শীতল যুদ্ধ, বৰদিন আৰু বক্সিং ডে’ টেষ্ট

শীতল যুদ্ধ, বৰদিন আৰু বক্সিং ডে’ টেষ্ট

তুষাৰ প্ৰতিম

দ্বিতীয় বিশ্ব যুদ্ধৰ সমাপ্তিৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন আৰু মিত্ৰ শক্তিৰ মাজত সৃষ্টি হৈছিল শীতল যুদ্ধ। দুয়োপক্ষৰ মাজত যুদ্ধৰ উত্তেজনা বৃদ্ধি পাইছিল যদিও কোনো প্ৰত্যক্ষ যুদ্ধ নোহোৱাৰ বাবেই দুয়োপক্ষৰ এই যুঁজখনক শীতল যুদ্ধ বুলি কোৱা হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰসমূহ আৰু ছোভিয়েট সংঘ আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থাই আছিল শীতল যুদ্ধ।

এই শীতলযুদ্ধ শব্দটো ১৯৪৭ চনৰ পৰা ১৯৯০ ৰ দশকলৈ বহুল ভাৱে প্ৰচলিত আছিল যদিও আজিও ইয়াৰ ব্যৱহাৰ হৈ থকা দেখা যায়। এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'লে বা দুটা পক্ষৰ মাজত ভিতৰি সৃষ্টি হোৱা সংঘাতক উপস্থাপন কৰিবলৈকে শীতল যুদ্ধ শব্দটো আজিও ব্যৱহাৰ কৰি অহা হৈছে।

শেহতীয়াকৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বি চি চি আই, ভাৰতীয় টেষ্ট দলটোৰ অধিনায়ক বিৰাট কোহলি আৰু টি-২০ দলটোৰ লগতে এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মাকলৈ সৃষ্টি হৈছিল বিতৰ্ক। এক অনাকাংক্ষিত বিতৰ্কই চুই গৈছে ভাৰতীয় দলটোক। যি বিতৰ্কৰ অৱসান আজিও হোৱা নাই। বা এই বিতৰ্কৰ অৱসান ইমান সোনকালে হ'ব বুলি ধাৰণা কৰাও সঠিক নহয়।

কিয়নো ভাৰতীয় ক্ৰিকেটত যি বিতৰ্কৰ সূচনা হ'ল সেই বিতৰ্কৰ কু-প্ৰভাৱ বহু দিনলৈ স্পষ্ট ৰূপত যে ভাৰতীয় ক্ৰিকেটত পৰিস্ফুট হৈ থাকিব সেয়া স্পষ্ট। ইউ এ ইত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ পূৰ্বে হঠাৎ অধিনায়ক বিৰাট কোহলিয়ে বিশ্বকাপৰ পিছতেই ভাৰতীয় টি-২০ দলটোৰ অধিনায়ক পদ ত্যগ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত বি চি চি আইয়ে বিৰাটক এদিনীয়া দলটোৰ অধিনায়ক পদৰ পৰা অপসাৰণ কৰি টি-২০ দলটোৰ অধিনায়ক ৰোহিত শৰ্মাক এদিনীয়া দলটোৰ অধিনায়ক হিচাপে নিৰ্বাচিত কৰে।

থোৰতে বি চি চি আই, বিৰাট কোহলি আৰু ৰোহিত শৰ্মাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ কাৰণ এইয়াই। এই বিতৰ্কৰ বাবেই তিনিও পক্ষৰ মাজত সৃষ্টি হৈছিল শীতল যুদ্ধৰ। যি শীতল যুদ্ধ আজিও অব্যাহত আছে। বিৰাটৰ নেতৃত্বত ৰোহিতে আৰু ৰোহিতৰ নেতৃত্ব বিৰাটে খেলিব নিবিচাৰে বুলিও এক চৰ্চা চলিছিল। এই চৰ্চাক অৱশ্যে নস্যাত কৰিছে বিৰাটে।

