সম্পাদনা মেজ

দেশক কন্দুৱাই গ’লগৈ তেওঁলোক…

asomiyapratidin

তুষাৰ প্ৰতিম

বুধবাৰে দিনত সংঘটিত হৈছিল সেই শোকাবহ দুৰ্ঘটনাতো। তেতিয়া তামিলনাডুৰ আকাশ মেঘাচ্ছন্ন। তামিলনাডুৰ ৱেলিংটনৰ সামৰিক ঘাটিলৈ পত্নীসহ ৰাওনা হৈছিল দেশৰ চীফ অফ দ্য ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱাট। সেনা বাহিনীৰ ভি ভি আই পি বিমান আই এ এফ এণ আই-১৭ ভি-৫ বিমানখনত বিপিন ৰাৱাট আৰু তেওঁৰ পত্নীৰ সৈতে আছিল মুঠ ১৪ জন ব্যক্তি।

কোন কোন আছিল অভিশপ্ত বিমানখনত

৮ ডিচেম্বৰ ২০২১, বুধবাৰে দিনৰ প্ৰায় ১২-২০ বজাত তামিলনাডুৰ নীলগিৰি জিলাৰ কুন্নুৰত দুৰ্ঘটনাত পতিত হৈ ধ্বংস্তুপত পৰিণত হোৱা আই এ এফ এণ আই-১৭ ভি-৫ বিমানখনত আছিল দেশৰ স্থলসেনা, বায়ু সেনা আৰু নৌসেনাৰ চীফ দ্য ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাট। মধুলিকা ৰাৱাট আছিল সেনা মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী ।

ইয়াৰোপৰি বিমানখনত আছিল দুজন পাইলটসহ কেইবাজনো বিষয়া। বিগ্ৰেডিয়াৰ এল এছ লিকডাৰ, লেফটেনেণ্ট কৰ্ণেল হৰ্জিন্দৰ সিং, নায়ক গুৰ সেৱক সিং, নায়ক জীতেন্দ্ৰ কুমাৰ, লেন্স নায়ক বিবেক কুমাৰ, বি চাই তেজা, হাবিলদাৰ সতপাল, উইং কামাণ্ডাৰ পৃথিব্বী সিং চৌহান আছিল সেই অভিশপ্ত বিমানখনত।

আনহাতে এই বিমানখনত থকা ১৪ জন ব্যক্তিৰ ভিতৰত বৰ্তমানেও জীৱিত অৱস্থাত থকা একমাত্ৰ বিষয়াগৰাকী হৈছে গ্ৰুপ কেপ্টেইন বৰুণ সিং। এইগৰাকী বৰুণ সিঙকেই ২০২১ চনৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে আগবঢ়াইছিল সূৰ্য চক্ৰ সন্মান।

কিয় সংঘটিত হ'ল এই দুৰ্ঘটনা

দেশত বৰ্তমানলৈকে সংঘটিত হোৱা বিমান দুৰ্ঘটনাবোৰৰ ভিতৰত আন্যতম কৰুণ ঘটনা হিচাপে পৰিগণিত হোৱা এই বিমান দুৰ্ঘটনা কিয় সংঘটিত হ'ল সেই বিষয়ে সঠিক তথ্য এতিয়াও পোহৰলৈ অহা নাই যদিও ঘন কুঁৱলিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ'ল বুলি কোৱা হৈছে। বিশ্বাস কৰা হৈছে নীলগিৰি জিলাৰ বতৰেই আছিল এই দুৰ্ঘটনাৰ প্ৰধান কাৰণ।

এই কৰুণ দুৰ্ঘটনা নীলিগিৰ জিলাৰ কুন্নুৰ নামৰ যি ঠাইত সংঘটিত হ'ল সেই ঠাই ঘন অৰণ্যৰে আবৰা। সেই অঞ্চলটো আছিল পাহাৰীয়া। ঘন অৰণ্য, পাহাৰীয়া পৰিবেশ আৰু ঘন কুঁৱলীৰ বাবে সেই অঞ্চলটোত একো মনিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি হৈছিল।

