আকৌ পৰাগ দাসক হত্যা নকৰিব..

মৃদুল কমাৰ সন্দিকৈ

দ্বিতীয় বাৰৰ বাবে পৰাগ দাসক হত্যা কৰাৰ চেষ্টা নকৰিব! মানুহৰ অধিকাৰ আৰু জাতীয় স্বাভিমানৰ হকে মাত মাতি আততায়ীৰ বন্দুকৰ গুলী বুকু পাতি লোৱা সাহসী সাংবাদিক, সম্পাদক পৰাগ কুমাৰ দাস আজিও এক সত্বা হৈ জীয়াই আছে।

বাৰে বাৰে কিয় পৰাগ কুমাৰ দাসক লক্ষ্য কৰি লোৱা হৈছে? কৌশলেৰে কোনোবা ৰাষ্ট্ৰ যন্ত্ৰই পৰাগ দাসৰ স্মৃতি চিৰদিনৰ বাবে মোহাৰি দিবলৈ কচৰৎ কৰিছে নেকি? যদি তেনে অভিপ্ৰায়েৰে কোনো চক্ৰই চিন্তা কৰিছে তেনেহ’লে হুচিয়াৰ।

পৰাগ কুমাৰ দাস কেৱল আৱেগ নহয়, এক সত্বাৰ মাজেৰে প্ৰতিবাদৰ স্ফুলিংগ হৈ মানুহৰ মনত আজিও সক্ৰিয় আৰু সজীৱ হৈ আছে। যদি কোনোবাই সেই সত্বাত হাত দিয়ে তেনেহ’লে তেনে স্ফুলিংগই ভয়াবহ ৰূপ ধাৰণ কৰিব।

কোনো কোৱা নাই এই সাহসী সাংবাদিকগৰাকীক বুকুত লৈ ফুৰিবলৈ। কিন্তু অসমৰ প্ৰান্তে প্ৰান্তে তেওঁৰ স্মৃতি আৰু জাতীয়তাবাদৰ ধ্বজ্জা উৰুৱাই বহুলোকে সগৌৰৱে স্মৰণ কৰে- পৰাগ দা নমেৰ, আৰু মৰিব দিয়া নহ’ব।

সেই আৱেগেৰে কোনোবাই খেলা কৰিব বিচাৰিলে সেইয়া শুভ নহ’ব। সাহসী সম্পাদক সাংবাদিক গৰাকীৰ হত্যাকাৰী সন্ধান ওলায়ো নুলাল। জানিও আজি মানুহে নাজানে কোনে হত্যা কৰিল তেওঁক। কণমানি পুত্ৰক বিদ্যালয়কৰ পৰা নিবলৈ আহোতে ১৯৯৬ চনৰ ১৭ মে’ৰ দিনৰ ২ বাজি ৪৪ মিনিটত নিৰ্ভিক, আপোচহীন সাংবাদিক পৰাগ কুমাৰ দাসক হত্যা কৰা হৈছিল।

বন্দুকেৰে যাৰ কলম স্তব্ধ কৰিব নোৱাৰিলে…

তেওঁ আগতেই কৈ থৈছিল কোনোবাই তেওঁক বন্দুক, বেয়নেট বা শাৰীৰিক অত্যাচাৰৰ ভয় দেখুৱাই কলম থমকাই ৰখাব নোৱাৰে। তেওঁৰ কলম কেতিয়াও কোনেও বন্ধ কৰিব নোৱাৰিলে। ৰাজগড়ৰ লিংক ৰোডত তেওঁৰ নিথৰ দেহ পৰি ৰ’ল।

কলম আৰু বন্দুকৰ যুঁজত পৰাগ দাস নামৰ সত্বাক হত্যা কৰাত সফল নহ’ল কূটাঘাটকাৰী। যি স্থানত পৰাগ কুমাৰ দাসক হত্যা কৰা হৈছিল সেই স্থানত নিৰ্মাণ কৰা হৈছিল এটা সমাধি। পথৰ নিচেই সমীপত সেই সমাধি। কায়িক ভাৱে নহলেও পৰাগ কুমাৰ দাসৰ অস্তিত্ব সকলোৱে তাতেই বিচাৰি পায়।

সেই সময়ত পৰাগ কুমাৰ দাসৰ হত্যাৰ বিৰুদ্ধে কেৱল অসমতেই নহয়, বিশ্বজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছিল। ৰাজ্য চৰকাৰে বুজি উঠিছিল পৰাগ কুমাৰ দাস সাধাৰণ জনতাৰ কিমান আপোন আছিল। জাতি আৰু খিলঞ্জীয়া লোকৰ স্ব-অধিকাৰ সাব্যস্ত যুঁজখনৰ তেওঁ আছিল জাতীয় প্ৰবক্তা।

