সাৱধান! আপোনাৰ কণমানি সন্তানক ‘মোবাইল হ’বলৈ’ নিদিব

সাৱধান! আপোনাৰ কণমানি সন্তানক ‘মোবাইল হ’বলৈ’ নিদিব

 ডি জে ধনন্তৰি

এখন ভাইৰেল ফটো। এগৰাকী কণমানিয়ে ঈশ্বৰক হাতযোৰ কৰি সেৱা কৰিছে। সেৱা কৰি কৰি কণমানিটিয়ে ঈশ্বৰক কৈছে, 'প্ৰভু মা-দেউতাৰ ফোনটোৰ পৰা হোৱাটছএপ উঠাই দিয়া। নহ'লে মা-দেউতাই মোৰ খবৰেই নাৰাখে প্ৰভু।' সাধাৰণ দৃষ্টিৰে চালে হাঁহি উঠা ধৰণৰ যেন লাগিলেও ফটোখনত নিহিত হৈ আছে বহু বাস্তৱ।

এখন বিদ্যালয়ৰ কাহিনী। শিক্ষকে বৰদিনৰ দুদিন পূৰ্বে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ছাণ্টাক্ল'জৰ পৰা কোনে কি বিচাৰে সেয়া লিখিবলৈ দিলে। এগৰাকী মৰমলগা কণমানি ছাত্ৰীয়ে লিখিলে, 'মোক পুতলা, কাপোৰ মিঠাই একো নালাগে। মোক লাগে আন মা-দেউতা। যিয়ে মোবাইল ফোন নহয়, মোক ভাল পাব। মোৰ সৈতে খেলিব, সাধু শুনাব। হাতত ধৰি ফুৰাবলৈ নিব।' ছাত্ৰীগৰাকীৰ কথাখিনি পঢ়ি সেমেকি উঠা দুচকুৰে বাৰে বাৰে নিজৰ মোবাইলটোলৈ চাইছিল শিক্ষকজনে।

এখন চুটি ছবি। ছবিখনে ইতিমধ্যে বহু জনপ্ৰিয়তা অৰ্জন কৰিছে। প্ৰথমতে দেখা গৈছে এগৰাকী কণমানি ছোৱালী। দুষ্টামি কৰি দৌৰি এপাকত তাই পৰি গ'ল মজিয়াত। কাষতে লাচনি-পাচনি কৰি থকা মাকে লাহেকৈ আহি তাইক তুলিলে আৰু ভেকাহি মাৰি গালি দিলে তেনেকৈ দৌৰি ফুৰা বাবে।

ইয়াৰ পিছতে বাজি উঠে এক কৰুণ সুৰ। আৰম্ভ হয় আনটো দৃশ্য। মাকৰ হাতৰ পৰা দামী ফোনটো অসাৱধানবশত মজিয়াত পৰি ডিছপ্লেখন ভাগি থাকিল। মাকে হায়ৈ-বিয়ৈক চিঞৰি উঠিল আৰু খুব দুখ কৰিলে। এপাকত কান্দিলেও। মোবাইলটোৰ ডিছপ্লে বেয়া হোৱাত গোটেই দিনটো দুখ কৰি থকা মাকক মূৰ হাত বুলাই মৰম কৰিলে কণমানিজনীয়ে।

অন্তিমটো দৃশ্যত কণমানিজনীক আন ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে স্কুলত দেখা যায়। শিক্ষকে সকলোকে কাৰ কি হ'বলৈ মন যায় সোধে। কোনোৱে ক'লে চৰাইৰ কথা, কোনোৱে ক'লে সিংহ, কোনোৱে ক'লে হাতী। সকলোৱে বিভিন্ন জন্তু আৰু ভাললগা চৰাই আদিৰ নাম ক'লে। কোনোৱে ক'লে ৰাজকুমাৰ-ৰাজকুমাৰী। আন কোনোৱে ক'লে ৰজা-ৰাণী হোৱাৰ কথা। এই কণমানিজনীৰ কিন্তু সেইবোৰ একো হ'বলৈ মন নগ'ল।