বিপিন ৰাৱাট আৰু আন আন সেনা বিষয়াক কঢ়িয়াই নিয়া এই বিমানখন ৱেলিংটনৰ হেলিপেডত অৱতৰণ কৰাৰ কথা আছিল। এই ৱেলিংটন হেলিপেড পাহাৰীয়া আৰু ঘন অৰণ্যৰ ঠিক পিছতে অৱস্থিতি। যাৰ বাবে পাইলটৰ বিমান অৱতৰণ কৰাৰ ক্ষেত্ৰত সৃষ্টি হয় কিছু অসুবিধা। এনে পৰিস্থিতিত প্ৰতিকূল বতৰত হেলিকপ্টাৰ সেই হেলিপেডত অৱতৰণ কৰাৰ লগতে সেই অঞ্চলত উৰুওৱাটো প্ৰত্যাহ্বান আহি পৰে।

পাইলটৰ ভুল আছিল নেকি

এই বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আন এক চৰ্চাও হৈছে। বিমানখন উৰুৱাই নিয়া পাইলটে ক'ৰবাত ভূুল কৰিছিল নেকি? জানিব পৰা মতে আই এ এফ এণ আই-১৭ ভি-৫ বিমানখন যিগৰাকী পাইলটে উৰুৱাই নিছিল তেওঁ আছিল গ্ৰুপ কেপ্টেইন। পৃথিব্বী সিং নামৰ গ্ৰুপ কেপ্টেইন গৰাকী আছিল এই অভিশপ্ট বিমানখনৰ বৈমানিক।

এনে এক গুৰুত্বপূৰ্ণ দায়িত্বত থকা পৃথিব্বী সিঙৰ পূৰ্বৰ ৰেকৰ্ডো আছিল চকুত লগা। আনহাতে এই বিমানখন আছিল দুটা ইঞ্জিনযুক্ত। প্ৰায় ৬০০০ হাজাৰ ফুট উচ্চতাৰ পৰা সৰি পৰা বিমানখনৰ ইঞ্জিন বন্ধ হৈ বা বিকল হৈ গ'লেও এনে দুৰ্ঘটনা হোৱাৰ আশংকা নাছিল।

কিয়নো দুটা ইঞ্জিন যুক্ত এই বিমানখনৰ এটা ইঞ্জিন বিকল হলেও আন এটা ইঞ্জিন বিকল্প হিচাপে আছিল। বিকল্প ইঞ্জিনৰ জৰিয়তে বিমানখন অৱতৰণ কৰিব পাৰিলে হয়। ইফালে নীলগিৰিৰ আকাশ কুঁৱলীয়ে আৱৰি আছিল। কুঁৱলীৰ লগতে অত্যাধিক ডাৱৰে আকাশ আৱৰি থকাত হেলিকপ্টাৰখন কম উচ্চতাত উৰিব লগা হৈছিল। দূৰত্ব কম হোৱাৰ বাবে হেলিকপ্টাৰখন অৱতৰণ বিন্দুৰ বহু তলত আছিল। আনহাতেদি তলত ঘন অৰণ্য আৰু পাহাৰ থকাৰ বাবে বিমানখন ইচ্ছাকৰিও জৰুৰীকালীন অৱতৰণ সম্ভৱ নাছিল।

দুৰ্ঘটনাত পতিত হোৱা বিমানখন সুৰক্ষিত নাছিল নেকি

দুৰ্ঘটনাত পতিতি হোৱা এই বিমানখন আছিল বায়ু সেনাৰ এম আই-১৭ ভি ৫ হেলিকপ্টাৰত। এই হেলিকপ্টাৰখনত আছিল দুটা ইঞ্জিন । এম আই-১৭ ভি-৫ হৈছে বিশ্বৰ আটাইতকৈ উন্নত পৰিবহন হেলিকপ্টাৰৰ ভিতৰত এখন। ইয়াক সৈনিক, অস্ত্ৰ-শস্ত্ৰ কঢ়িওৱা, অগ্নি নিৰ্বাপন, অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে ব্যৱহাৰ কৰা হয়। এই হেলিকপ্টাৰখন সাগৰৰ প্ৰতিকূল বতৰ বা মৰুভূমিৰ যিকোনো পৰিস্থিতিতে উৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে।

বায়ু সেনাই ইয়াক ভি ভি আই পি হেলিকপ্টাৰ হিচাপে ব্যৱহাৰ কৰে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাত পতিতি হোৱা এই বিমনখনতে উঠি লাডাখ, কেদাৰনাথৰ দৰে অঞ্চল পৰিদৰ্শন কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰীৰ দৰে ভি ভি আই পি এই হেলিকপ্টাৰত উঠি দূৰ দূৰণিলৈ ভ্ৰমণত যায়।