উচ্চপদস্থ চাকৰি এৰি এই সংগ্ৰামী ধাৰাত মানৱতাৰ পক্ষত থাকি কলম চলাওতে তেওঁ এবাৰো নিজৰ কথা ভৱা নাছিল। পৰাগ কুমাৰ দাসক হত্যা কৰাৰ পাছত তেতিয়াৰ গড়কাপ্তানি বিভাগে এক নিৰ্দেশনা যোগে যি স্থানত পৰাগ কুমাৰ দাসক হত্যা কৰিছিল সেই স্থানত তেওঁৰ প্ৰতিমূৰ্তি আৰু এখন সৰু উদ্যান নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰি হত্যাকৰা স্থানৰ মাটি ইয়াৰ বাবে আৱণ্টন দিছিল।

অসমৰ ইতিহাসত এনে ঘটনা এয়েই প্ৰথম। কেৱল জনতাৰ ইচ্ছা আৰু আৱেগক নুই কৰিব নোৱাৰি চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। নিৰ্দেশনা নম্বৰ ৬০/৩৭/১৪ যোগে গড়কাপ্তানি বিভাগৰ কমিউনিকেচন শাখাৰ পৰা ২৪ জুলাই ১৯৯৭ত জাৰি কৰা নিৰ্দেশনাত গড়কাপ্তানি বিভাগৰ চিটি ৱৰ্ক, পথৰ মুখ্য অভিযন্তালৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছিল।

মুখ্য অভিযন্তাগৰাকীৰ চিঠি নম্বৰ CE/CW/9/96/57 তাং ১৭-০৬-৯৭ প্ৰত্যুত্তৰত এই অনুমতি প্ৰদান কৰাৰ কথা এই নিৰ্দেশনাত উল্লেখ আছিল। অতি বৰ্বৰভাৱে হত্যা কৰা পৰাগ কুমাৰ দাসৰ স্মৃতিতসেই স্থানত এখন সৰু উদ্যান আৰু তেওঁৰ স্মাৰক নিৰ্মাণ কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছিল।

পৰাগ কুমাৰ দাসক হত্যা কৰা স্থানত তেওঁৰ স্মৃতিত স্মাৰক আৰু উদ্যান নিৰ্মাণৰ বাবে চৰকাৰে দিয়া অনুমতি..

সেই অনুসৰি উক্ত স্থানত কিদৰে স্মাৰক আৰু উদ্যান নিৰ্মাণ কৰা হ’ব তাৰো এক ৰূপৰেখা প্ৰস্তুত কৰা হৈছিল। মহানগৰীৰ ৰাজগড় লিং ৰোডৰ উক্ত স্থানত ভাস্কৰ শিল্পী মৃণাল দাস আৰু সঞ্জীৱ হাটীমূৰীয়াই পৰাগ দাসৰ স্মৃতি সজীৱ কৰিবলৈ তেওঁৰ এক প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল।

সেই প্ৰতিমূৰ্তি উক্ত স্থানত আজিও আছে। এই সন্দৰ্ভত প্ৰস্তাৱিত উদ্যান আৰু তেওঁৰ স্মাৰক নিৰ্মাণৰ যি পৰিকল্পনা কৰা হৈছিল সেইয়া অৱশ্যে সম্পূৰ্ণ হৈ নুঠিল। কিন্তু পৰাগ কুমাৰ দাসৰ সেই প্ৰতিমূৰ্তিয়েই অসমৰ সংগ্ৰামী সত্বাক এক আৱেগ হৈ আজিও থিয় হৈ আছে।

পৰাগ কুমাৰ দাসৰ স্মৃতিত নিৰ্মাণ কৰিবলগীয়া স্মাৰক আৰু উদ্যানৰ আৰ্হি নক্সা..

সময় পাৰ হৈ গ’ল। প্ৰতি বছৰেই পৰাগ কুমাৰ দাসৰ জন্ম আৰু মৃত্যুত তেওঁৰ পৰিয়ালৰ লগতে সংগ্ৰামী সতীৰ্থ আৰু সংগ্ৰামী চেতনাৰে পুষ্ট লোকসকল তাত সমৱেত হয়।সেই স্মাৰকৰ তলতৰৈ ৰাষ্ট্ৰযন্ত্ৰৰ পৃষ্ঠপোষকতাত সাংবাদিকৰ কণ্ঠ ৰোধ কৰিবলৈ চেষ্টা কৰা অপশক্তিক সকিয়াই দিয়া হয়।

তাতেই যদি কোনোবাই পুনৰ আঘাট হনাৰ চেষ্টা কৰে তেনেহ’লে দ্বিতীয় বাৰৰ বাবে পৰাগ কুমাৰ দাসক হত্যা কৰাৰ দৰেই হ’ব। বাট-পথ বহল কৰাৰ নামত ৰাজগড় লিংক ৰোডত চলা বোলডজাৰে সেই স্মাৰকৰ ভেঁটি খহাই দিয়া হৈছে।