এই লেখাত আমি টীম ইণ্ডিয়াৰ বিতৰ্ক বা শীতল যুদ্ধৰ বিষয়ে বহলাই উল্লেখ কৰিব বিচৰা নাই। এই লেখাৰ বিষয় বলেগ। বক্সিং ডে' টেষ্টৰ বিষয়েহে আমাৰ এই বিশেষ লেখা। কিন্তু এই টেষ্টখন খেলিবলৈ যোৱাৰ প্ৰাকমুহূৰ্তত সৃষ্টি হোৱা এই ঘটনাৰাজি প্ৰসংগ ক্ৰমে আহি পৰিছে।

সেয়া যিয়েই নহওক, ২৬ ডিচেম্বৰ দেওবাৰৰ পৰা ভাৰতীয় টেষ্ট দলটোৱে দক্ষিণ আফ্ৰিকাৰ চেঞ্চুৰিয়ানত খেলিব বক্সিং ডে' টেষ্ট। এই বক্সিং ডে' টেষ্ট শব্দটো নিশ্চয় আপোনাৰ অপৰিচিত নহয়। কিন্তু আপুনি জানেনে কি এই বক্সিং ডে টেষ্ট? কিয় এই টেষ্টক বক্সিং ডে' টেষ্ট বুলি কোৱা হয়? কিয় বছৰত মাত্ৰ এখনেই বক্সিং ডে' টেষ্ট খেলা হয়? কিয় বিশেষ এখন টেষ্টতকেই বক্সিং ডে' টেষ্ট বুলি কোৱা হয়?

ক্ৰিকেট বলিয়া বহুতেই ক্ৰিকেটৰ প্ৰতিটো সৰুবৰ খবৰ ৰাখে যদিও সেইসকলৰো বহুতেই নাজানে এই বক্সিং ডে' টেষ্ট আচলতে কি? বহুতেই হয়তো ভাবিব পাৰে বক্সিঙৰ লগত সম্পৰ্ক আছে এই টেষ্টৰ। কিন্তু তেনে নহয়। এই টেষ্টৰ বক্সিং খেলৰ লগত কোনো সম্পৰ্ক নাই।

২৫ ডিচেম্বৰ, খ্ৰীষ্টমাছ। খ্ৰীষ্টধৰ্ম লোকসকলৰ পবিত্ৰ উৎসৱ খ্ৰীষ্টমাছ। প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়। খ্ৰীষ্টমাছ বা বৰদিনৰ পিছৰ দিনটোকেই বিশ্বৰ বহুকেইখন দেশত বক্সিং দিৱস হিচাপে পালন কৰা হয়। এই বক্সিং ডে'ত বহুকেইখন দেশত চৰকাৰী বন্ধও পালন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আফ্ৰিকা, কানাডা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, হংকং আদি ৰাষ্ট্ৰসমূহত বৰদিনৰ পিছৰ দিনটোক বক্সিং দিৱস পালন কৰাৰ উপৰিও চৰকাৰী বন্ধ ঘোষণা কৰা হয়।

এই বক্সিং দিৱসক লৈ বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ তত্ত্ব প্ৰচলিত আছে। কিন্তু প্ৰতিটো তত্ত্বৰে মূল আধাৰ একেটাই। উপহাৰ বিতৰণ। তাৰে এটা প্ৰাচীন তত্ত্ব অনুসৰি বৰদিনৰ পিছৰ দিনটোত এজনে আনজনক উপহাৰ প্ৰদান কৰে। পূৰ্বতে বৰদিনৰ দিনটোতো বহু শ্ৰমিকে কামলৈ যাবলগীয়া হৈছিল। বৰদিন বুলি তেওঁলোকে কাম ক্ষতি কৰিব পৰা নাছিল। বৰদনিৰ উৎসৱ তেওঁলোকে পালন কৰিব পৰা নাছিল।

