আৰু এনে বৰ্বৰতাৰ বলি হ’বলৈ, নালাগে উভতি আহিব নন্দিতা তুমি…

আৰু এনে বৰ্বৰতাৰ বলি হ’বলৈ, নালাগে উভতি আহিব নন্দিতা তুমি…

মৃদুল কুমাৰ সন্দিকৈ

নন্দিতা! যোৱাৰ সময় হোৱা নাছিল তেওঁৰ। ঘাটকৰ চোকা অস্ত্ৰই তেওঁৰ সপোন চাৰখাৰ কৰি পেলালে। চাৰিকড়ীয়াৰ পাৰত নন্দিতাৰ চিতাৰ জ্বলি থাকোতে বাৰে বাৰে মনলৈ আহিছিল কি ভুল আছিল এই ছোৱালীজনীৰ! প্ৰেমৰ বাবেই যদি ইমান বৰ্বৰ আক্ৰমণ কৰিছিল তেনে সেই প্ৰেমৰ মূল্যই কি?

নন্দিতা শইকীয়াৰ মৃত্যুৰ ঘটনা আনসকলৰ বাবেও চিন্তনীয়। ধেমাজীৰ মৰিধল কলেজত অধ্যয়ন কৰা নন্দিতাক দিনদুপৰতে ৰণ্টু শৰ্মা নামৰ ঘাটকজনে দাৰে আঘাত কৰিছিল। নন্দিতাৰ লগতে এই আক্ৰমণত আহত হৈছিল কাশ্মিনা দত্ত আৰু তেওঁৰ পিতৃ দেৱ দত্ত।

ঘাটকে এবাৰ দবাৰ নহয়, ছবাৰতকৈ অধিক অধিক আঘাট হানিছিল নন্দিতাক। নন্দিতাৰ প্ৰাণহীন দেহটো চিকিৎসালয়ৰ পৰা ঘৰলৈ অনাৰ সময়ত দুখত ভাঙি পৰিছিল প্ৰতিজন লোক। এই শোক কোনোদিনেই পাহৰিব নন্দিতাৰ পিতৃ,মাতৃয়ে। নন্দিতাৰ পিতৃ নবীন শইকীয়াই এখন সৰু ঘুমটি দোকান দি নন্দিতাক পঢ়িবলৈ পঠাইছিল।

কিমান সপোন আছিল নন্দিতাৰ পিতৃ, মাতৃৰ চকুত, মনত! ভাবিছিল নন্দিতা সুস্থ হৈ ঘূৰি আহিব। হাঁহি- মাতি কথা পতা নন্দিতাৰ চিনাকী মুখখনে আমনি কৰিছে বহুতকে। প্ৰেমৰ নামত সেই বৰ্বৰতা কেনেকৈ সহ্য কৰে?

কি যুক্তিত এই কথা মানি ল'ব পাৰি যে, ঘটকৰূপী এই যুৱকজন সচা অৰ্থত প্ৰেমৰ যোগ্য। সু পৰিকল্পিতভাৱে নন্দিতাকে নহয়, নন্দিতাৰ পিতৃ, মাতৃকো তেওঁ হ্ত্যা কৰিলে। এই জঘণ্য আক্ৰমণৰ এই খলনায়কক কিয় আৰক্ষীয়ে কঠোৰ শাস্তি বিহা নাই?