যেতিয়া তাইৰ কোৱাৰ পাল পৰিল তেতিয়া তাই থিয় হৈ আমন-জিমনকৈ থিয় হ'ল। শিক্ষকজনে সুধিলে, কোৱা তোমাৰ কি হ'বলৈ মন যায় চৰাই নে পখিলা? তোমাক দেখিবলৈ পখিলা যেনেই লাগে। তাই মূৰটো এবাৰ ইফালে এবাৰ সিফালে কৰি লাহেকৈ ক'লে, 'মোবাইল। মোৰ মোবাইল হ'বলৈ মন যায়।'

অকণমানি ছোৱালীজনীৰ এই উত্তৰ শুনি শিক্ষকজন আচৰিত হ'ল আৰু সুধিলে, 'কিয় তোমাৰ মোবাইল হ'বলৈ মন গ'ল?' কণমানিজনীয়ে ক'লে, 'মা-দেউতাই মোক বেছি ভাল নাপায়। মই পৰিলেও দুখ নকৰে। কিন্তু মোবাইলটো পৰি ডিছপ্লেখন ভাঙিলেই দিনটো ভাত নাখায়, দুখ কৰি থাকে। ময়ো সেয়ে মোবাইল হ'ম। তেতিয়া মায়ে মোকো মৰম কৰিব।'

এইবাৰ চুটি ছবি বা ভাইৰেল ফটো নহয়, বাস্তৱৰ এটা দৃশ্য। কেবাদিনো আবদাৰ কৰাত মাক-দেউতাকে শিশুটিক শ্ৰদ্ধাঞ্জলি কাননলৈ নিলে। কানন পাই ৫বছৰীয়া ল'ৰাটোক সদাব্যস্ত চাকৰিয়াল মাক-দেউতাকে আইচক্ৰীম এটা হাতত তুলি দি এঠাইত বহি ল'লে। মাজত ল'ৰাটো আৰু দুয়োফালে মাক-দেউতাক মোবাইল টিপাত ব্যস্ত। উপায় নাই, অফিচৰ হোৱাটছএপ গ্ৰুপত কেতিয়া কি নিৰ্দেশ আহে ক'বতো নোৱাৰি। তাতে আকৌ দিনটো কামত বিজি থাকোতে বহু মেছেজ, ফেচবুকৰ টাইমলাইন চাবলৈ সময়েই নহয়।

আইচক্ৰীম খাই খাই ল'ৰাটোৱে মাক-দেউতাকক মনলৈ অহা বহু কথা সুধিম বুলি ভাবে। পিছে ৰৈ যায়। কাৰণ সি দেখে যে মাক-দেউতাক দুয়ো তাৰ ফালে নহয়, মোবাইলৰ স্ক্ৰীণতহে গভীৰ মনোযোগেৰে চকু দি আছে। সি ভিতৰি চমকি উঠে আৰু কিবা এটা ভাবি আইচক্ৰীমটো আধাখোৱাকৈ দলিয়াই দি এইবাৰ ঘৰলৈ যাবলৈ মাক-দেউতাকক জোৰ কৰে।

এনে দৃশ্যবোৰ দিনে দিনে বাঢ়িবলৈ লোৱাত স্বাভাৱিকতেই চিন্তিত হৈ পৰিছে বিশ্বৰ মনোবিদসকল। ইতিমধ্যে এই লৈ মনোৰোগ বিষয়ক একাধিক ৱেবছাইটত আগশাৰীৰ মনোবিদসকল আলোকপাত আগবঢ়াইছে। প্ৰকাশ পাইছে বিভিন্ন সমীক্ষা আৰু গৱেষণাৰ ফলাফল। 'চাইকোলজি টুডে' শীৰ্ষক মনোৰোগ বিষয়ক আলোচনীখনৰ ৱেবছাইটৰ এক প্ৰতিবেদনত কোৱা হৈছে যে একক পৰিয়ালৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে স্বামী-স্ত্ৰীৰ মাজত বৃদ্ধি পাইছে মোবাইল প্ৰীতি তথা ছ'চিয়েল মিডিয়া আসক্তি। ফলত পিতৃ-মাতৃৰ পৰা কণমানিসকলৰ মাজত বৃদ্ধি পাইছে ব্যৱধান।