ডি এন এ টেষ্ট কৰা হ'ব নিহতসকলৰ

এই বিমান দুৰ্ঘটনাত ১৪ জন ব্যক্তিৰ ১৩ জনেই ইতিমধ্যে নিহত হৈছে। নিহত ১৩ জনৰ দেহ অগ্নিদগ্ধ হৈ যোৱাৰ ফলত তেওঁলোকক চিনিব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে। যাৰ বাবে নিহত আটাইকেইগৰাকী বিষয়া তথা চি ডি এছ জেনেৰলৰ পত্নীৰ মৃতদেহ দিল্লীলৈ প্ৰেৰণ কৰা হৈছে।

দিল্লীত এই আটাইকেইগৰাকীৰ ডি এ এ টেষ্ট কৰা হ'ব। ইয়াৰ পিছতে আটাইকেইগৰাকীৰ মৃতদেহ চিনাক্ত কৰা হ'ব। অৱশ্যে ইতিমধ্যে সেনা বিষয়াসকলক নিহতসকলৰ পৰিয়ালৰ কাষলৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকে সকলো আনুষ্ঠানিকতা শেষ কৰিব।

বিপিন ৰাৱাটক আমি কিমান জানো

বিপিন ৰাৱাট হিচাপে পৰিচিত দেশৰ চি ডি এছ জেনেৰেলৰ সম্পূৰ্ণ নাম আছিল বিপিন লক্ষ্মণ সিং ৰাৱট। জেনেৰেল ৰাৱাটৰ জন্ম হৈছিল ১৯৫৮ চনৰ ১৬ মাৰ্চত। উত্তৰাখণ্ডৰ পাউৰী গড়ৱাল জিলাৰ চৌহান ৰাজপুত পৰিয়ালত জন্মহোৱা জেনেৰেল ৰাৱাটে ডেৰাডুনৰ কেম্ব্ৰিন হল স্কুল, চিমলাৰ ছেইণ্ট এডৱাৰ্ডছ স্কুল আৰু ডেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমীত অধ্যয়ন কৰিছিল।

ডেৰাডুনৰ ইণ্ডিয়ান মিলিটাৰী একাডেমীত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ সন্মানৰ তৰোৱাল লাভ কৰিছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফৰ্ট লিভেনৱৰ্থৰ ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ, ৱেলিংটন আৰু হায়াৰ কমাণ্ড পাঠ্যক্ৰমৰ স্নাতকো আছিল। তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰতিৰক্ষা অধ্যয়নত এম.ফিল, ডিপ্লোমা ইন মেনেজমেণ্ট আৰু ডিপ্লোমা ইন কম্পিউটাৰ ষ্টাডিজো কৰিছিল। ২০১১ চনত, সামৰিক-মাধ্যমৰ কৌশলগত অধ্যয়নৰ ওপৰত গৱেষণাৰ বাবে মীৰাটৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ দ্বাৰা তেওঁক ডক্টৰেট অফ ফিলোচফি বঁটা প্ৰদান কৰা হৈছিল।

দেশৰ প্ৰথমগৰাকী চি ডি এছ জেনেৰেল আছিল বিপিন ৰাৱাট

ভাৰতীয় সেনাত ২০১৯ চনৰ পূৰ্বে নাছিল চীফ অফ দ্যা ডিফেঞ্চ ষ্টাফৰ কোনো পদ। ২০১৯ চনত প্ৰাক্তন সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাটক দেশৰ প্ৰথমগৰকী চীফ অফ দ্যা ডিফেঞ্চ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। দেশত স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাক মিলাই এই পদটো প্ৰস্তুত কৰা হৈছে। এই পদৰ উদ্দেশ্য হৈছে সেনা, নৌ সেনা আৰু বায়ু সেনাত সঠিক আৰু কাৰ্যকৰী সমন্বয় নিশ্চিত কৰা।

চলিত বছৰত সংঘটিত হৈছে একাধিক বায়ুসেনাৰ বিমান দুৰ্ঘটনা

অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বিগত সময়ত দেশৰ বিভিন্ন স্থানত বিভিন্ন সময়ত বহু কেইটা বিমান দুৰ্ঘটনিাৰ ঘটনা সংঘটিত হৈছে। ২১ অক্টোবৰ ২০২১ত মধ্য প্ৰদেশৰ ভিন্দ জিলাত প্ৰশিক্ষণৰ অৱস্থাত আই এ এফৰ এখন মিৰাজ ২০০০ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

