দিনৰ জনসভাত সংক্ৰমণ নহয়,নিশা হ’লেই হৈ পৰে ভয়াবহ…

দিনৰ জনসভাত সংক্ৰমণ নহয়,নিশা হ’লেই হৈ পৰে ভয়াবহ…

তুষাৰ প্ৰতিম

এয়া উৎসৱৰ বতৰ। খ্ৰীষ্টমাছৰ পিছতেই এতিয়া সৰ্বত্ৰে নতুন বছৰক আদৰাৰ প্ৰস্তুতি। নতুন বছৰৰ আদৰাৰ নামত এতিয়া সকলোতে ব্যস্ততা। ক'ৰবাত যদি দুপৰ নিশালৈকে পাৰ্টি আন ক'ৰবাত আকৌ নৈ পাৰত বা পাহাৰৰ দাঁতিত চলিছে নতুন বছৰক আদৰাৰ প্ৰস্তুতি। বছৰটোৰ শেষৰটো সপ্তাহ উপলক্ষে বহুজনে পৰিযাললটোৰ সৈতে, বন্ধু বৰ্গৰ সৈতে লগে-ভাগে এসাজ সুন্দৰকৈ খাবলৈ ওলাই গৈছে নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ।

বিগত দুটা বছৰ কোৰোনাৰ সংক্ৰমণৰ বাবে নতুন বছৰক আদৰিবলৈ বা নতুনক আদৰাৰ নামত জনসাধাৰণে ঘৰৰ পৰা বাহিৰলৈ যাব পৰা নাই। নিজ ঘৰতেই সকলোৱে অনুষ্টুপীয়াকৈ উদযাপন কৰিলে নতুন বছৰ। প্ৰশাসনৰ বাধা, কোৰোনাৰ প্ৰ'টকল পালন কৰি সকলো সোমাই আছিল নিজ ঘৰৰ ভিতৰতেই।

কিন্তু কোৰোনাৰ সংক্ৰমণ কমি অহাৰ বাবে পুনৰ এক স্বাভাৱিক জীৱন ঘূৰি আহিছিল। সকলোৱে আশা কৰিছিল ব্যতিক্ৰম হ'ব ২০২২। চলিত বছৰতেই শেষ হ'ব কোৰোনাৰ প্ৰকোপ। স্বাভাৱিক হ'ব সকলো। কোৰোনাৰ সংক্ৰমণ হ্ৰাস কৰিবলৈকে বিশ্বত কোভিড প্ৰতিশেধক প্ৰদানৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

ভাৰতত বৰ্তমানলৈকে ১.৪১ কোটি ভেকছিন প্ৰদান কৰা হৈছে। প্ৰায় ৬১ % প্ৰাপ্তবয়স্ক লোকক দুয়োটা পালি ভেকচিন প্ৰদান কৰা হৈছে। ৯০ % প্ৰাপ্তবয়স্কই ইতিমধ্যে প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছে। কিন্তু ইমানৰ পিছতো কোৰোনাৰ ভয়াবহতা কমা নাই। বিশেষকৈ কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনে দেশত এতিয়া আন এক জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে।

ধীৰে- ধীৰে, এজন-দুজনকৈ বাঢ়ি আহি দেশত আজি কোৰোনাৰ নতুন প্ৰকাৰ অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৫ শতাধিকৰ ঘৰ পাৰ কৰিলে। দক্ষিণ আফ্ৰিকাত প্ৰথমে দেখা দিয়া এই অমিক্ৰন প্ৰকাৰ সমগ্ৰ বিশ্বলৈ বয়পি পৰিছে। সোমবাৰৰ দিনটোত ভাৰতত মুঠ ৫৭৮ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হ'ল।

এনে এক পৰিস্থিতিত এতিয়া নতুন বছৰক আদৰাৰ যি প্ৰস্তুতি চলিছিল তাত প্ৰতিবন্ধকতা আহি পৰিছে। অমিক্ৰনৰ জটিলতাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে সকলোকে কোভিড প্ৰ'টকল মানি চলিবলৈ অনুৰোধ জনোৱাৰ লগতে বহু কেইখন ৰাজ্য চৰকাৰে জাৰি কৰিছে নিশাৰ ভাগত কাৰফিউ।

পিছে বহুকেইখন ৰাজ্যত নিশাৰ কাৰফিউ ঘোষণা কৰাৰ পিছতে নতুনকৈ এক বিতৰ্কৰ সূচনা হৈছে। বিশেষকৈ উত্তৰ প্ৰদেশৰ ৰাজনীতিক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই বিতৰ্ক। আনহে নালাগে বিজেপি শাসিত ৰাজ্যখনৰ বিজেপিৰ সাংসদেই নিশাৰ কাৰফিউ সমালোচনা কৰিছে।