এই অপৰাধটো কম ডাঙৰ অপৰাধ নহয়! ঢকুৱাখনাৰ এখন সাস্কৃতিক আৰু সামাজিক দিশত আগবঢ়া ঠাই জালভাৰী। সেই জালভাৰীতেই আছিল নন্দিতাহঁতৰ ককাৰ ঘৰ। তাৰ পৰা তেওঁলোক উঠি আহিছিল কাঠবাৰীলৈ।

হিন্দীত মেজৰ লৈ পঢ়িবৰ বাবে নন্দিতা গৈছিল মৰিধল কলেজলৈ। ছোৱালীজনীক পঢ়াবলৈকে পিতৃৰ সৰু দোকানখনেৰে সম্ভৱ নোহোৱাৰ বাবে মাতৃয়ে কাপোৰ বৈ বিক্ৰী কৰি দেউতাকক সহযোগ কৰিছিল। নন্দিতাহঁতৰ পৰিয়ালটোত অভাৱ থাকিলেও সুখ আছিল। নন্দিতাৰ সেই ধুনীয়া মুখখনেই তাৰ প্ৰমাণ।

নন্দিতাৰ ককাকৰ নাম আছিল ৰমা মিস্ত্ৰী। ১৯৩৬ চনত স্থাপন কৰা ঢকুৱাখনাৰ হাইস্কুলৰ দীঘল ঘৰটো হেনো নন্দিতাৰ আজো ককাকেই বনোৱা। অঞ্চলটোত নাম আছিল ৰমা মিস্ত্ৰীৰ।এই বিদ্যালয়ৰ পৰাই ঢকুৱাখনাত সহস্ৰ লোকে জ্ঞানৰ পোহৰ পাইছিল।

নন্দিতাৰ প্ৰসংগত এতিয়া পুৰণি এই কথাবোৰো চৰ্চালৈ আহিছে। বৃটিছে নিৰ্মাণ কৰা ঘৰ এটা হেনা বনাই থাকোতেই ভুল হৈ গৈছিল। কোনো পধ্যেই বৃটিছ অভিযন্তাই সেই ঘৰটো মিলাব পৰা নাছিল। তেতিয়া বৃটিছৰ অভিযন্তাই ঢকুৱাখনাৰ পৰা ৰমা মিস্ত্ৰীক মাতি নি ঘৰটোৰ ভুল শুধৰাইছিল।

তেনে এটা পৰিয়ালৰ আজো নাতি নন্দিতা। পৰিয়ালৰ লোকে জ্যেষ্ঠ সাংবাদিক শৈলেণ বৰুৱাক এই বিষয়ে জনাইছিল। নন্দিতাৰ মৃত্যুৰ খবৰ কাৰোৰেই কাম্য নাছিল। চিকিৎসকেও বহু চেষ্টা কৰিছিল নন্দিতাক সুস্থ কৰি তুলিবলৈ। শেষ আশা ৰাখিছিল পিতৃয়ে। চিকিৎসকৰ ওপৰত আস্থা ৰাখি কেৱল ভগৱানক খাটিছিল।

প্ৰেমৰ মহত্বই লাঘৱ কৰিলে এই ঘাটকে। প্ৰেমত এনে বৰ্বৰতাৰ স্থান ক'ত? প্ৰেম বঞ্চিত হৈ পোতক তোলা সেই জঘণ্য ঘাটকৰ প্ৰেমিক হোৱাৰ যোগ্যতাই নাছিল। ৰাৱণো ইমান বৰ্বৰ নাছিল সীতাৰ ক্ষেত্ৰত। প্ৰেমত বিৰহ থাকিব পাৰে।প্ৰেমত প্ৰতাৰণা থাকিব পাৰে। কিন্তু সেই বিৰহ আৰু প্ৰতাৰণাৰ উত্তৰ প্ৰেমিকে এই জঘণ্য ৰূপত দিয়াৰ উদাহৰণ নাই।

ৰাইজে এতিয়া দাবী তুলিছে এই হত্যাকাৰীৰ ফাচী দিব লাগে। কিমান অচিন লোকে নন্দিতাৰ বাবে উচুপিছে কোনে জানে? যদি সচাই প্ৰেম আছিল, কেনেদৰে নন্দিতাৰ গাত চোকা দাৰে ঘপিয়াব পাৰিছিল ঘাটকটোৱে?

