দেশত আজি কৃষকৰ জয়জয়কাৰ, হাৰি গ’ল পুঁজিপতিৰ চৰকাৰ…

দেশত আজি কৃষকৰ জয়জয়কাৰ, হাৰি গ’ল পুঁজিপতিৰ চৰকাৰ…

তুষাৰ প্ৰতিম

'উঠ খেতিয়ক নাঙল চলা, লগাই দে ভাই গণ্ডগোল/ নতুন যুগৰ বাবুক দেখি ফাঁকত পৰি নকৰ ভুল।' সাম্যবাদী চিন্তাধাৰাৰে পৰিপুষ্ট কবি ধীৰেন্দ্রনাথ দত্তই কোৱাৰ দৰেই এইবাৰ কৃষকে ভুল নকৰিলে। পথাৰ আৰু ৰাজপথৰ সংগ্ৰাম সমানে চলাই কৃষকে ক্ষুদ্ৰ স্বাৰ্থৰ বাবে ৰাজনৈতিক নেতাই ৰচা কৌশলত লগাই দিলে গণ্ডগোল। পুঁজিপতিৰ স্বাৰ্থত দেশৰ কৃষকক অৱহেলা কৰা কেন্দ্ৰীয় চৰকাৰে নতুন যুগৰ কৃষকৰ সংগ্ৰামৰ ওচৰত হাৰ মানি বাতিল কৰিবলৈ বাধ্য হৈছিল পুঁজিপতিৰ স্বাৰ্থত গৃহীত কৰা ৩ কৃষি আইন। সমান্তৰালকৈ বাধ্য হ'ল কৃষকৰ দাবী মানি লবলৈ।

দেশজুৰি সুদীৰ্ঘ ১ বছৰ ধৰি চিলিছিল কৃষক আন্দোলন। এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল ইউনাইটেড কিষাণ মৰ্চাই। দেশৰ বহুকেইটা কৃষক সংগঠনৰ একত্ৰিত মঞ্চ ইউনাইটেড কিষাণ মৰ্চাই বিতৰ্কিত ৩ কৃষি আইন প্ৰত্যাহাৰৰ দাবী তুলি আৰম্ভ কিৰিছিল আন্দোলন। দিল্লীৰ প্ৰচণ্ড শীতক নেওচি, শীতৰ মাজতে অহা বৰষুণত তিতি, দেহ পুৰি যোৱা গ্ৰীস্মৰ প্ৰকোপত থাকি কৰা সংগ্ৰামে অৱশেষত সফলতা লাভ কৰিলে।

ভুল হৈ গ'ল কেন্দ্ৰৰ বিজেপি চৰকাৰৰ। নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে পূৰ্বেও সংসদত সংখ্যাগৰিষ্ঠতাৰ সুযোগ লৈ বিৰোধী আৰু দেশৰ জনসাধাৰণৰ ইচ্ছাক আওকান কৰি বহু কেইখন আইন গৃহীত কৰিলে। প্ৰতিবাৰেই বিৰোধীয়ে সাংসদত উত্তাল পৰিৱেশৰ সূচনা কৰে যদিও, জনসাধাৰণে ৰাজপথত সংগ্ৰাম কৰে যদিও সেই প্ৰতিবাদ, আন্দোলনক গুৰুত্ব দিয়া নাছিল কেন্দ্ৰই। ইচ্ছানুসৰিয়েই গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী আইন।

দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে খুজিলে ক্ষমা

দেশৰ ইতিহাসত প্ৰায় বিৰল এনে ঘটনা। স্বাধীনতাৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা জৱহৰলাল নেহেৰুৰ পৰা আৰম্ভ কৰি পূৰ্বৰ প্ৰধানমন্ত্ৰি ড০ মনমোহন সিঙলৈকে কোনো এজন প্ৰধানমন্ত্ৰীয়ে সংখ্যাগৰিষ্ঠতাৰ বাবেই আইন গৃহীত কৰি পৰৱৰ্তী সময়ত ভুল হৈ গ'ল বুলি দেশৰ জনসাধাৰণৰ ওচৰত ৰাজহুৱাকৈ ক্ষমা বিচৰাৰ ঘটনা বিৰল।

