অসম

বৰঝাৰ পালেহি আদানি! ভাৰতৰত্নৰ নাম মচি নিজৰ নামত বিমান বন্দৰ…

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

আদানি নে, আম্বানি নে, গোপীনাথ বৰদলৈ আমাৰ বাবে গুৰুত্বপূৰ্ণ? আধুনিক অসমৰ ৰূপকাৰ গোপীনাথ বৰদলৈক কিয় কৰা হ'ল ইমান অপমান? অসমৰে নহয়, ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজনীতিবিদ গৰাকীক এনদৰে অসমতে অপমান কৰা কাৰ্য কেনেদৰে সহ্য কৰিব অসম বাসীয়ে! ইমান দিনে চৰ্চা হৈ আছিল দেশৰ কেইবাটাও বিমানবন্দৰৰ লগতে গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো মোডীৰ চৰকাৰে আদানি গ্ৰুপক প্ৰদান কৰিছিল।

ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ নামত থকা এই বিমান বন্দৰটো স্থাপন কৰা হৈছিল ১৯৫৮ চনত। তেতিয়াৰ পৰাই প্ৰায় ৬০ হাজৰৰো অধিক বিমান উঠা-নমা কৰিছে এই বিমান বন্দৰত। ভাৰতীয় বায়ু সেনা বাহিনীৰ বেছ হিচাপে ব্যৱহাৰ কৰা আৰু ভাৰতীয় বিমান প্ৰাধিকৰণে পৰিচালনা কৰা এই বিমান বন্দৰটোৰ পৰা বিমানেৰে অহা-যোৱা কৰা যাত্ৰীৰ সংখ্যা কম নহয়।

২০০২ চনত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমান গুৱাহাটীৰ বৰঝাৰৰ পৰা উৰা মাৰিছিল বেংককলৈ। এই বিমান বন্দৰটোৰ সৈতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেখন ৰাজ্যৰ সম্পৰ্ক আছে। নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ বিমান বন্দৰটোত ব্যক্তিগত খণ্ডৰ হাতত মোডীৰ চৰকাৰে গটাই দিছিল ২০১৯ চনত। ৫০ বছৰৰ বাবে লীজত দিয়া হৈছিল গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

বিমানবন্দৰসমূহ লোকচানত চলাৰ কথা কৈ অতি কৌশলেৰে মোডী বাহিনীয়ে ব্যক্তিগত খণ্ডক গটাই দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল। কিন্তু অতি শেহতীয়াকৈ এই বিমানবন্দৰটোৰ পৰা গোপীনাথ বৰদলৈৰ নাম মচি দি তাৰ স্থানত আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপ'ৰ্টৰ নামত বিজ্ঞাপন দি আদানি গ্ৰুপে বুজাই দিছে যে বিমান বন্দৰটো তেওঁলোকৰ ব্যক্তিগত সম্পত্তিস্বৰূপ হৈ পৰিছে।

দেশৰ বিমান বন্দৰসমূহৰ নাম আদানি বিমান বন্দৰ হ'ল। ১৭ আগষ্ট ২০২১ত আদানি গ্ৰুপে দিয়া এটা বিজ্ঞাপনক অতি কৌশলেৰে নন এৰ' নটিকেল সেৱাৰ বাবে নিবিদা আহ্বান কৰি প্ৰথমতেই ডাঙৰকৈ লিখা হৈছে আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপ'ৰ্ট লিমিটেড। এই সাহস আদানি গ্ৰুপে ক'ৰ পৰা পালে?

সেই বিশেষ বিজ্ঞাপনটো…

অসমতেই গোপীনাথ বৰদলৈৰ নামত থকা বিমান বন্দৰটোক আদানি গ্ৰুপে নিজৰ বিমান বন্দৰৰ দৰে উল্লেখ কৰি এনে বিজ্ঞাপন দিয়া কাৰ্যই এই ইংগিত দিলে নেকি যে, গোপীনাথ বৰদলৈৰ নাম মোহাৰি প্ৰয়োজনত তেওঁলোকে তাত আদানি বিমান বন্দৰ বুলি হৰ্ডিং, বেনাৰো আঁৰিব!