সয়েহে এই শ্ৰমিকসকলক বৰদিনৰ পিছৰ দিনটোত বহু মালিকে উপহাৰ প্ৰদান কৰিছিল। একো একোটা বক্সৰ ভিতৰত বিভিন্ন ধৰণৰ উপহাৰ ৰখা হৈছিল। এই উপহাৰসমূহ লাভ কৰাৰ পিছত স্বাভাৱিকতেই শ্ৰমিকসকলৰ মাজত আনন্দৰ হাঁহি বিৰিঙিছিল। গতিকে এই দিনটো বক্সিং দিৱস হিচাপে পৰিগণিত হৈ পৰিছিল।

একেদৰে বক্সিং ডে'ক কেন্দ্ৰ কৰি আন এক কাহিনীও প্ৰচলিত হৈ আহিছে। এই কাহিনী অনুসৰি বৰদিনৰ সময়ত গীৰ্জাসমূহত একোটাকৈ বক্স ৰখা হৈছিল। এই বক্সত বিভিন্ন লোকে দৰিদ্ৰ লোকসকলৰ বাবে উপহাৰ ৰাখিছিল। খ্ৰীষ্টমাছৰ পৰৱৰ্তী দিনটোত এই বক্সবোৰ খোলা হৈছিল আৰু তাত থকা বিভিন্ন উপহাৰ বোৰ দৰিদ্ৰ লোকসকলৰ মাজত বিতৰণ কৰা হৈছিল। এইদৰেই বক্সিং দিৱস প্ৰচলিত হৈ আহিছিল।

বক্সিং দিৱস ক্ৰিকেটত প্ৰৱেশ হৈছিল ১৮৯২ চনত। ১৮৯২ চনত মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত খ্ৰীষ্টমাছৰ সময়ত ভিক্টোৰিয়া আৰু নিউ চাউথ ৱেলছৰ মাজত এখন মেচ অনুষ্ঠিত হৈছিল। তাৰ পিছত, প্ৰতি বছৰে দুয়োটা দলে খ্ৰীষ্টমাছৰ সময়ত খেল আৰম্ভ কৰে আৰু ই এক পৰম্পৰালৈ পৰিণত হয়।

বক্সিং দিৱসত অৰ্থাৎ খ্ৰীষ্টমাছৰ পৰৱৰ্তী দিনটোত অনুষ্ঠিত হোৱা টেষ্টকেই বক্সিং ডে' টেষ্ট বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমবাৰৰ বাবে বক্সিং ডে' টেষ্ট অনুষ্ঠিত হৈছিল ১৯৫০-৫১ চনত। মেলবৰ্ণত অনুষ্ঠিত হৈছিল এই টেষ্টখন। ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এছেজৰ সময়ত অনুষ্ঠিত হৈছিল এই বক্সিং ডে' টেষ্ট।

এই বক্সিং ডে' টেষ্ট খেলখন ২২ ডিচেম্বৰত আৰম্ভ হৈছিল আৰু খেলখনৰ ৫ম দিনৰ খেল বক্সিং দিৱসত অনুষ্ঠিত হৈছিল। ১৯৫৩ চনৰ পৰা ১৯৬৭ চনৰ ভিতৰত ২৬ ডিচেম্বৰ বক্সিং দিৱসত কোনো খেল খেলা হোৱা নাছিল। ১৯৭৪-৭৫ চনৰ এছেজ শৃংখলাৰ তৃতীয়খন খেল মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত বক্সিং দিৱসত আৰম্ভ হৈছিল।

দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যোৱা ভাৰতীয় দলটোৱে বৰ্তমানলৈকে দক্ষিণ আফ্ৰিকাৰ লগত মুঠ ৫ খন বক্সিং ডে' টেষ্ট খেলিছে। আনহাতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছে সৰ্বাধিক ১০ খন বক্সিং ডে' টেষ্ট। দক্ষণি আফ্ৰিকাৰ লগত বক্সিং ডে' টেষ্টৰ ৰেকৰ্ড ভাৰতৰ সুখকৰ নহয়। ৫ খন বক্সিং ডে' টেষ্টৰ মাত্ৰ ১ খনতহে ভাৰতে জয় লাভ কৰিছে।

