰৰ মৃত্যু ঘটিছিল বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবেই।

২০১৭চনৰ ৪ এপ্ৰিলত বঙাইগাঁৱত বিদ্যালয়লৈ যোৱা তপন ৰাভা নামৰ ছাত্ৰজনৰ মৃত্যু হৈছিল হাই ভল্টেজ তাঁৰ ছিগি মাটিত পৰাৰ কাৰণে। ৩০ জুন, ২০১৮ত ডবকাত ভৱেশ পাৰাস নামৰ আন এজন মেধাৱী ছাত্ৰৰ প্ৰাণ কাঢ়িছিল বিদ্যুৎ বিভাগে। বোকাৰ বাবে বৰষুণৰ বতৰত কাষত থকা এখন ছাইনবৰ্ডত ধৰি ৰাস্তা পাৰ হ'বলৈ লওঁতেই ঘটিছিল এই কৰুণ ঘটনা।

বিদ্যুৎ বিভাগে যদি এই ঘটনাবোৰ পাহৰিছে তেন্তে এনে কিছু ঘটনা পুনৰ সুঁৱৰাই দিয়া হ'ল। এইদৰে প্ৰতিদিনেই মৃত্যুদূত হৈ পৰিছে বিদ্যুৎ বিভাগ। কিহৰ বাবে এই কাণ্ড বাৰে বাৰে সংঘটিত হয় তাৰ প্ৰকৃত অৱলোকন বিদ্যুৎ বিভাগে বা সংশ্লিষ্ট মন্ত্ৰীজনে আজিও কৰা নাই। শনি লগা এই বিভাগটোৰ সংস্কাৰৰ কথা কিন্তু এদিন কৈছিল মুখ্যমন্ত্ৰীয়ে।

২০১৮চনৰ ১৭ ফেব্ৰুৱাৰীত ৰাজ্যত বৃদ্ধি বিদ্যুৎস্পৃষ্ট ঘটনাৰ পাছত খোদ মুখ্যমন্ত্ৰীয়ে এখন জৰুৰী বৈঠক আহ্বান কৰিছিল। সেই বৈঠকত মুখ্যমন্ত্ৰীয়ে শক্তি বিভাগৰ এনে কৰ্মকাণ্ডৰ পৰ্যালোচনা কৰি তেতিয়াৰ শক্তি বিভাগৰ প্ৰধান সচিব জিষ্ণু বৰুৱাক পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিছিল। বাঁহৰ খুটাত থকা বিদ্যুতৰ তাঁৰ আঁতৰোৱা, সজাগতাৰ সভা পতা, জ্যেষ্ঠ বিষয়াসকলক বিষয়বোৰ চালিজাৰি চাবলৈ নিৰ্দেশ দিয়াকে ধৰি অনেক নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আনকি এই বিভাগটোত কাম কৰা বিষয়া-কৰ্মচাৰীক বঁটা দিয়া, গুৱাহাটীৰ বাবে বিশেষ এক্সন প্লেন, কৰ্মচাৰীৰ বাবে ইউনিফৰ্মৰ ব্যৱস্থাৰ কথা কৈছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু সেইবোৰ হ'ল নে নহ'ল ৰাইজে গম নাপালে। ৰাজ্যত একেদৰেই বিদ্যুৎ বিভাগৰ কৃপাত মানুহ, জীৱ-জন্তুৰ মৃত্যু ঘটিয়েই আছে।

বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট ঘটনা যে হয় তাক পুনৰ কোৱাৰ প্ৰয়োজন নাই। শেহতীয়া নগাঁৱৰ ৰূপহীহাটৰ ঘটনাৰ পাছতো যদি ৰাজ্যৰ শক্তি বিভাগৰ গা নলৰে তেন্তে এই বিভাগৰ নাম সলনি কৰি দিয়াই ভাল!

পূৰ্বতে এনে বিদ্যুৎস্পৃষ্ট ঘটনাত মানুহৰ মৃত্যু হ'লে ক্ষতিপূৰণ ৰূপে ২ লাখ টকা, গৰু-ম'হৰ মৃত্যু হ'লে ৬হাজাৰ টকা, ছাগলীৰ মৃত্যু হ'লে ১হাজাৰ টকা দিয়াৰ চৰকাৰী নিয়ম আছিল। ২০১৭চনৰ ৯ নবেম্বৰত এই এককালীন ক্ষতিপূৰণৰ পৰিমাণ ৫ লাখ টকা পৰ্যন্ত বৃদ্ধি কৰা হৈছিল। গুৰুতৰভাৱে আহত সকলক ১ লাখ টকা, সামান্য আহতসকলক ২০ হাজাৰ টকা দিয়াৰ লগতে শক্তি বিভাগে তেওঁলোকৰ চিকিৎসাৰ ব্যয় বহন কৰাৰ নিয়ম কৰা হয়।