১৯ অক্টোবৰ ২০২১, শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন কৰি গুৰু নানাকৰ জন্ম জয়ন্তী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছিল। ইয়াৰ পিছতে তেওঁ কৈছিল যে, " মই দেশবাসীৰ ওচৰত আন্তৰিকতাৰে আৰু বিশুদ্ধ হৃদয়েৰে ক্ষমা বিচাৰিব বিচাৰো, হয়তো আমাৰ তপস্যাত অভাৱ হ'ব পাৰে যাৰ বাবে মই দেশৰ কিছুমান কৃষকক বুজিব পৰা নাছিলো। মই আন্দোলনকাৰী কৃষকসকলক ঘৰলৈ উভতি যাবলৈ অনুৰোধ কৰিছো আৰু তিনিও কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ কৰাৰ কথা ঘোষণা কৰিছো। সংসদৰ অধিৱেশন এই মাহৰ শেষৰ ফালে আৰম্ভ হ'ব য'ত এই আইনকেইখন প্ৰত্যাহাৰ কৰা হ'ব।

সেই ঘোষণা অনুসৰিয়েই সংসদত অনুষ্ঠিত হৈ থকা শীতকালীন অধিৱেশনৰ প্ৰথমৱস্থাতেই ২৯ নৱেম্বৰ সোমবাৰে এক হুলস্থুলীয়া পৰিৱেশৰ মাজত প্ৰত্যাহাৰ কৰা হ'ল ৩ কৃষি আইন। বিৰোধিক এই প্ৰসংগত কোনো কথা কোৱাৰ সুযোগ প্ৰদান কৰা নহ'ল। সংখ্যাগৰিষ্ঠতাৰ বাবেই যিদৰে ইচ্ছানুসৰি ৩ কৃষি আইন গৃহীত কৰিছিল ঠিক তেনেদৰেই সংখ্যাগৰিষ্ঠতাৰ বলতেই বাতিল কৰিলে ৩ কৃষি আইন। এই গোটেই সময়ছোৱাত বিৰোধিৰ ভূমিকা আৰু বিৰোধিক কথা কোৱাৰ সুযোগ প্ৰদানৰ যি সাংবিধানিক ব্যৱস্থা সেই ব্যৱস্থা এক নুবুজা সাঁথৰলৈ পৰিণত হ'ল।

আইন বাতিল নহ'লে ঘৰলৈ নোযোৱাৰ কথা কোৱা কৃষক যাব ঘৰলৈ

প্ৰায় এটা বছৰ। কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে আন্দোলন কৰা কৃষকে এই আন্দোলনৰ প্ৰাৰম্ভিক অৱস্থাতেই কৈছিল, লক্ষ্যত উপনীত নোহোৱাকৈ ঘৰলৈ ঘূৰি নাহো। কৃষকৰ সেই প্ৰতিজ্ঞা সম্পূৰ্ণ হ'ল। গণতান্ত্ৰিক প্ৰতিবাদৰ ওচৰত হাৰ মানিলে চৰকাৰে। প্ৰত্যাহাৰ কৰিলে তিনিওখন আইন।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে ধাৰাবিহক আলোচনাৰ অন্তত কৃষক নেতাই ৯ ডিচেম্বৰ ২০২১ বৃহস্পতিবাৰে কৃষক আন্দোলন প্ৰত্যাহাৰ কৰি ক'লে, ১১ ডিচেম্বৰৰ পৰা ঘৰলৈ উভিতবলৈ আৰম্ভ কৰিব তেওঁলোক। অৱশ্যে আগন্তুক ১৫ জানুৱাৰীত তেওঁলোকে পুনৰ এবাৰ সমগ্ৰ বিষয় বিবেচনা কৰিব।

কেন্দ্ৰীয় চৰকাৰে কথা দিয়া মতে কথা নাৰাখিলে পুনৰ আৰম্ভ কৰিব আন্দোলন। কৃষক নেতাসকলে কৈছে, ১৫ জানুৱাৰীত ইউনাইটেড কিষাণ মৰ্চাই এখন পুনৰীক্ষণ বৈঠক অনুষ্ঠিত কৰিব। যদি কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ নকৰে তেন্তে কৃষক আন্দোলন পুনৰ হ'ব।