এটা সৰু বিজ্ঞাপনৰ জৰিয়তে তেনে বহু ডাঙৰ ইংগিত প্ৰদান কৰা এই বিজ্ঞাপন ৰাজ্য চৰকাৰৰ চকুত পৰিছেনে নাই? বিভিন্ন বিষয়ত সৰৱ মুখ্যমন্ত্ৰীয়ে কিছু দিনৰ পূৰ্বেই গোপীনাথ বৰদলৈৰ মৃত্যুৰ তিথিত তেওঁৰ কৰ্মৰাজীক মূল্যায়ন কৰিছিল। তেনে এজন শ্ৰেষ্ঠ অসমীয়াক এনেদৰে কোনোবা আদানি গ্ৰুপে ঘোৰ অপমান কৰাৰ পাছত বাকপটু আৰু কৰ্মদক্ষ বুলি দাবী কৰা মুখ্যমন্ত্ৰীয়ে দিল্লীৰ প্ৰভুসকলৰ আগত ইয়াৰ বিৰুদ্ধে কিবা ক'ব পাৰিবনে?

কিহৰ কাৰণে এই বিমানবন্দৰ তুলি দিবলগীয়া হ'ল আদানিৰ দৰে ব্যৱসায়ীৰ হাতত? এনেদৰে দেশৰ ৰাজহুৱা খণ্ডৰ সম্পত্তিবোৰ গটাই দি এদিন এইসকল শাসকে সমগ্ৰ দেশখনেই এনে কোটিপতি ব্যৱসায়ীক লীজত দিলেও আচৰিত হ'বলগীয়া একো নাথাকিব। কোনো কোনো লোকে বিমান বন্দৰটোক ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ সপক্ষে গছত গৰু উঠাৰ দৰে যুক্তি দৰ্শাইছে।

এনে কথাও, এনে ব্যাখ্যাও কৰিছে যে, এই বিমান বন্দৰটো হেনো লোকচানত চলি আছে। সেইসকলে খবৰ ল'লে গম পাব যে, ভাৰতৰ বিমান বন্দৰ প্ৰাধিকৰণে পৰিচালনা কৰা আৰু লাভত চলা বিমানবন্দৰসমূহৰ ভিতৰত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰো অন্যতম আছিল। অতি অত্যাধুনিক এটা টাৰ্মিনেল বিমান বন্দৰ প্ৰাধিকৰণে নিৰ্মাণ কৰি আছিল ২০১৮ৰ পৰা।

১২৩২ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই বিমান বন্দৰটো এতিয়া হ'ব আদানিৰ সম্পত্তি! সেই অত্যাধুনিক টাৰ্মিনেল ধন ঘটিবৰ বাবে ব্যৱহাৰ কৰিব আদানি গ্ৰুপে। ৰাজহুৱা ধন ব্যয় কৰি আদানিক ব্যৱসায় কৰিবলৈ দিয়া হ'ল। ইয়াৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ হয়তো হ'ব। কিন্তু ক'ত শুনিব মোডীৰ চৰকাৰে এই প্ৰতিবাদ!

দিল্লী, মুম্বাই বিমান বন্দৰ তেনে ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গটাই কি অৱস্থা হৈছিল সেই খবৰ ৰাখে জানো কোনোবাই! মুম্বাই বিমান বন্দৰত জি ভি কেয়ে শ শ কোটি টকা কেলেংকাৰী কৰিছিল। দিল্লীৰ বিমান বন্দৰ উন্নয়নৰ নামত এটা ব্যক্তিগত কোম্পানীয়ে ১২ হাজাৰৰো অধিক কোটি টকা ব্যয় কৰা বুলি দেখুৱাই যাত্ৰীৰ পৰা মুনাফা লুটিছে। অথচ চেন্নাই, কলিকতাৰ দৰে বিমান বন্দৰ বিমান প্ৰাধিকৰণে মাত্ৰ ৫ হাজাৰ কোটি টকাতেই নতুন ৰূপ দি চমক দিছিল।

দীৰ্ঘদিন ধৰি বিমান বন্দৰৰ পৰিচালনাৰে জড়িত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ সৈতে আদানি গ্ৰুপৰ তুলনা কিদৰে হয়? কেৱল লোকচানৰ দোহাই দি আদানিৰ হাতত বিমান বন্দৰ চমজাই দিয়া মোডীয়েও জানে ভালদৰে বিমান বন্দৰ প্ৰাধিকৰণৰ লোকচান হোৱা নাই। কিন্তু আদানিৰ দৰে পুঁজিপতিৰ পুতলা হৈ পৰা মোডীয়ে এনেদৰে সহায়ৰ বিনিময়ত কৃতজ্ঞতা প্ৰকাশৰ বাবে বাধ্যত পৰি ৰাজহুৱা খণ্ডৰ সম্পত্তি গটাই দিল তাত বাধা দিব পাৰে কোনে?