বিজেপি সাংসদ বৰুণ গান্ধীয়ে এগৰাকী স্পষ্টবাদী নেতা হিচাপে বিগত সময়ত নিজকে প্ৰতিষ্ঠা কৰিছে। এই বিজেপি সাংসদজনে পূৰ্বেও চৰকাৰক বিভিন্ন সময়ত সমালোচনা কৰিছে। সোমবাৰে তেওঁ পুনৰ উত্তৰ প্ৰদেশত নিশাৰ কাৰফিউ জাৰি কৰাৰ প্ৰসংগত ৰাজ্য চৰকাৰক সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী আদিত্য নাথৰ লগতে প্ৰধানমন্ত্ৰী মোডীকো সমালোচনাৰ লক্ষ্য কৰি লৈছে।

এই প্ৰসংগত বৰুণে টুইটাৰত লিখিছে, নিশা কাৰফিউ জাৰি কৰি দিনত ৰেলীৰ বাবে লাখা লাখ লোকক মাতি অনাটো সাধাৰণ ৰাইজৰ বাবে বোধগম্যতাৰ বাহিৰত।উত্তৰ প্ৰদেশৰ সীমিত স্বাস্থ্য ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি, আমি সততাৰে সিদ্ধান্ত ল'ব লাগিব যে আমাৰ অগ্ৰাধিকাৰ হৈছে দ্ৰুত সংক্ৰমিত অমিক্ৰনৰ বিস্তাৰ প্ৰতিহত কৰা, নিৰ্বাচনী শক্তি প্ৰদৰ্শন নকৰা।

দৰাচলতে উত্তৰ প্ৰদেশত ২০২২ চনৰ প্ৰথম ভাগত ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। এই নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী সকলো ব্যস্ত হৈ পৰিছে। শাসনাধিস্থ বিজেপি দলটোৱে ইতিমধ্যে বহু বৃহৎ জনসভা অনুষ্ঠিত কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যখনৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উন্নয়নৰ টোপোলা লৈ প্ৰতি সপ্তাহে ৰাজ্যখন ভ্ৰমণ কৰিছে।

উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বৃহৎ জনসভা। এই সভাত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কেৱল বিজেপি বুলিয়েই নহয় অন্যান্য দলবোৰেও ৰাজ্যখনত অনুষ্ঠিত কৰিছে জনসভা।

নকলেও হয় যে এই সভা বোৰত পালন কৰা নহয় কোনোধৰণৰ কোভিড প্ৰ'টকল। জনসাধাৰণে পৰিধান নকৰে মাস্ক, মানি নচলে সামাজিক দূৰত্ব। যিসময়ত দেশত অমিক্ৰনৰ সংক্ৰমণ বৃদ্ধিক কেন্দ্ৰ কৰি জটিল পৰিস্থিতিৰ সূচনা হোৱাৰ আশংকা কৰা হৈছে তেনে ক্ষেত্ৰত এই জনসভা বোৰ অনুষ্ঠিত কৰি চৰকাৰে অমিক্ৰনক লৈ যিবোৰ কথা কৈ আহিছে সেই সকলোবোৰ স্ববিৰোধী হিচাপে পৰিগণিত হৈছে। সেয়েহে সাংসদ বৰুণ গান্ধীয়ে প্ৰধানমন্ত্ৰী মোডী, মুখ্যমন্ত্ৰী আদিত্যনাথক সমালোচনা কৰিছে।

ইফালে বাঢ়ি অহা কোৰোনাৰ লগতে অমিক্ৰনৰ সংক্ৰমণৰ বাবে উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন দুমাহ পিছুৱাই দিয়াৰ বাবে এলহাবাদ উচ্চতম ন্যায়ালয়ে বিবেচনা কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশনা দিছে। ইয়ৰ পিছতে আদিত্যনাথ চৰকাৰে ঘোষণা কৰা নৈশ কাৰফিউ আৰু দিনৰ ভাগত অনুষ্ঠিত হৈ থকা জনসভা বোৰক কেন্দ্ৰ কৰি গোটেই বোৰেই বিতৰ্কৰ মাজলৈ সোমাই আহিছে।

নিৰ্বাচন আয়োগেও উত্তৰ প্ৰদেশ ভ্ৰমণ কৰি সমগ্ৰ কোভিড পৰিস্থিতি নিজেই পৰ্যবেক্ষণ কৰি সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ে অৱগত কৰিছে। আয়োগে সময়মতেই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুত আছি বুলি উল্লেখ কৰিছে। কিন্তু কোভিড পৰিস্থিতি জটিল হ'লে নিৰ্বাচন পিছুৱাই দিয়াৰো সম্ভাৱনাই দেখা দিছে।

এই খিনিতেই অমিক্ৰনৰ সংক্ৰমণ, নৈশ কাৰফিউৰ প্ৰসংগক লৈ বিতৰ্ক হৈছে। বহুতেই ক'ব বিচাৰে যিগৰাকী প্ৰধানমন্ত্ৰীয়ে দিনত বৃহৎ জনসভা অনুষ্ঠিত কৰে, সেইগৰাকী প্ৰধানমন্ত্ৰীয়ে নিশা কোভিড প্ৰ'টকল মানি চলাৰ কথা কয়। আন একাংশৰ মতে নিশা কাৰফিউ জাৰি কৰি অমিক্ৰন ৰোধ কৰাৰ চেষ্টা কৰা চৰকাৰে দিনত নিৰ্বাচনৰ বাবে প্ৰচাৰ সভা পাতে।