আইন প্ৰত্যাহাৰৰ পিছতো চলি আছিল আন্দোলন

১৯ নৱেম্বৰত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰিছিল ৩ কৃষি আইন বাতিল কৰিব। সেই অনুসৰিয়েই ২৯ নৱেম্বৰত সংসদত আনুষ্ঠানিকতা সম্পন্ন কৰিছিল। আশা কৰা হৈছিল ইয়াৰ লগে লগে বাতিল হ'ব কৃষক আন্দলন। কিন্তু সেয় হৈ উঠা নাছিল। কৃষকৰ দাবী আছিল চৰকাৰে শুনক কৃষকৰ কথা।

কেৱল আইন প্ৰত্যাহাৰ কৰিলেই নহ'ব। কৃষকৰ আন আন সমস্যাও সমাধান কৰিব লাগিব চৰকাৰে। আন্দোলনত জড়িত কৃষকৰ ওপৰত যিসমূহ গোচৰ ৰুজু কৰা হৈছে সেই গোচৰ প্ৰত্যাহাৰ কৰিব লাগিব। কৃষক নেতাসকলে সেয়েহে এনে দাবীৰে অব্যাহত ৰাখিছিল প্ৰতিবাদ।

ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ সমস্যা সমধানা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু কৃষকৰ লগত আৰম্ভ হৈছিল কেইবালানীও বৈঠক। এই বৈঠকত কৃষকে মুঠ ৫ টা দাবী উত্থাপন কৰিছিল।

১. এম এছ পিঃ কৃষকসকলৰ দাবী আছিল এম এছ পি অৰ্থাত নূন্যতম সমৰ্থন মূল্য। কৃষকসকলে এম এছ পি বিষয়ত সিদ্ধান্ত লবলৈ যি কমিটী গঠন কৰিছে সেই কমিটীত ইউনাইটেড কিষাণ মৰ্চাৰ ৫ জন সদস্য ৰাখিবলৈ দাবী জনাইছিল। ইয়াৰোপৰি বৰ্তমানে যিবোৰ সামগ্ৰীৰ ওপৰত এম এছ পি লাগু হৈ আছে সেই সামগ্ৰীৰ ওপৰত এম এছ পি বৰ্তাই ৰাখিবলৈও দাবী কৰিছিল কৃষক সংগঠনসমূহে।

কেন্দ্ৰীয় চৰকাৰে এম এছ পি প্ৰত্যাহাৰৰ যি সিদ্ধান্ত আছিল সেই সিদ্ধান্ত বাতিল কৰিবলৈ কৃষকে দাবী উত্থাপন কৰিছিল। সেই দাবীক মানি লবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰে। কৃষক সংগঠনৰ কথা মতেই এম এছ পি নিৰ্ধাৰণ কমিটীত কৃষক সংগঠনৰ ৫ সদস্য অন্তৰ্ভুক্ত হ'ব। আনহাতে বৰ্তমানে যিবোৰ সামগ্ৰীত এম এছ পি লাগু হৈ আছি সেইয়া অটুট থাকিব।

২. কৃষকৰ ওপৰত থকা গোচৰ প্ৰত্যাহাৰঃ কৃষক আন্দোলন আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে হাজাৰ হাজাৰ কৃষকৰ ওপৰত গোচৰ ৰুজু হৈছে। কৃষকৰ দাবী আছিল এই গোচৰসমূহ প্ৰত্যাহাৰ কৰা। হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড চৰকাৰে ৰুজু কৰা এই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৰৈ কেন্দ্ৰীয় চৰকাৰ সন্মত হৈছে।

৩. কৃষকক দিব লাগিব ক্ষতিপূৰণঃ কৃষক নেতাই দাবী কৰিছিল যিসকল কৃষকৰ মৃত্যু হ'ল বা যিসকল কৃষকৰ ক্ষতি হ'ল সেই কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰা। পঞ্জাৱ চৰকাৰে ইতিমধ্যে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি উত্তৰ প্ৰদেশ, হাৰিয়াণাৰ কৃষককো ক্ষতিপূৰণ দিবলৈ দাবী কৰিছিল। সেই দাবীও মানিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় চৰকাৰ। উত্তৰ প্ৰদেশ আৰু হাৰিয়াণাৰ কৃষককো প্ৰদান কৰা হ'ব ৫ লাখ কৈ টকাৰ ক্ষতিপূৰণ। এই বিষয়ত এক চুক্তিও সম্পন্ন কৰা হৈছে।