পৰাগ কুমাৰ দাসৰ স্মাৰকত হাত নিদিব…

সেই স্থানৰ পৰা পৰাগ দাসৰ প্ৰতিমূৰ্তি স্থানান্তৰ কৰিবলৈ সাহস নকৰিলেও লোকনিৰ্মাণ বিভাগে পথ নিৰ্মাণৰ নামত উক্ত স্থানত এনে এক অৱস্থাৰ সৃষ্টি কৰিছে যে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ নহ’লে সেই স্থানৰ পৰা মাটিত মিহলি কৰি দিয়া হ’ব পাৰে তেওঁৰ প্ৰতিমূৰ্তি।

কৌশলেৰে এই কাম কৰি গৈছে বিভাগটোৱে। হয়তো এদিন পৰাগ কুমাৰ দাসক হত্যা কৰা স্থানত পথ নিৰ্মাণ কৰি দায়িত্ব সামৰিব তেওঁলোকে। কিন্তু জানি থোৱা উচিত জাতীয় প্ৰশ্নত আপোচ নকৰা পৰাগ কুমাৰ দাসৰ নামত সেই ভূমি আৱণ্টন কৰি থোৱাৰ পাছত তাত যদি এনে নিৰ্মাণ হয় তেনেহ’লে ইয়াৰ ফলত সৃষ্টি হ’ব পৰা পৰিবেশৰ বাবে সেই সকল বিষয়া, কৰ্মচাৰী আৰু চৰকাৰ দায়ী হ’ব।

বিশেষ গুৰুত্বপূৰ্ণ নোহাৱৰ পাছতো উক্ত পথৰ নিৰ্বাচিত কিছু অংশ বহল কৰাৰ নামত পৰাগ দাসৰ প্ৰতিমূৰ্তিত হাত দিবলৈ কোনো পক্ষই এই চক্ৰান্ত কৰা নাইতো? পথৰ প্ৰায় অন্তিম অংশত ডিভাইডাৰেৰে দুটা ভাগত বিভক্ত কৰি পৰাগ দাসৰ প্ৰতিমূৰ্তি থকা অংশ এনেকৈ ঠেক কৰি পেলোৱা হৈছে যে, কাৰীকৰি ভাৱে ইয়াৰ বিকল্প নাই বুলি তেওঁলোকে যাতে যুক্তি দাঙি ধৰিব পাৰে।

এইয়া কাৰোবাৰ ষড়যন্ত্ৰ নেকি!

আনকি সেই বিভাগৰ উচ্চপদস্থ বিষয়াই এই স্মাৰক কি কৰা উচিত সেই সন্দৰ্ভত পৰামৰ্শ বিচাৰি পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিছে। সেই সকল বিষয়াই নিজৰ বিবেকক সোধা উচিত এই প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ নে পৰিয়ালৰ লোকৰ হাতত আছে?

উক্ত পথৰ ভঙাগড় সংযোগী পথত পথৰ কোনো বহলৰ ব্যৱস্থা কৰা হোৱা নাই। সমীপত থকা দোকান,পোহাৰ উচ্ছেদৰ ব্যৱস্থা কৰা হোৱা নাই। তেনেস্থলত পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তি কিদৰে সেই স্থানৰ পৰা আঁতৰ কৰাৰ কথা তেওঁলোকে চিন্তা কৰিব পাৰিছে?

ভঙাগড় সংযোগী ৰাজগড় লিংক ৰোডৰ ক্ষেত্ৰত কিয় বিপৰীত স্থিতি…

প্ৰয়োজন হ’লে পথৰ মাজত, পৰাগ কুমাৰ দাসক হত্যা কৰা স্থানত সেই স্মাৰক থিয় হৈ থাকিব লাগিব। কোনোবা পৃথক স্থানলৈ নি পৰাগ দাসক জীয়াই ৰাখিম বুলি ঘৰিয়ালৰ চকুপানী টুকি ৰাষ্ট্ৰযন্ত্ৰৰ পৃষ্ঠপোষকতাত তেওঁলোকে কৰাৰ কাম মূল্যহীন।

পৰাগ দাসৰ স্মাৰক সেই স্থানতেই থাকিব লাগিব। সুৰক্ষিত কৰি ৰাখিব লাগিব। পথ নিৰ্মাঁণ কৰি উক্ত স্থান এলাগী কৰি পেলালে জাতীয় ধ্যান-ধাৰণাৰে হাতত কলম তুলি লৈ নিৰ্ভীকবাৱ মানৱতাৰ জয়গান গোৱা এই সাহসী সাংবাদিকগৰাকীক আকৌ এবাৰ হত্যা কৰাৰ দৰেই হ’ব।

ইয়াৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। গতিকে যি সিদ্ধান্তই নলওক কিয়, পৰাদ দাসৰ আৱেগ অনুভূতিত আৰু তেওঁৰ সত্বাত যাতে আঘাট হনা নহয় ইয়াৰ প্ৰতি লোকনিৰ্মাণ বিভাগ আৰু চৰাকাৰে সতৰ্ক আৰু সুক্ষ্ম দৃষ্টি দিয়াটো একান্তই প্ৰয়োজন।