২০২১ চনৰ ২৫ আগষ্টত ৰাজস্থানৰ বাৰমেৰত প্ৰশিক্ষণ অভিযানৰ সময়ত আই এ এফৰ এখন মিগ-২১ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। একেদৰে ২০ মে, ২০২১ ত পঞ্জাৱৰ মোগা জিলাত মিগ-২১ বিমান দুৰ্ঘটনাত এজন আই এএ ফ পাইলট নিহত হৈছিল।

২০২১ চনৰ ১৭ মাৰ্চত মধ্যপ্ৰদেশৰ গোৱালিয়ৰত মিগ-২১ বাইচন বিমানৰ সৈতে সংঘটিত দুৰ্ঘটনাত আই এ এফৰ এজন গ্ৰুপ কেপ্টেইন নিহত হৈছিল। ২০২১ চনৰ ৫ জানুৱাৰীত ৰাজস্থানৰ চুৰাটগড়ত অৱতৰণ কৰোঁতে এখন মিগ ২১ বাইচন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

ইয়াৰ পূৰ্বে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত আই এ এফৰ এৰোবেটিক দল সূৰ্য কিৰণৰ দুখন বিমান মাজ আকাশত ইখনে সিখনক খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ ফলত এজন পাইলটৰ মৃত্যু হয় আৰু দুজন আহত হয়। ২০১৭ চনৰ অক্টোবৰ মাহত অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ওচৰত প্ৰশিক্ষণৰ সময়ত ভাৰতীয় বায়ু সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কমেও সাতজন লোকৰ মৃত্যু হৈছিল। ২০১৫ চনৰ ডিচেম্বৰত দিল্লী বিমানবন্দৰৰ ওচৰত এখন অৰ্ধসামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত সীমান্ত সুৰক্ষা বাহিনীৰ ১০ জন জোৱান নিহত হৈছিল।

পূৰ্বেও বহু গুৰুত্বপূৰ্ণ ব্যক্তিক দেশে হেৰুৱাইছে বিমান দুৰ্ঘটনাত

চি ডি এছ জেনেৰেল বিপিন ৰাৱাটৰ এই দুৰ্ঘটনাই দেশত সংঘটিত হোৱা গুৰুত্বপূৰ্ণ দুৰ্ঘটনা নহয়। ভাৰতৰ আকাশত ইয়াৰ পূৰ্বে বহু কেইবাৰ এনে কৰুণ ঘটনা সংঘটিত হৈছে। যি দুৰ্ঘটনাত দেশে হেৰুৱাইছে বহু কেইগৰাকী বিশেষ ব্যক্তিক। ১৯৮০ চনত কংগ্ৰেছ নেতা সঞ্জয় গান্ধীৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।

এই ঘটনাই দেশত বিতৰ্কৰ সূচনা কৰিছিল। সঞ্জয় গান্ধীৰ বিমানখন আটাইতকৈ বিতৰ্কি আৰু আলোচি বিমান দুৰ্ঘটনাৰ ভিতৰত এটা আছিল। ১৯৮০ চনৰ ২৩ জুনত দিল্লীত ইন্দিৰা গান্ধীৰ সৰু পুত্ৰ আৰু ৰাজীৱ গান্ধীৰ ভাতৃ সঞ্জয় গান্ধীৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। সেই বিমানখন সঞ্জয় গান্ধীয়ে নিজেই উৰুৱাইছিল বুলিও কোৱা হয়।

২০০১ চনত বিমান দুৰ্ঘটনা সংঘটিত হৈ মৃত্যু হৈছিল উত্তৰ কংগ্ৰেছ নেতা মাধৱৰাও সিন্ধিয়াৰ। ২০০১ৰ ছেপ্টেম্বৰত – উত্তৰ প্ৰদেশৰ মৈনপুৰী জিলাৰ ভোগাঁও তহচিলৰ ওচৰৰ মোটাত বিমান দুৰ্ঘটনাত কংগ্ৰেছ নেতা মাধৱৰাও সিন্ধিয়াৰ মৃত্যু হৈছিল। সিন্ধিয়াই এখন সভাত অংশগ্ৰহণ কৰিবলৈ কানপুৰলৈ গৈ থকৰ অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হৈছিল।

সেই বিমানখনত সিন্ধিয়াৰ উপৰিও আছিল আন ৬ জন ব্যক্তি। নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ১০ আসন যুক্ত জিন্দাল গ্ৰুপৰ চাৰ্টাৰ্ড বিমান চেচনা চি৯০ ৰ সেই বিমানখনে আগ্ৰাৰ পৰা ৮৫ কিলোমিটাৰ দূৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু বিমানখনত থকা সকলোলোক নিহত হৈছিল।

