গ্ৰাম্য সমাজ আৰু অৰ্থনীতিৰ দৃষ্টিকোণত একাকাৰ হৈ যায় শংকৰদেৱ-মহাত্মা গান্ধী

গ্ৰাম্য সমাজ আৰু অৰ্থনীতিৰ দৃষ্টিকোণত একাকাৰ হৈ যায় শংকৰদেৱ-মহাত্মা গান্ধী

► পলাশজ্যোতি গগৈ

মঙলবাৰে দেশে উদযাপন কৰিলে মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়্ন্তী । গান্ধী জয়ন্তী উপলক্ষে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ল। গান্ধী আৰু শংকৰদেৱৰ দৰ্শন এই দিনটোৱে পুনৰবাৰ বিচাৰ কৰাৰ এক সুযোগ আনি দিলে। বিগত কিছুদিন ধৰি শংকৰদেৱৰ সন্দৰ্ভত চৰ্চা হৈ আছে। সেই চৰ্চা আছিল শংকৰদেৱ পণ্ডিত হয় নহয় তাক লৈ এজন তথাকথিত যোগ নিৰীক্ষকে কৰা মন্তব্যক লৈ। পতঞ্জলিৰ সতীনাথ বাৰাল নামৰ এই তথাকথিত লোকজনে শংকৰদেৱক এনেদৰে অপমান কৰাক লৈ ৰাজ্য জ্বলি উঠিছিল।

শংকৰদেৱৰ সৃষ্টিৰাজিক অৱমাননা কৰা ঘটনা এয়াই প্ৰথম নহয়। আচলতে শংকৰদেৱক তেওঁলোকে মূল্যায়নে কৰিব পৰা নাই। ৰামদেৱৰ দৰে যোগগুৰুৱে শংকৰদেৱক মহাৰাজ আখ্যা দি কি শাৰীত থব বিচাৰিছে সেয়া বুজা সকলে বুজে। প্ৰতিবাদৰ ধৰণ-কৰণ দেখি ব্যৱসায়িক স্বাৰ্থত আঘাত হনাৰ ভয়ত ৰামদেৱে এনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলেও প্ৰকৃতাৰ্থত তেওঁ শংকৰদেৱৰ গভীৰতালৈ কেতিয়াও যাব নোৱাৰে। গুৰুজনাৰ সৃষ্টিৰাজি, দৰ্শনক অধ্যয়ন নকৰাকৈ কেৱল তেওঁৰ ব্যৱসায়িক স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰেহে ক্ষমা নামৰ এই নাটকখন ৰচনা কৰিলে সেয়া সহজে অনুমেয়।

ধৰ্মীয় দৃষ্টিকোণক বাদ দি শংকৰদেৱ আৰু মহাত্মা গান্ধীৰ দৰ্শন তথা সমাজমুখী লক্ষ্যৰ বহু ক্ষেত্ৰত মিল আছে। ভাৰতীয় সভ্যতাত ধৰ্মীয় আন্দোলনেৰে নৱ-ৱৈষ্ণৱ ধর্মৰ প্ৰতিষ্ঠা কৰি আধ্যাত্মিকতাৰ লগতে নৈতিকতাক গুৰুত্ব দিছিল শংকৰদেৱে। সেই একেখিনি কামে আধুনিক ভাৰতত কৰিছিল মহাত্মা গান্ধীয়ে। সু-স্বাস্থ্য আৰু সুষম আহাৰ, উপবাসৰ উপকাৰিতাৰ ওপৰত গুৰুত্ব দি শংকৰদেৱে মাটি আখৰা কৰিবলৈ শিষ্যক পৰামৰ্শ দিছিল। ইয়াৰ প্ৰতিফলন ঘটিছিল জাতিৰ পিতাৰ জীৱন ধাৰণতো।