দক্ষিণ আফ্ৰিকাৰ লগত ভাৰতে ১৯৯২, ১৯৯৬, ২০০৬, ২০১০ আৰু ২০১৩ চনত মুঠ ৫ খন বক্সিং ডে' টেষ্ট খেলিছে। ইয়াৰ ভিতৰত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ২০১০ চনত একমাত্ৰ বক্সিং ডে' টেষ্টখন জয় কৰিছিল। বাকী ৪ খনতে ভাৰত পৰাজিত হৈছিল।

আনহাতে ভাৰতে অষ্ট্ৰেলিয়াৰ লগত ১৯৮৫, ১৯৯১, ১৯৯৯, ২০০৩, ২০০৭, ২০১১, ২০১৪, ২০১৮ আৰু ২০২০ চনত মুঠ ৯ খন বক্সিং ডে' টেষ্ট খেলিছে আৰু ইয়াৰ ৫ খন মেচতে পৰাস্ত হৈছে। ইয়াৰে ২ খন মেচত ভাৰতে বিজয় সাব্যস্ত কৰাৰ লগতে ২ খনত ড্ৰ খলিছে।

আনহাতে নিউজিলেণ্ডৰ লগত ভাৰতে একমাত্ৰ বক্সিং ডে' টেষ্টখন খেলিছিল ১৯৯৮ চনত। ৱেলিংটনত খেলা সেই টেষ্টখনত নিউজিলেণ্ডে ভাৰতীয় দলটোক ৪ উইকেটত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰিছিল। বক্সিং ডে' টেষ্টত ভাৰতৰ এইয়াই ইতিহাস।

২৬ ডিচেম্বৰ, ২০২১ দেওবাৰৰ পৰা ভাৰতে পুনৰ দক্ষিণ আফ্ৰিকাৰ লগত বক্সিং ডে' টেষ্ট খলিব। এইখন হ'ব বক্সিং ডে' টেষ্টৰ ইতিহাসত ভাৰতৰ দক্ষিণ আফ্ৰিকাৰ লগত ষষ্ঠখন বক্সি ডে' টেষ্ট। এই টেষ্টখনত বিজয় সাব্যস্ত কৰি ভাৰতে বিজয়ৰ ৰেকৰ্ড সুদৃঢ় কৰে নে পৰাজিত হোৱাৰ আন এক নতুন ইতিহাস গঢ়ে সেয়া সময়ে ক'ব।

কিন্তু আভ্যন্তৰীণ শীতল যুঁজত বিধ্বস্ত ভাৰতীয় দলটোৰ যে এই সময়খিনি অধিক কঠিন সেইয়া নিশ্চিত। ইতিধ্যে এদিনীয়া ক্ৰিকেটৰ অধিনায়ক পদৰ পৰা অপসাৰিত হোৱা বিৰাটৰ বাবে এই টেষ্ট জয় কৰি হেৰুওৱা সন্মান উদ্ধাৰ কৰাৰ লগতে বি চি চি আইৰ মুখ বন্ধ কৰাৰ শ্ৰেষ্ঠ মঞ্চ। আনহাতে প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ বাবেও এই টেষ্ট শৃংখলা হৈ পৰিছে অন্যতম প্ৰত্যাহ্বান।

ভাৰতীয় সাম্ভাব্য দলটোঃ মায়াংক আগৰৱালা, কে এল ৰাহুল, চেতেশ্বৰ পূজাৰা, বিৰাট কোহলি (অধিনায়ক), শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত (উইকেট কীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, মহম্মদ ছামী, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ।

একাদশ খেলুৱৈ: শাৰ্দুল ঠাকুৰ (বলিং অলৰাউণ্ডাৰ), হনুমা বিহাৰী, আজিংক্য ৰাহানে (অতিৰিক্ত বেটছমেন)।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in