২০১৭-১৮ বিত্তিয় বৰ্ষত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ মুঠ উপাৰ্জন আছিল ১২৩০৬.৬৯ কোটি টকা। সকলোবোৰ কৰাৰ পাছত মুঠ ২২৭১.৪৪ কোটি টকা লাভ হৈছিল বিমান বন্দৰ প্ৰাধিকৰণ। ২০১৮-১৯ বৰ্ষত প্ৰাধিকৰণৰ মুঠ উপাৰ্জন আছিল ১৩০৮৬.৬৯ কোটি টকা। সকলো ব্যয়ৰ পাছত সেই বছৰত ৰাহি হৈছিল ২৮০১.৪৬ কোটি টকা। এই বিমান বন্দৰ প্ৰাধিকৰণে ২০১৮-১৯ বৰ্ষত ভাৰত চৰকাৰক ৭৬৫ কোটি টকা দিছিল।

২০১৯-২০ বৰ্ষতো ডিভিডেণ্ট হিচাপে প্ৰাধিকৰণে ১১ হাজাৰ কোটি টকা ভাৰত চৰকাৰক দিছিল। এতিয়া প্ৰশ্ন হয়, লোকচানত থকা নে লাভত থকাৰ বাবে এই ধন দিব পাৰিছিল বিমান বন্দৰ প্ৰাধিকৰণে? এটা বিমান বন্দৰ কেৱল লাভৰ বাবেই চলোৱা নহয়। যাতায়তৰ পৰা আৰম্ভ কৰি নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি সেই বিমান বন্দৰসমূহ পৰিচালনা কৰা হয়।

লীজত বিমান বন্দৰ লৈ প্ৰতিজন দেশীয় যাত্ৰীৰ পৰা আদানিয়ে চৰকাৰক ১৬০ টকাকৈ আৰু বিদেশী যাত্ৰীৰ পৰা ৩২০ টকাকৈ চৰকাৰক দিব। কিন্তু প্ৰাধিকৰণৰ হাতত থকা সময়ত বিমান বন্দৰৰ পৰা অধিক ধন চৰকাৰে পাইছিল। এই ধন পিছত বাঢ়িব নে নাই সেই তথ্যও লীজৰ চুক্তিৰ সময়ত উল্লেখ নাই।

ইফালে কাৰ্গোৰ পৰা পোৱা ধনৰ সন্দৰ্ভতো দুই পক্ষৰ মাজত কি বুজা বুজি হৈছে সেই কথা বুজি পোৱা নাযায়। বিমানেৰে ৰপ্তানি, আমদানি কৰাৰ সময়ত বৃহৎ পৰিমাণৰ ধন যে আদানি গ্ৰুপে আত্মসাৎ কৰিব সেয়া নিশ্চিত। ইচ্ছা অনুসৰি আদানিয়ে এতিয়া বিমান বন্দৰৰ পৰা লুটপাত চলাব। সেই লাইচেন্স মোডীয়ে দিয়াৰ লগে লগেই ভাৰত ৰত্ন গোপীনাথ বৰদলৈৰ নামত থকা বিমান বন্দৰটোৰ নাম সলনি কৰিব পৰাৰ ধৃষ্টতাও দেখুৱাব পাৰিলে তেওঁলোকে।

এই বিমান বন্দৰটো কোনো কাৰণতেই আদানি গ্ৰুপৰ হাতত তুলি দিয়াৰ প্ৰয়োজন নাছিল। সেই কথা তথ্যই কয়। বিমান বন্দৰসমূহৰ সেৱাৰ মান নিৰূপন কৰিবলৈ এক ব্যৱস্থা থাকে। সেই ব্যৱস্থাক কোৱা হয় এয়াৰপ'ৰ্ট চাৰ্ভিছ কোৱালিটি চমুকৈ ASQ। এই এ এছ কিউত দেশৰ ভিতৰতে গুৱাহাটীৰ বৰঝাৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ স্থান আছিল সপ্তম।