কেৱল ক্ষতিপূৰণ দিয়েই বা এনে ঘটনা সংঘটিত হোৱাৰ পাছত উচ্চ পৰ্যায়ৰ তদন্ত কৰিলেই সকলো অন্ত পৰিব নেকি? ৰাজ্যৰ শক্তি বিভাগ বা এএছইবিয়ে আৰু কিমান দিনলৈ এনেদৰে সাধাৰণ লোকৰ জীৱনৰ সৈতে খেলা খেলিব? এইটো ঠিক যে বিদ্যুৎস্পৃষ্ট ঘটনাৰ প্ৰতিৰোধৰ বাবে সচেতনতাৰ প্ৰয়োজন হয়। সেই সচেতনতা গ্ৰাম্য অঞ্চলত কোনে আৰু কি দৰে সৃষ্টি কৰিব তাৰ কোনো কাৰ্যসূচী নাই শক্তি বিভাগৰ হাতত।

মানুহৰ কৰুণ মৃত্যুৰ পাছত ঘটনাস্থলীলৈ গৈ শোক ব্যক্ত কৰাতেই বা তদন্ত ঘোষণাতেই এই বিভাগটোৰ মন্ত্ৰী জনৰ দায়িত্ব শেষ হ'ব নোৱাৰে। বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত দক্ষতা বৃদ্ধিৰ লগতে গণসচেতনতা সৃষ্টিৰে আৰু তৎপৰভাৱে এই সমস্যা সমাধানৰ বাবে কেতিয়া শক্তি মন্ত্ৰীজনে দৃঢ় পদক্ষেপ ল'ব বুলি ৰাইজে প্ৰশ্ন কৰিছে।

প্ৰায়ে দেখা যায়- ৰাইৰ ৰোষৰ বলি হয় বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীসকল। ৰাইজৰ মনত তেওঁলোকৰ কৰ্ম-কাণ্ড দেখি ক্ষোভ পঞ্জীভূত হৈ আছে। সেই ক্ষোভ সুযোগ পালেই বাহিৰ হয়। বিদ্যুৎ কৰ্তন কৰিবলৈ বা বিদ্যুতৰ বিল সংগ্ৰহ কৰিবলৈ কেৱল বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক নিযুক্তি দিয়া হোৱা নাই।

বিদ্যুৎ পৰিবাহী তাঁৰসমূহ সময়ে সময়ে পৰ্যবেক্ষণ কৰি সেইবোৰ পুনৰ মেৰামতিৰ ব্যৱস্থা কৰিব লাগে এই বিভাগটোৱে। কিন্তু এইবোৰলৈ পিঠি দি একপ্ৰকাৰৰ ভৰিত ভৰি তুলি বহু বিষয়া-কৰ্মচাৰীয়ে কৰ্তব্য সম্পাদন কৰে। তেওঁলোকক চাবলৈ কিন্তু কোনো নাই। আনকি তাৎক্ষণিকভাৱে বিদ্যুতৰ কোনো সমস্যা হ'লে যোগাযোগ কৰিব পৰাকৈ আজিও সৰ্বসাধাৰণে ব্যৱহাৰ কৰিব পৰাকৈ এটা যোগাযোগৰ নম্বৰৰো অভাৱ এই বিভাগটোত।

যদি তেনে এক নম্বৰ থাকিল হৈ তেন্তে হাতে হাতে ম'বাইল থকা লোকসকলে  বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি পৰি থকা দেখিল সেই খবৰ তাৎক্ষণিকভাৱে বিভাগটোক অৱগত কৰিব পাৰিলে হয়। এতিয়া কেৱল স্থানীয় নম্বৰ আৰু বিদ্যুৎ বিভাগৰ চিনাকি বিষয়া-কৰ্মচাৰীক ফোন কৰিয়েই তেওঁলোকৰ অপেক্ষাত বোন্দাপৰ দিব লগা হয়।

এই বিভাগটোৰ সংস্কাৰৰ প্ৰয়োজন কেতিয়াবাই আছিল। কিন্তু সেয়া কিহৰ বাবে সম্ভৱ হোৱা নাই সেই কথাও ৰাইজে জানিব বিচাৰিব। ৰাইজৰ পঞ্জীভূত ক্ষোভ এদিন  এনেদৰে বিস্ফোৰণ হ'ব যে, এই বিভাগটোৰ প্ৰতিয়েই তীব্ৰ ভাবুকি আহিব। অথচ দৈনন্দিন জীৱনত অতি প্ৰয়োজনীয় বিভাগটোৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি পাব লাগিছিল।