ভাৰতৰ গ্ৰাম্য অঞ্চলসমূহত উৎপাদিত থলুৱা সামগ্ৰী ব্যৱহাৰে কুটিৰ শিল্প স্থাপনৰ লক্ষ্যৰে গ্ৰাম্য অৰ্থনীতিক টনকীয়াল কৰিব বিচাৰিছিল মহাত্মা গান্ধীয়ে। ১৫শ শতিকাতে সেই কাম কৰিছিল শংকৰদেৱে। থলুৱা শিপিনীসকলক তেওঁ উদঙণি দিছিল। বৃন্দাবনী বস্ত্ৰ তেতিয়াই প্ৰস্তুত কৰা হৈছিল। ভাওনাৰ বাবে মুখা নিৰ্মাণ কৰিছিল। স্বাৱলম্বিতা আছিল শংকৰদেৱৰ লক্ষ্য। শংকৰদেৱে যেনে দৰে গোষ্ঠীবাদক পৰিহাৰ কৰি সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলক তুলি ধৰিছিল, ঠিক একেদৰে সমাজৰ অৱহেলিত হৰিজন শ্ৰেণীক উন্নতিৰ হকে জীৱন উৎসৰ্গা কৰিছিল মহাত্মা গান্ধীয়ে।

এখন সুস্থ সমাজ, নৈতিকতাপূৰ্ণ সুশৃংখল সমাজ ব্যৱস্থাৰ প্ৰতি সজাগ আছিল মহাত্মা গান্ধী। জাতীয় অৰ্থনীতিৰ ভেটি টনকীয়াল কৰিবলৈ মহাত্মা গান্ধীয়ে থলুৱা কুটিৰ শিল্পৰ জৰিয়তে দেশবাসীক স্বাৱলম্বী কৰাৰ সপোন দেখিছিল। খাদী বৰ্ডৰ জৰিয়তে বস্ত্ৰৰ পৰা আৰম্ভ কৰি মৌ-মাখিলৈকে সকলোখিনি উৎপাদন আৰু ইয়াৰ উৎপাদিত সামগ্ৰীৰ এখন বৃহৎ বজাৰৰ সপোন দেখিছিল গান্ধীয়ে। বিভিন্ন ৰাজ্যত সেই থলুৱা সামগ্ৰীসমূহৰ কুটিৰ শিল্প স্থাপনত তেওঁ গুৰুত্ব দিছিল। মহাত্মা গান্ধীৰ এই দৰ্শনৰ ভেটি শংকৰদেৱে তেতিয়াই নিৰ্মাণ কৰিছিল। তেওঁ জানিছিল গ্ৰামীণ অৰ্থনীতিয়ে এদিন জাতীয় অৰ্থনীতি গঢ়িব পাৰিলে সি সবল আৰু দৃঢ় হ'ব।

গ্ৰামীণ অৰ্থনীতিৰ এই স্বাৱলম্বী ধাৰাক চৰকাৰে আগবঢ়াই নিব নোৱাৰিলে। কংগ্ৰেছ দলে গান্ধীৰ আদৰ্শ আৰু দৰ্শনক ব্যৱহাৰিক ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ সলনি অত্যাধিক ৰাজনৈতিক ক্ষেত্ৰত ব্যৱহাৰ কৰি ইয়াক এনে পৰ্যায়লৈ লৈ গ'ল যে সেয়া গণমুখী হোৱাৰ সুযোগ থকাৰ স্বত্তেও বহু সময়ত এক কংগ্ৰেছ সংস্কৃতি হৈ ৰৈ গ'ল। কিন্তু এইবোৰ কাম চৰকাৰে ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে আগুৱাই নিয়া হ'ল পৰিৱৰ্তনশীল অৰ্থনীতিৰ এক সুন্দৰ ভেটি গঢ় লৈ উঠিল হেঁতেনে।

শংকৰদেৱৰ ধৰ্মীয় চেতনা কেৱল নৱ বৈষ্ণৱ আন্দোলনৰ মাজতেই আৱদ্ধ হৈ থকা নাছিল। সমাজ সংস্কাৰৰ প্ৰতি শংকৰদেৱ আছিল সচেতন। সেয়েহে পূজা-অৰ্চনাৰ বিৰোধ কৰি বৈজ্ঞানিক দৃষ্টিভংগীৰে তেওঁ এখন সুস্থ সমাজ গঢ়াৰ সপোন দেখিছিল। য'ত শ্ৰেণী বিভাজনৰ কোনো লক্ষ্য নাছিল।