২০০৯ চনৰ ছেপ্টেম্বৰ মাহত অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী ৱাই এছ ৰাজশেখৰ ৰেড্ডী আৰু আন চাৰিজনক কঢ়িয়াই নিয়া এখন হেলিকপ্টাৰ নাল্লামালা বনাঞ্চলত সন্ধানহীন হয়। সেনাৰ সহায়ত হেলিকপ্টাৰখন উদ্ধাৰ কৰা হৈছিল হৈছিল। দুৰ্ঘটনাত পতিত হোৱা সেই হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ ৩ ছেপ্টেম্বৰত কুৰ্ন্নুলৰ পৰা ৭৪ কিলোমিটাৰ দূৰত ৰুদ্ৰকোণ্ডা পাহাৰৰ শীৰ্ষত পোৱা গৈছিল।

২০১১ চনৰ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী দৰ্জি খাণ্ডু হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হয়। খাণ্ডু এটা ইঞ্জিন যুক্ত ৪ আসনৰ পৱন হংসৰ হেলিকপ্টাৰ এ এছ-বি৩৫০-বি৩ ত আছিল। টাৱাঙৰ পৰা উৰা মৰাৰ ২০ মিনিট পিছত তেওঁৰ হেলিকপ্টাৰখন সন্ধানহীন হৈ পিৰিছিল। ৪ দিনৰ পিছত সন্ধানহীন হোৱা সেই অভিশপ্ত হেলিকপ্টাৰখনৰ এটা অংশৰ সন্ধান লাভ কৰা গৈছিল। দুৰ্ঘটনাৰ পঞ্চম দিনা অনুসন্ধানকাৰী দলে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰৰ আন এটা ধ্বংসাৱশেষ বিচাৰি পায় আৰু বিমানখনত থকা পাঁচজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে।

২০০২ চনৰ মাৰ্চত অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰী জিলাত বেল ২০৬ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই বিমান দুৰ্ঘটনাত লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি এম চি বলযোগী নিহত হয়। তেওঁৰ উপৰিও এই দুৰ্ঘটনাত নিহত হৈছিল তেওঁৰ দেহৰক্ষী আৰু এজন সহায়ক।

২০০৫ ৰ এপ্ৰিল মাহত সংঘটিত হোৱা বিমান দুৰ্ঘটনাত প্ৰজ্ঞাত ষ্টীল বেৰন আৰু ৰাজনীতিবিদ অ'পি জিন্দল নিহত হয়। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বংশিলালৰ পুত্ৰ সুৰিন্দৰ সিং আৰু পাইলট দুৰ্ঘটনাটোত নিহত হয়। এই দুৰ্ঘটনা চণ্ডিগড়ৰ পৰা দিল্লীলৈ উভতি আহাৰ সময়ত সংঘটিত হৈছিল।

প্ৰধান মন্ত্ৰী মোডীয়ে আহ্বান কৰিলে বিশেষ নিৰাপত্তা কেবিনেট বৈঠক

চি ডি এছ জেনেৰল বিপান ৰাৱাট, তেওঁৰ পত্নী আৰু আন ১১ গৰাকী সেমা বিষয়াৰ মৃত্যুৰ পিছতে দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধামমন্ত্ৰীয়ে তেওঁলোকৰ সকলো অনুষ্ঠান বাতিল কৰে। ইয়াৰ পিছতে সন্ধিয়া ৬-৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ চৰকাৰী বাসগৃহত বিশেষ নিৰাপত্তা কেবিনেট বৈঠক অনুষ্ঠিত কৰে।

প্ৰধানমন্ত্ৰী মোডীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই কেবিনেট বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি সমিতিৰ সদস্যসকল উপস্থিত আছিল। সূত্ৰ অনুসৰি বৈঠকত বিপিন ৰাৱাটৰ ঠাইত নতুন চি ডি এছৰ নাম আলোচনা কৰা হৈছে।

জ্যেষ্ঠতা অনুসৰি বিপান ৰাৱাটৰ স্থানত জেনেৰেল এম.এম. নাৰৱানেক স্থলাভিষিক্ত কৰা হ'ব। উল্লেখ্য যে চি ডি এছ জেনেৰল পদটোৰ গুৰুত্ব আজিৰ সময়ত অতি বেছি। সেয়েহে এই পদত নতুন বিষয়াক শীঘ্ৰেই নিযুক্তি দিয়াটো জৰুৰী হৈ পৰিছে।