যিসময়ত দিল্লীৰ চৰকাৰে ৰাইজৰ মাজলৈ সেৱা লৈ গৈছে। ঘৰতে সকলো সেৱা পাব পৰাকৈ বিভাগসমূহৰ আন্তঃগাঁথনি আৰু সংস্কাৰ সাধিছে। অসমত সেই আওপুৰণি নীতিৰেই চলি আছে বহু বিভাগ। তাৰমাজৰ এটা হ'ল এই শক্তি বিভাগ। এখন লড়ীসদৃশ গাড়ীত দুই-তিনিজন অভিজ্ঞ বা অনাভিজ্ঞ লোকক লৈ এডাল দীঘল হাকুটি আৰু দুখনমান দাৰেই চলি যায় এই বিভাগ।

এইবোৰ দৃশ্য এতিয়া মানুহৰ বাবে পৰিচিত দৃশ্য । যিজনেই এই বিভাগটোৰ দায়িত্ব লয় তেওঁ ৰাইজৰ পৰা গালি খোৱাৰ বাদে আন একো নাপায়। কিয়নো বিভাগটোক পৰিচালনা কৰিবলৈ, ৰাইজৰ সুবিধাৰ্থে সংস্কাৰ সাধিবলৈ কিহৰ  বাবে তেওঁলোক সক্ষম নহয় সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। পল্লৱ লোচন দাসে এই বিভাগটোৰ দায়িত্বত থাকোতে কোনো সংস্কাৰ সাধিব পৰা নাছিল বুলি সমালোচিত হৈছিল।

আজি একে সমালোচনাৰ সন্মুখীন হৈছে মন্ত্ৰী তপন গগৈ। ব্যৰ্থতাৰ বাবে এইগৰাকী মন্ত্ৰীয়েও বিভাগটোৰ কোনো সংস্কাৰ সাধিব পৰা নাই। মৃত্যু বিভাগত পৰিণত হোৱা এই বিভাগটোৰ কোনোবা দিনা সুমতি হ'বনে? সৰ্বসাধাৰণৰ প্ৰাণ কঢ়াৰ প্ৰতিযোগিতাত নমা বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ শুভবুদ্ধি উদয় হ'ব কেতিয়া?

ৰূপহীহাটৰ ঘটনাৰ পাছত শক্তি বিভাগে এনেবোৰ ঘটনা প্ৰতিৰোধৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ৰাজ্যত বিদ্যুৎ পৰিবাহী তাঁৰ ছিগি মানুহৰ প্ৰাণ লোৱাৰ বাবেই এই বিভাগটোৰ দায়িত্বত থকা অকৰ্মণ্য মন্ত্ৰীগৰাকীক ৰাইজে 'তাঁৰ ছিগা মন্ত্ৰী' বুলি উপহাস কৰিছিল।

কেনেকৈ এইবোৰ ঘটনা প্ৰতিৰোধ কৰিব পাৰি ইয়াৰ উপযুক্ত অধ্যয়ন, কাৰ্যপন্থা আৰু সজাগতাৰ বৃদ্ধিৰ বাবে শক্তি বিভাগে কেতিয়া পদক্ষেপ গ্ৰহণ কৰিব? নে ৰূপহীহাটতকৈ আৰু অধিক ভয়ানক ঘটনা ঘটিয়েই থাকিব এইখন ৰাজ্যত? সেই প্ৰশ্নৰ উত্তৰ এতিয়া কেৱল দিব পাৰিব মুখ্যমন্ত্ৰী আৰু এই বিভাগটোৰ দায়িত্বত থকা সংশ্লিষ্ট মন্ত্ৰীগৰাকীয়ে।

শক্তি বিভাগ বা এএছইবিয়ে বিদ্যুৎ পৰিবাহী খুঁটাত, ট্ৰেন্সফৰ্মাৰত প্ৰায়ে এখন ফলক আঁৰি থয়। য'ত লিখা থাকে 'বিপদজনক' বুলি। এই বিভাগটোৰ কৰ্মকাণ্ডই এতিয়া এনে পৰ্যায় পাইছে গৈ যে এএছইবি বা এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখতহে যেন এতিয়া আঁৰি দিব লগা হৈছে এনে এখন ফলক! য'ত লিখা থাকিব- 'সাৱধান! এইটো অতি বিপদজনক বিভাগ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in