৪. বিদ্যুৎ বিধেয়কঃ বিদ্যুৎ বিধেয়ক সংসদত উত্থাপন কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। কিন্তু কৃষকসকলে অনুভৱ কৰে যে এই বিধেয়ক আইনলৈ পৰিণত হ'লে সৰ্বাধিক ক্ষতিগ্ৰস্থ হ'ব কৃষকসকল। সেয়েহে এই বিধেয়কক লৈও আপত্তি আছিল কৃষকৰ। কৃষকৰ এই বিধেয়ক সম্পৰ্কে থকা আপত্তি দূৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰিবলৈ সন্মত হৈছে। কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক উত্থাপনৰ পূৰ্বে কৃষক সংগঠনৰ সৈতে আলোচনা কৰিব। আলোচনা ফলপ্ৰসূ হ'লেহে এই বিধেয়ক উত্থাপন কৰিব।

অপৰাধমূলক দায়বদ্ধতাৰ পৰা ৰেহাই দিয়াঃ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা আইনসমূহে কৃষকসকলক ১৪ আৰু ১৫ ধাৰাৰ অধীনত অপৰাধী হিচাপে বিবিচেতি হৈছে। সেয়েহে এই আইনৰ অপৰাধমূলক দায়বদ্ধতাৰ পৰা কৃষকসকলৰ ৰেহাই দিয়াৰ দাবী আছিল কৃষকৰ। এই দাবীও মানি লৈছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ গঠন কৰিছিল ৫ জনীয়া কমিটী

কৃষকৰ দাবী সম্পৰ্কে চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ ইউনাইটেড কিষাণ মৰ্চাই আলোচনা কৰিবলৈ এখন ৫ জনীয়া কমিটী গঠন কৰিছিল। এই কমিটীত আছিল বলবীৰ সিং ৰাজেৱাল, শিৱ কুমাৰ শৰ্মা, অশোক ভৱলে, যুধবীৰ সিং আৰু গুৰুনাম সিং চাধুনি৷

এই কমিটীয়ে কৃষকৰ দাবী আৰু সমস্যা সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা আৰম্ভ কৰিছিল। এই আলোচনাত এম এছ পিৰ নিশ্চিতকৰণ, কৃষকসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰপ্ৰত্যাহাৰ (ধাৰা ৩০২ আৰু ৩০৭ ৰ গোচৰ বাদ দি) আৰু প্ৰাণ হেৰুওৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়া আদিকে ধৰি বিভিন্ন দাবীয়ে স্থান লাভ কৰিছিল।

কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেইবালানী আলোচনাৰ পিছত অৱশেষত বৃহস্পতিবাৰে, ইউনাইটেড কিষাণ মৰ্চাই ঘোষণা কৰে যে চৰকাৰে তেওঁলোকৰ সকলো দাবী মানি লৈছে। ইয়াৰ পিছতে সংবাদ মেলৰ যোগেদি ইউনাইটেড কিষাণ মৰ্চাই ১১ ডিচেম্বৰৰ পৰা কৃষক আন্দোলন স্থগিত ৰখাৰ কথা ঘোষণা কৰে।

তেওঁলোকে এইটোও কয় যে যদিহে আগন্তুক ১৫ জানুৱাৰীত দিল্লীত এখন পুনৰীক্ষণ বৈঠক অনুষ্ঠিত কৰা হ'ব। এই সময়ছোৱাৰ বিতৰত কৃষকৰ দাবী পূৰণৰ বাবে সন্মত হোৱা কেন্দ্ৰীয় চৰকাৰৰ স্থিত অনুসৰি পৰৱৰ্তী সিদ্ধান্ত সেই বৈঠকতে লোৱা হ'ব।