বহুতে বহু কথা কৈছে। নন্দিতা আজি নাই। ঘটনাক্ৰমৰ ব্যাখ্যাৰ প্ৰয়োজন এতিয়া নোহোৱা হ'ল। দিন দুপৰতে নন্দিতাক ঘপিয়াই থাকোতে দেখি থকা মানুহবোৰে তেওঁক ৰক্ষা কৰিবলৈ আহিছিল নে কোনোবা? কেৱল বান্ধৱীৰ পিতৃয়ে গাত দাৰ ঘাপলৈয়ো শিল বা ইটাৰ টুকুৰাৰে তেওঁক প্ৰত্যাক্ৰমণৰ চেষ্টা কৰিছিল।

কিজানি কোনোবা আগবাঢ়ি অহা হ'লে নন্দিতা জীয়াই থাকিলেই হেঁতেন! প্ৰেমৰ নামত এক কলংকৰ অধ্যায় ৰচিলে এই ঘাটকে। এতিয়া আমি আৱেগত তিতিছো। এনে ঘাটকৰ পক্ষতো কোনোবাই থিয় হোৱা বুলি চৰ্চা চলিছে।

শূন্য হৈ পৰা নন্দিতাৰ ঘৰখন কোনেও পূৰাব নোৱাৰে। প্ৰেমৰ মানত লিখা হোৱা এই বৰ্বৰতা কোনেও মচিব নোৱাৰে।এদিন নন্দিতাৰ এই কাহিনী মানুহৰ মনৰ পৰা মচখাই যাব। দুখৰ আৰু শোকৰ ধুমুহাই পিতৃ, মাতৃক আমনি কৰি থাকিব।

এই ঘটনাবোৰ এতিয়া ভয়ানকৰ পৰা ভয়ানক হৈ পৰিছে। কাৰোবাৰ এই অধিকাৰো নাই যে, কোনোবাৰ প্ৰস্তাব অগ্ৰাহ্য কৰা। ইচ্ছাৰ বিৰুদ্ধে গলেই এনে আক্ৰমণ সংঘটিত কৰাসকলক কেনেকৈ মানুহ বুলি আখ্যা দিব পাৰি? নন্দিতাৰ সৈতে হোৱা এই অন্যায়ৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিবাদ হৈছে।

ৰাজ্য চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব আৰক্ষী বিশেষ সঞ্চালক জি পি সিঙক দিছে। সমগ্ৰ ধটনাৰ তদন্ত ফাষ্ট ট্ৰেক কৰ্টত হ'ব বুলি সদৰি কৰিছে।মানুহৰ বৰ্বৰতাৰ বলি হৈ গুচি যোৱা নন্দিতাই মানুহকেই যেন কৈগ'ল আমি মানুহ বুলি দাবী কৰিলেও বহু মানুহ, মানুহ হ'ব পৰা নাই।

ঢকুৱাখনাৰ সেই উচুপনি নন্দিতাই শুনিছে। নিজ কন্যাক অধ্যয়নৰ বাবে পঠিওৱা পিতৃ, মাতৃৰ বুকুত নন্দিতাৰ সৈতে হোৱা এই ঘটনাই কঁপনি তুলিছে। এবাৰলৈ হ'লেওঁ ভাবিছে যদি নন্দিতাৰ দৰে আন কাৰোবাৰ ক্ষেত্ৰত এনে হয়… !

এই সময় বৰ নিষ্ঠুৰ হৈ পৰিছে। সভ্য হ'বলৈ শিকা এচাম মানুহেই অসভ্যতকৈও অসভ্য হৈ গৈছে। প্ৰেমক বদনামী কৰা হ'ল। প্ৰেম কেতিয়াও ইমান নিষ্ঠুৰ নহয়। নন্দিতাৰ আশা ভৰা সেই চকুযুৰিত উজলি উঠা সপোনৰ ডেউকা ভাগি পৰিল। কি ভুল আছিল নন্দিতাৰ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in