বিশ্বজনীন হৈ পৰা এনে সমস্যাই ইতিমধে আমাৰ দেশ তথা ৰাজ্যকো চুই গৈছে। অসমতো দিনে দিনে প্ৰায় প্ৰতিজন লোকৰ মাজত বৃদ্ধি পাবলৈ লৈছে মোবাইল আৰু ছ'চিয়েল মিডিয়া আসক্তি। এনে পৰিপ্ৰেক্ষিতত, স্কুলৰ পৰা ঘৰলৈ অহাৰ পথত কণমানিটিয়ে মাক বা দেউতাকৰ সৈতে সময় কটাব বুলি ভাবি ভাবি আহে যদিও ঘৰ পাই সন্মুখীন হয় এখন বিপৰীত ছবিৰ।

শেহতীয়াকৈ জাৰ্মানীৰ ৰাজপথত হাজাৰ হাজাৰ কণমানিয়ে সমদল উলিওৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। সমদলত ভাগ লোৱা শিশুসকলৰ হাতে হাতে আছিল প্লেকাৰ্ড। কোনোখনত প্লেকাৰ্ডত যদি লিখা আছে 'টেল মি এ ষ্ট'ৰী মম' আন কোনোখনত আকৌ লিখা আছে, 'লাভ মি, নট ইয়ৰ মোবাইল'। জাৰ্মানীত দেখা পোৱা এই দৃশ্য বাকী দেশসমূহৰ লগতে ভাৰততো দেখা পাবলৈ যে বেছি দিনৰ প্ৰয়োজন নহ'ব সেয়া ক্ৰমাৎ বৃদ্ধি পোৱা মোবাইল আসক্তিৰ পৰা সহজেই অনুমান কৰিব পাৰি।

অৱশ্যে এনে সমস্যাক লৈ চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে একাংশ বিশেষজ্ঞই। তেওঁলোকৰ মতে সময়ৰ সলনিৰ লগে লগে শিশুসকলৰ মন-মানসিকতাৰো ব্যাপক সলনি ঘটিছে। 'আজিকালি বহু শিশুৱেই মোবাইলত ব্যস্ত থাকে। শিশুসকলৰ বাবে ইণ্টাৰনেটত বহু সাধুকথা উপলব্ধ, টেক্সটৰ লগতে ভিডিঅ' ৰূপতো উপলব্ধ এনে সাধু, কাহিনী, কাৰ্টুন আদি চায়েই সময় কটাই বহু শিশুৱে। ইয়াৰ মাজতে পিতৃ-মাতৃৰ পৰাও সময় বিচাৰে। পিতৃ-মাতৃৰ পৰা সন্তানে সময় বিচাৰিবই। সেই বিষয়ত প্ৰতিগৰাকী পিতৃ-মাতৃ যথেষ্ট সজাগ হ'ব লাগিব।'-এইদৰে মন্তব্য আগবঢ়াইছে ইংলেণ্ডৰ মনোৰোগ বিশেষজ্ঞা গডাৰ্ড বাইলথে।

এবছৰীয়া শিশুটোৱেও মোবাইল কিদৰে ব্যৱহাৰ কৰিব লাগে, ক'ত টাচ্ছ কৰিব লাগে সেয়া জনা হোৱালৈ চাই সময়ৰ লগে লগে শিশুসকলৰ মন-মগজুৰ বিৱৰ্তন হৈছে বুলিও দাবী কৰিছে একাংশ বিজ্ঞানীয়ে। শিশুৱে মোবাইলত গান, ভিডিঅ' আদি চাই বা শুনি ভাল পোৱাতো কোনো শংকাৰ কাৰণ নহয় বুলি ধাৰণা কৰে এইসকল বিজ্ঞানীয়ে।