আচলতে উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথৰ চৰকাৰৰ জনপ্ৰিয়তা পূৰ্বৰ দৰে এতিয়া আৰু নাই। ৰাজ্যখনত নিৰ্বাচন আজিৰ তাৰিখত অনুষ্ঠিত হ'লে বিজেপি বিপদত পৰাটো নিশ্চিত। সেয়েহে বহুজনে এতিয়া মুকলিকৈয়ে এই বিষয়টো টানি আনি নিৰ্বাচন পিছুৱাই দিবৰ বাবেই নিশাৰ কাৰফিউ জাৰি কৰি লাহে লাহে লকডাউনৰ দৰে এক পৰিস্থিতি তৈয়াৰ কৰিবলৈ চৰকাৰে চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।

কৃষি আইন বিৰোধিতাৰে কৃষকসকলে যি সংগ্ৰাম কৰিছিল তাৰ প্ৰভাৱ উত্তৰ প্ৰদেশতো পৰিছিল। উত্তৰ প্ৰদেশৰ বিজেপি নেতাই কৃষকৰ ওপৰত চলাইছিল প্ৰাণঘাতি আক্ৰমণ। ৰাজ্যখনৰ কৃষকসকল বিজেপিৰ প্ৰতি নাৰাজ। কেৱল উত্তৰ প্ৰদেশেই নহয় আগন্তুক বছৰত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আন আন ৰাজ্যবোৰতো বিজেপি ইমান এটা শক্তিশালী নহয়।

এনে এক পৰিস্থিতিত পুনৰ কোভিডৰ ভয়াবহতাৰ বাবে নৈশ কাৰফিউ জাৰি কৰি লাহে লহাে এক লকডাউন সদৃশ পৰিস্থিতি সৃষ্টি কৰিবলৈ চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি অভিযোগ উঠিছে। এই অভিযোগৰ বাবে আচলতে চৰকাৰেই জগৰীয়া। কিয়নো দিনৰ ভাগত হাজাৰ হাজাৰ মানুহৰ সমাগমৰে সভা অনুষ্ঠিত কৰি নিশা কোভিড প্ৰ'টকলৰ কথা কোৱা আৰু কাৰফিউ জাৰি কৰা ঘটনাই সমালোচনাৰ বাট মুকলি কৰিছে।

কিন্তু এই কথা স্পষ্ট যে দেশত কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰণত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। ৰাজনৈতিক কথা, বতৰাত বিতৰ্ক থাকিবই। ৰাজনৈতিক নেতাই বিতৰ্কৰ সূচনা কৰিবই। তেওঁলোকে ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰিবলৈ যি কোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। কিন্তু সাধাৰণ ৰাইজে নিজৰ কথা নিজেই ভাবিব লাগিব।

অমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে সৰ্ব সাধাৰণ ৰাইজ সচেতন হৱাটো জৰুৰী। যদিও অমিক্ৰনে মৃত্যু মাতি আনে বুলি এতিয়াও স্পষ্ট কোনো প্ৰমাণ নাই তথাপিও ই যে অধিক সংক্ৰমাক তাৰ প্ৰমাণ পোৱা গৈছে। সংক্ৰমণ হ্ৰাস কৰিবলৈকে সাৱধান হোৱা উচিত।

দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসম চৰকাৰেও যি এছ অ' পি জাৰি কৰিছে তাক পালন কৰাটো জৰুৰী। বৰ্তমানলৈকে অসমত এজনো অমিক্ৰনত আক্ৰান্ত হোৱা নাই যদিও চুবুৰীয়া ৰাজ্যত প্ৰথমটো অমিক্ৰন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে। গতিকে সাৱধান হোৱা উচিত।

অৱশ্যে অসমৰ স্বাস্থ্য বিভাগে জাৰি কৰা এছ অ' পিক কেন্দ্ৰ কৰিও বিতৰ্কৰ সৃষ্টি হৈছে। স্বাস্থ্য বিভাগে জাৰি কৰা এছ অ' পি অনুসৰি নিশাৰ ১০-৩০ বজাত সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব। নিশাৰ১১ বজাৰ পৰা পুৱা ৬ বজালৈ জাৰি কৰা হৈছে নৈশ কাৰফিউ। কিন্তু ৩১ ডিচেম্বৰত এই নৈশ কাৰফিউ প্ৰত্যাহাৰ কৰা হৈছে।

সয়েহে অসমতো এই নৈশ কাৰফিউক লৈ বিতৰ্কৰ সূচনা হৈছে। বহুতেই কৈছে ৩১ ডিচেম্বৰত অমিক্ৰন বা কোভিড সংক্ৰমণ নঘটিব নেকি? ৩১ ডিচেম্বৰত কোৰোনা বা অমিক্ৰন সংক্ৰমণ হয় নে নহয় সেই কথা আগতিয়াকৈ ক'বলৈ নোৱাৰিলেও এটা কথা ক'ব পাৰি যে সাৱধান হৈ থকাসকলৰ বাবে বিপদ সহজতে নাহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in