এক ঈশ্বৰবাদত বিশ্বাসী হৈ কৰ্মৰ মাজেৰে ধর্মক তুলি ধৰাৰ লক্ষ্য লৈছিল শংকৰদেৱে। ধৰ্মৰ সৈতে সমাজ সংস্কাৰ, সামাজিক দৃষ্টিভংগীৰ সৈতে আধুনিক মনৰ যোগসূত্ৰ স্থাপন আৰু সবল অসমীয়া জাতি গঠনৰ এই প্ৰক্ৰিয়াও মাজে মাজে স্থবিৰ হৈ ৰ'ল। মহাত্মা গান্ধীয়ে যি বুনিয়াদেৰে ভাৰতক গঢ়ি তুলিব খুজিছিল, একেই লক্ষ্য আৰু আদৰ্শৰে শংকৰদেৱে সেই সময়ৰ সমাজখনক গঢ়িব চেষ্টা কৰিছিল।

গান্ধী জয়ন্তীৰ এই দিনটোত এনে যোগসূত্ৰ স্থাপনেৰে গুৰুজনাৰ দৰ্শনক উপযুক্তভাৱে বিশ্লেষণ কৰিলে দেখা পোৱা যায় যে- স্বাৱলম্বী আৰু গ্ৰামীণ অৰ্থনীতি, সবলিকৰণ, জাতিভেদ প্ৰৰ্থাৰ বিলুপ্তকৰণ আদি বিষয়বোৰৰ সৈতে মহাপুৰুষ শংকৰদেৱৰ দৰ্শনৰ প্ৰভাৱ গান্ধীৰ ওপৰত কিবা প্ৰকাৰে পৰিছিল। সেইবোৰ দিশ এতিয়াও বৈজ্ঞানিক দৃষ্টিভংগীৰে আলোচনা বা অধ্যয়ন হোৱা নাই।

গান্ধী জয়ন্তী উদযাপনৰ লগতে শংকৰদেৱৰ ধৰ্মীয় দৃষ্টিকোণক বাদ দি আনবোৰ দিশক তুলি ধৰিব পাৰিলে জাতীয় চেতনাই এক নতুন মাত্ৰা লাভ কৰিব। ইয়াৰ বাবে দুয়োজনৰে দৰ্শনৰ এই মূল্যবোধক নতুন প্ৰজন্মই গুৰুত্ব দিব লাগিব। বহু সময়ত এনেবোৰ দৃষ্টিভংগীক আমি আওকাণ কৰি চলো।

খাদী বৰ্ডৰ জৰিয়তে উৎপাদিত সামগ্ৰীয়ে থলুৱা কুটিৰ শিল্পসমূহক ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰাৰ লগতে ইয়াৰ জৰিয়তে গান্ধীৰ সপোন সমাজমুখী কৰাত চৰকাৰৰ যথেষ্ট ভূমিকা আছিল। সেই ভূমিকা পালনৰ ক্ষেত্ৰত যিধৰণে দায়িত্ববোধৰ পৰিচয় দিব লাগিছিল, সেই দায়িত্ববোধ পালনত চৰকাৰ তথা সমাজ সফল হ'ব পৰা নাই। ইয়াৰ কাৰণ সমূহো বিশ্লেষণ কৰাৰ প্ৰয়োজন।

গান্ধী আৰু শংকৰদেৱৰ দৰ্শনৰ মাজেৰে সংমিশ্ৰিত এক ধাৰাৰে জাতীয় সত্তাক গণমুখী কৰি স্বাৱলম্বিতাৰ নতুন সপোন ৰচিবলৈ নতুন প্ৰজন্মক প্ৰেৰিত কৰিব পৰা কৰ্মপন্থা চৰকাৰে গ্ৰহণ কৰিলে ইয়াৰ নিশ্চয় সুফল পোৱা যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in