এনেকৈয়ে এতিয়া বিষয়টোক লৈ চলিছে বিশেষজ্ঞসকলৰ তুমুল যুদ্ধ। এটা চামৰ দাবী যে মোবাইল, ছ'চিয়েল মিডিয়াই কণকণ শিশু আৰু পিতৃ-মাতৃৰ মাজত ব্যৱধান বৃদ্ধি কৰিছে। ইয়াৰ ফলত অনাগত সময়ত বিপদৰ সম্ভাৱনাও দেখা পাইছে এইচামটোৱে। আন এটা চামৰ দাবী যে সময় সলনি হৈছে, সময়ৰ লগে লগে প্ৰযুক্তিৰ সৈতে মানুহৰ শৰীৰ আৰু মনে সহৱস্থান কৰিবলৈ শিকিছে। এতিয়াৰ শিশুৰ মন আৰু শৰীৰ মোবাইল-ইণ্টাৰনেটৰ সৈতে জন্মৰ পূৰ্বৰে পৰা অভ্যস্ত বুলিও এই চামটোৱে ক'ব খোজে।

সেয়া হ'লেও এটা কথাত অৱশ্যে সকলোৱে একমত যে শিশু অৱস্থাত সন্তানক পিতৃ-মাতৃয়ে যিমান পাৰি সিমান সময় দিবলৈ যত্নপৰ হোৱা উচিত। মোবাইল বা ছ'চিয়েল মিডিয়াৰ লগতে সন্তানৰ সৈতেও সময় কটালে তাৰ সু-প্ৰভাৱ ভৱিষ্যতত যে দেখিবলৈ পোৱা যাব সেয়া নিশ্চিত। কিয়নো শিশু মাত্ৰেই মৰম আকলুৱা। মাক-দেউতাকৰ সৈতে শিশু অৱস্থাত সন্তানৰ যি সু-গভীৰ সম্পৰ্ক থাকে সেয়া প্ৰযুক্তিয়ে কোনো কাৰণতে পূৰণ কৰিব নোৱাৰে। সেয়ে প্ৰয়োজনত কণমানিটিক ইউটিউবত কাৰ্টুন, শিশু উপযোগী ভিডিঅ' আদি চাবলৈ দিলে পিতৃ-মাতৃকো সন্তানৰ সৈতে একেলগে চাবলৈ পৰামৰ্শ আগবঢ়াইছে বিশ্বৰ আগশাৰীৰ মনোবিদসকলে।

'কণমানিটিয়ে হাঁহিলে আপোনালোকেও হাঁহক। নাচিলে আপোনালোকেও নাচক। ই শিশুটিৰ মগজুৰ বিকাশত যথেষ্ট প্ৰভাৱ পেলায়। আপোনাৰ শিশুৱে যদি ইউটিউব বা ইণ্টাৰনেটচ ভিডিঅ', কাৰ্টুন চাই ভালপায় তেন্তে আপোনালোকেও একেলগে চাওক। দেখিব আপোনাৰ কণমানিটিৰ আনন্দৰ সীমা নাইকিয়া হৈ পৰিছে।'-মনোবিদ বাইলথৰ মন্তব্য।

সঁচাকৈয়ে কণমানি শিশুটিৰ আনন্দইটো পিতৃ-মাতৃৰ আনন্দ। কণমানিটিৰ এটি মাথো মিচিকিয়া হাঁহিতেই লুকাই থাকে দাম্পত্য জীৱনৰ হাজাৰ সুখ! যদিহে ওপৰত উল্লেখ কৰা কাহিনীকেইটাৰ শিশুকেইটিৰ পিতৃ-মাতৃৰ দৰে আপোনালোকেও মোবাইল, ছ'চিয়েল মিডিয়াৰ প্ৰতি আসক্ত হৈ পৰিছে তেন্তে এই সুখৰ পৰা বঞ্চিত নহ'বৰ বাবে আজিয়েই এনে পৰিকল্পনা কৰক যাতে আপোনাৰ কণমানি সন্তানে কোনোৱে কি হ'বা বুলি সুধিলে মোবাইল হম বুলি ক'বলগীয়া নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in