দুটা আন্দোলনে শিকালে বহু কথা

কৃষক আন্দোলনৰ সফল সমাপ্তিৰ লগে লগে কৃষকৰ ক্ষমতা, সংগবদ্ধ আলোচনা, গণতান্ত্ৰিক আন্দোলনৰ বিষয়ে চৰ্চা হৈছে। কোৱা হৈছে কৃষক সংগঠনসমূহে ঐক্যবদ্ধভাৱে ৰাজপথত সংগবদ্ধ ভাৱে আন্দোলন কৰাৰ লগতে নিজৰ স্থিতিত অটল থকাৰ বাবে বিৰোধী শূন্যহীন অৱস্থাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল।

দেশৰ কৃষক সমাজে কৃষি আইন প্ৰত্যাহাৰ বাবে যি সংগ্ৰাম কৰিলে সেই সংগ্ৰামে শাসনত থকা বিজেপি চৰকাৰে এনে এক পৰ্যায়ত উপনীত কৰিলে যে তেওঁলোকৰ সাংগঠনিক স্থিতিয়েই দুৰ্বল কৰি তুলিলে। ২০২২ চনৰ ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত কৃষক আন্দোলনক সন্মুখত লৈ অৱতীৰ্ণ হোৱাৰ সাহস নকৰিলে।

২০২১ চন্ৰ ৩ নৱেম্বৰত ঘোষণা হোৱা দেশৰ বহুকেইখন ৰাজ্যৰ বিধানসভা আৰু সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলে মুখ্যত কৃষক আন্দোলনৰ বাবেই পৰাজিত হ'বলগীয়া হ'ল। কৃষক আন্দোলনৰ প্ৰভাৱহীন অসমতেই দলটোৱে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ল। এনে এক পৰিস্থিতিত সন্মুখত থকা ৫ ৰাজ্যৰ উপ-নিৰ্বাচনৰ পূৰ্বেই কৃষক আন্দোলনক যিকোনা প্ৰকাৰে সমাপ্ত কৰাটো বিজেপি চৰকাৰৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ।

আনহাতে ২০১১ চনত প্ৰসিদ্ধ সমাজকৰ্মী আন্না হাজাৰেৰ নেতৃত্বত আৰম্ভ হৈছিল তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী আন্দোলন। এই আন্দোলনত দেশৰ সকলো প্ৰান্তৰ জনসাধাৰণে অংশগ্ৰহণ কৰিছিল। এই আন্দোলনৰ বাবেই দেশৰ ৰাজনীতিৰ পৰা এক প্ৰকাৰে বিদায় লবলৈ বাধ্য় হৈছিল কংগ্ৰেছ দল। দুৰ্নীতি বিৰোধী আন্দলন আছিল কংগ্ৰেছ চৰকৰা পতনৰ প্ৰধান কাৰণ।

সেই আন্দোলনক কেন্দ্ৰ কৰিয়েই অৰবিন্দ কেজৰিৱালে পৰৱৰ্তী সময়ত আম আদমী পাৰ্টী গঠন কৰি দিল্লীত ক্ষমতালৈ আহিছিল। আনহাতে তৃণমূল কংগ্ৰেছেও নিজৰ এক ভাৱমূৰ্তি স্থাপন কৰিবলৈ সক্ষম হৈছিল। আন বহু কেইজন নেতাইয়ো ৰাজনৈতিক ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈ পৰিছিল।

বিগত ১০ বছৰৰ ভিতৰত এই দুটা আন্দোলনে দেশৰ ৰাজনীতিত ব্যাপক পৰিবৰ্তন সাধন কৰিবলৈ সক্ষম হ'ল। দুৰ্নীতি বিৰোধী আন্দোলনে কংগ্ৰেছ দলক দেশৰ ৰাজনীতিৰ পৰা বিদায় দিয়াৰ দৰে কৃষক আন্দোলনো হৈ পৰিব পাৰে বিজেপিৰ পতনৰ মূল কাৰণ।

আন্তৰিকতা নহয়, নিৰ্বাচন হে মুখ্য বিষয়

প্ৰায় ১ বছৰ ধৰি কৃষি আইন বাতিলৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকসকলৰ বিৰুদ্ধে এই সময়ছোৱাত চৰকাৰী অনুগত বাহিনীয়ে চলালে অসহনীয় নিৰ্যাতন। চৰকাৰী বাহিনীৰ অত্যাচাৰ, লাখুটিৰ কোব, গুলী আৰু অন্যান্য কাৰণত এই সময়ছোৱাত মৃত্যু হৈছে ৭০০ ৰো অধিক কৃষকৰ।