তেনেস্থলত এতিয়া কিহৰ বাবে এই বিমান বন্দৰ আদানি গ্ৰুপক মোডী বাহিনীয়ে চমজালে সেই ব্যাখ্যা নিস্প্ৰয়োজন। আদানি গ্ৰুপক চমজোৱাৰ বিৰুদ্ধে প্ৰতিবাদ হৈ আহিছিল। এতিয়া বিমান বন্দৰৰ নাম সলায়েই দিলে তেওঁলোকে। উত্তৰ পূৰ্বাঞ্চলৰ এই বৃহৎ বিমান বন্দৰটো ২০২১ বৰ্ষৰ অক্টোবৰত নিজৰ হাতলৈ নিব আদানি গ্ৰুপে।

কেৱল এয়াৰ ট্ৰেফিক কমিউনিকেচন আৰু নিৰাপত্তাৰ দিশটোহে তেতিয়াৰে পৰা ভাৰতীয় বিমান প্ৰাধিকৰণে চোৱাচিতা কৰিব। এই বিমান বন্দৰত আছিল ৪৪০ গৰাকী বিষয়া কৰ্মাচাৰী। বিমান বন্দৰ কৰ্তৃপক্ষই ইতিমধ্যে তেওঁলোকৰ বাসগৃহ খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে। প্ৰাধিকৰণৰ ২২০ টা কোৱাৰ্টাৰত থকা কৰ্মচাৰীসকলে আগষ্টৰ ভিতৰত সেই ঘৰবোৰ এৰিব লাগিব।

এয়াৰপ'ৰ্ট অথৰিটি এমপ্লয়ি ইউনিয়নে দীৰ্ঘদিন ধৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। স্থানীয় দল, সংগঠনেও বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে আন্দোলনত নামিছে। কিন্তু মোডীৰ কেবিনেটে ২০২০ বৰ্ষৰ আগষ্টত গুৱাহাটীৰ লগতে জয়পুৰ, তিৰুৱান্তপুৰমৰ বিমান বন্দৰ তিনিটা লীজত দিয়াৰ সন্মতি প্ৰদান কৰিছিল।

বৰঝাৰ বিমান বন্দৰ নামেৰে জনাজাত এই বিমান বন্দৰটোৰ নাম ১৯৯৮ চনৰ ২৩ অক্টোবৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ কৰা হৈছিল। সকলোৱে ভাবিছিল স্বাধীনতাৰ যুঁজাৰু, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, দেশৰে এজন যোগ্য ৰাজনীতিবিদৰ নামত এই বিমান বন্দৰটো নামাকৰণ কৰি তেওঁক উচিত সন্মান জনোৱা হৈছে।

নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেলৰ জৰিয়তে প্ৰতিঘণ্টাত ৩১০০ যাত্ৰী এই বিমান বন্দৰটোত উঠা নমা কৰিব পাৰিব। দক্ষিণ পূৱ এছিয়াৰ দুৱাৰ মুখ স্বৰূপ বিমান বন্দৰটোত যথেষ্ট সম্ভাৱনা লোকাই আছে। তেনেক্ষেত্ৰত ইয়াৰ সম্ভাৱনাৰ সকলো দুৱাৰ বন্ধ কৰি ৫০ বছৰৰ বাবে বিমান বন্দৰটো আদানিৰ হাতত গটাই দি মোডীয়ে হাত ধুলে।

সেই সকলো উৰ্ধলৈ গৈ আদানিয়ে বিমান বন্দৰৰ নামেই সলনি কৰি পেলালে। গোপীনাথ বৰদলৈৰ দৰে এজন নেতা আৰু শ্ৰেষ্ঠ অসমীয়াৰ লগত কেনেকৈ তুলনা হয় আদানিৰ? বিজ্ঞাপন দি বিমান বন্দৰৰ নাম আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপ'ৰ্ট কৰাৰ পাছত এতিয়া অসমবাসীয়েই সিদ্ধান্ত লওক এইয়া কেনেকৈ গ্ৰহণ কৰিব আৰু ইয়াৰ কি প্ৰত্যুত্তৰ হ'ব?