কৃষকৰ এই প্ৰতিবাদক বিগত ১ বছৰে নস্যাত কৰি আহিছিল কেন্দ্ৰীয় শাসনাধিস্ত বিজেপি দলৰ লগতে এন ডি এ সহযোগী দলৰ নেতা আৰু তেওঁলোকৰ অনুগত বাহিনীয়ে। কৃষকৰ এই ন্যায্য দাবীৰ আন্দোলনক কোনোবাই যদি আখ্যা দিছিল খালিস্তানীৰ প্ৰতিবাদ আন কোনোৱে কৈছিল পাকিস্তান, চীনৰ সমৰ্থনপুষ্ট আন্দোলন।

সংসদত তিনিখন কৃষি আইন গৃহীত কৰি প্ৰধানমন্ত্ৰী মোডীয়ে এই আইনক আখ্যা দিছিল স্বাধীনতাৰ পিছত খেতিয়কসকলক কৃষিক্ষেত্ৰত এক নতুন স্বাধীনতা প্ৰদান কৰা আইন। প্ৰধানমন্ত্ৰী মোডীয়ে কৃষকক স্বাধীনতা প্ৰদান কৰা আইন বুলি আখ্যা দিয়া এই আইন হঠাৎ কিয় বাতিল কৰিলে? এই বিষয়ে সকলোৰে মনত প্ৰশ্ন উদয় হৈছিল।

এই প্ৰশ্নৰ উত্তৰ কৃষকসকলেই প্ৰদান কৰিছিল। প্ৰধানমন্ত্ৰী মোডীয়ে ১৯ নৱেম্বৰত কৃষি আইন প্ৰত্যাহাৰৰ কথা ঘোষণা কৰাৰ সময়তেই কৃষকৰ আন্দোলন প্ৰায় সফল হৈছে বুলি ধাৰণা কৰা হৈছিল। অৱশ্য়ে তেতিয়াই কৃষকে আনোদলন প্ৰত্যাহাৰ কৰা নাছিল। কৃষকে বুজি পাইছিল ইয়াৰ অন্তৰালত মোডী চৰকাৰৰ উদ্দেশ্য প্ৰকৃততে কি?

লক্ষ্ণৌত অনুষ্ঠিত হোৱা মহাপঞ্চায়তত কৃষক নেতা ড০ দৰ্শন পাল সিঙে কৈছিল, বিজেপিৰ মন্ত্ৰী আৰু নেতাসকলে হাৰিয়ানা-পঞ্জাৱত কোনো অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা নাই। ২০২২ চনত উত্তৰ প্ৰদেশতো বিজেপিক এক শিক্ষা দিয়া হ'ব। যোৱা ৪ বছৰত এই চৰকাৰে গ্ৰহণ কৰা এটা সিদ্ধান্তও প্ৰত্যাহাৰ কৰা বা সেই সিদ্ধান্ত লোৱাৰ পিছত পিছোৱাই অহাৰ নিদৰ্শন নাই। কিন্তু ২০২২ চনৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ বাবে এখোজ পিছুৱাই আহিবলৈ চৰকাৰক বাধ্য কৰিছে।

সেয়াই প্ৰকৃততে সত্য। উত্তৰ প্ৰদেশ, হাৰিয়ানা,, পঞ্জাৱকে ধৰি ৫ ৰাজ্যৰ নিৰ্বাচনক সন্মুখত ৰাখিয়েই মোডী চৰকাৰে প্ৰত্যাহাৰ কৰিলে ৩ কৃষি আইন। এই আইন প্ৰত্যাহাৰ কৰাৰ আঁৰত মোডী চৰকাৰৰ নাই কোনো সদিচ্ছা। এই কথা কৃষকৰ ওপৰত চলা বৰ্বৰ আক্ৰমণেই প্ৰমাণ কৰে।

ঐক্যবদ্ধ আৰু আপোচহীনতাৰ বাবেই বিফল হ'ল 'কা' আন্দোলন

জনতাৰ এই আপোচহীন কৃষক আন্দোলন আৰু ইয়াৰ পূৰ্বে কংগ্ৰেছী শাসকৰ কেইবাদশক জোৰা লুণ্ঠনৰ বিৰুদ্ধে বৰ্ষীয়ান গান্ধীবাদী নেতা আন্না হাজাৰেৰ নেতৃত্বত দিল্লীৰ ৰামলীলা মৈদানৰ পৰা আৰম্ভ হোৱা দুৰ্নীতি বিৰোধী অভূতপূৰ্ব গণ আন্দোলনে তদানিন্তন চৰকাৰকে উৎখাত কৰিবলৈ সক্ষম হ'ল। কৃষক আন্দোলন চৰকাৰৰ উৎখাতৰ বাবে হোৱা নাছিল।

কৃষক বিৰোধী তিনিখন আইন বাতিল কৰিবলৈ চৰকাৰক বাধ্য কৰোৱাৰ বাবে হৈছিল। যি আন্দোলনত জন বিৰোধী স্থিতিত কঠোৰ চৰকাৰৰ চক্ৰান্ত আৰু আক্ৰমণত কেইবাশ আন্দোলনকাৰীয়ে প্ৰাণ দিবলগীয়া হ'ল যদিও আন্দোলনটোৰ বিচক্ষণ নেতা আৰু কৃষক জনতাৰ আপোচহীন স্থিতিয়ে অৱশেষ জনতাৰ সন্মুখত ক্ষমা খুজি উক্ত আইন বাতিলৰ সিদ্ধান্ত লবলৈ বাধ্য হ'ল।

সাম্প্ৰতিক সময়ৰ আন এক বৃহৎ আন্দোলন আছিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। অসমত এই আন্দোলনে জনজাগৰণৰ ৰূপ লৈছিল। শিল্পী, সাহিত্যিক, সাংবাদিক, কৃষক, শ্ৰমিক, দল, সংগঠন সকলো স্বতঃস্ফুত বাৱে উলাই আহিছিলয চৰকাৰক এনে জাতি বিৰোধী, জন বিৰোধী আইন প্ৰত্যাহাৰ কৰাবলৈ।

কিন্তু ঐক্যবদ্ধ বিচক্ষণ নেতাৰ অভাৱ আৰু অস্থায়ী আৱেগৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবেই জনতাৰ এই সংগবদ্ধ আন্দোলন সফল সমাপ্তিৰ অবিহনে ছেদেলি ভেদেলি হ'বলগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক কথা। কিয়নো অসমৰ মানুহেই এদিন বিদেশী বিতাৰণৰ বাবে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক গণ আন্দোলনটো একেবাৰে ৫ বছৰলৈ চলাই নি আকোঁৰগোজ চৰকাৰক বিদেশী বিতাৰণৰ চুক্তি কৰিবলৈ বাধ্য কৰাইছিল।

এতিয়া পুনৰ কৃষক আন্দোলনৰ সফলতাৰ ছবিখন প্ৰতক্ষ কৰি অসমৰ সংগ্ৰামী নেতৃত্বই পুনৰ কা বিৰোধী আন্দোলন জোৰদাৰ কৰি তোলাৰ কথা কৈছে। একেসময়তে দীৰ্ঘ বিৰতিৰ পিছত হঠাতে সিদিনা নগালেণ্ডত ১৩ জনকৈ নীৰিহই সামৰিক বাহিনীৰ হাতত প্ৰাণ দিয়াৰ ঘটনাক লৈ সামৰিক বাহিনী আইন প্ৰত্যাহাৰ দাবীত অবিৰত সংগ্ৰামৰ কথা তেওঁলোকে ঘোষণা কৰিছে।

ইফালে স্থবিৰ হৈ পৰা নামনি সোঁৱণশিৰি প্ৰকল্প বিৰোধী আন্দোলনক পুনৰ উজ্জীৱিত কৰাৰ ঘোষণাও কৰিছে। কিন্তু এই ঘোষণা কিমানদূৰলৈকে ঐক্যবদ্ধ আৰু আপোচহীন ভাৱে সংগ্ৰামৰ এই নেতৃত্বই আগুৱাই নিব পাৰিব সেইয়া সময়হে ক'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in