এই বছৰ ইটোৰ পিছত সিটো ভাল খবৰ আহিছে ৰাজ্যলৈ…

এই বছৰ ইটোৰ পিছত সিটো ভাল খবৰ আহিছে ৰাজ্যলৈ…

? ডি জে ধনন্তৰি

'হে কৃপাময় জগদীশ্বৰ, এই অসম দেশৰ লোকসকলক সভ্য, গিয়ানী আৰু ধাৰ্মিক কৰিবলৈ মতি দিয়া, সিবিলাকৰ অভাৱ আৰু দুৰৱস্থা জানিবলৈ সিবিলাকক গিয়ান দিয়া আৰু তোমাৰ বিচিত্ৰ শক্তিৰে সিবিলাকক সভ্য কৰা। …যি সময়ত অসম হাবি গুচি ফুলবাৰী হ'ব, ঘৰ বাঁহৰ গুচি শিল-ইটাৰ হ'ব, গাঁৱে গাঁৱে হেজাৰ হেজাৰ পঢ়াশালি হ'ব, গিয়ানৰ সভা, চিকিৎসালয়, দুখীয়া-দৰিদ্ৰ পৰিত্ৰাণৰ আলয় হ'ব আৰু যি কালত লোকসকলে পৰস্পৰে হিংসা-হিংসি নকৰি আটাইকে ভ্ৰাতৃব চেনেহ কৰিব, …. সেই সময়, হে পৰমপিতা জগদীশ্বৰ, শীঘ্ৰে ঘটোৱা।'-এদিন এনেদৰে প্ৰাৰ্থনা জনাইছিল আধুনিক অসম নিৰ্মাতাসকলৰ অন্যতম আনন্দৰাম ঢেকিয়াল ফুকনে।

সেই প্ৰাৰ্থনা এশ শতাংশ নহ'লেও বহুখিনিয়েই যেন এতিয়া পূৰণ হৈছে। গাঁৱে গাঁৱে হোৱা হেজাৰ হেজাৰ পঢ়াশালিয়ে জন্ম দিছে ন ন প্ৰতিভাৰ। চহৰাঞ্চলৰ তুলনাত আগবাঢ়ি গৈছে গাঁও। ঢেকিয়াল ফুকনৰ সপোন পূৰণ হ'বলৈ বহু বাকী থকা গাঁৱসমূহৰ পৰাই এতিয়া ওলাই আহিছে এজন এজনকৈ ৰকষ্টাৰ। গাঁৱৰ ৰকষ্টাৰ। ভিলেজ ৰকষ্টাৰ।

ৰীমা দাস। কামৰূপ জিলাৰ ছয়গাঁৱৰ পৰা এতিয়া অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ওলাইছে ৰীমাই। গাঁৱৰ পৰাই ৰীমাই আৰম্ভ কৰিছে এই সপোনৰ যাত্ৰা। ৰীমা এতিয়া সঁচা অৰ্থত 'ভিলেজ ৰকষ্টাৰ'। দেশৰ লগতে বিদেশতো সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হোৱা ৰীমাৰ এই সাফল্যই উৎসাহিত কৰি তুলিছে বহুতকে।

হিমা দাস। নগাঁও জিলাৰ ধিঙৰ এখন ভিতৰুৱা গাঁও কান্ধুলিমাৰী। এই গাঁৱতেই দৌৰৰ আদিপাঠ লৈছিল হিমাই। আন দহজনৰ দৰে ৰাস্তাত দৌৰিছিল, পথাৰত দৌৰিছিল, চোতালত দৌৰিছিল। দৌৰি দৌৰিয়েই এদিন সপোন দেখিছিল বিশ্বজয়ৰ। বুকুত সন্তৰ্পণে বাহ লোৱা সেই সপোনক সাৰোগত তেওঁ কেৱল দৌৰিছিল। গাঁৱৰ পৰা আহি নিজৰ জিলা সদৰ, তাৰ পিছত গুৱাহাটী, অৱশেষত ৰাষ্ট্ৰীয় পৰ্যায়তো দৌৰি চমক সৃষ্টি কৰা হিমাই ফিনলেণ্ডত বুটলিবলৈ সমৰ্থ হয় প্ৰাপ্তিৰ স্বৰ্ণ। আস কি মধুৰ সেই প্ৰাপ্তি। এয়াইটো প্ৰতিভা।

এনেকৈয়ে এছিয়ান গেমছত এটা নহয়, দুটা নহয় তিনিটাকৈ পদক জয়ৰে উজলি উঠা হিমাই দেখুৱাই দিছিল যে অসমত প্ৰতিভাৰ অভাৱ নাই। গাঁৱে-ভূঞে দৌৰি ফুৰা, চাইকেল চলাই ফুৰা, ক্ৰিকেট-ফুটবল খেলি মাক-দেউতাকৰ গালি খাই ফুৰা কণকণ ল'ৰা-ছোৱালীবোৰৰ মাজতো যে হাজাৰ প্ৰতিভা লুকাই আছে সেয়া বিনা দ্বিধাই ক'ব পাৰি। পিছে সেই প্ৰতিভাই পূৰ্ণ বিকাশৰ সুযোগ নোপোৱাকৈয়ে সময়ত হেৰাই যায়।

কিন্তু কিয়? কিয় অকালতে হেৰাই যায় এনে প্ৰতিভা? তাৰ উত্তৰ বিচাৰি হাবাথুৰি খোৱাৰো কোনো প্ৰয়োজন নাই। উত্তৰ লুকাই আছে আমাৰ হাততে। এই যে স্কুলৰ পৰা আহি ক্ৰিকেট খেলিবলৈ দৌৰি যোৱা ল'ৰাটোৱে ভাল বলিং কৰে বা বেটিং কৰে তাৰ খবৰ কেইজন অভিভাৱকে ৰাখে? তৃতীয়-চতুৰ্থ মানলৈকে সন্তানক ছবি আঁকিবলৈ পিতৃ-মাতৃয়ে জোৰ ঠিকেই দিয়ে। পিছে ভাল ছবি অঁকাৰ পিছতো ডাঙৰ হৈ অহাৰ লগে লগে সকলো ধোৱাছাঙত উঠে। কিয় এনে হয়?

এয়াইতো প্ৰতিভাৰ অপমৃত্যু। এনেকৈয়ে আমাৰ চৌদিশে প্ৰতিভা লুকাই থকা সত্বেও বহু প্ৰতিভাই পূৰ্ণ বিকশিত নোহোৱাকৈয়ে মৰহি যায়। তাৰ মাজতো জুয়ে পুৰিলে সোণ যিদৰে অধিক উজ্জ্বল হয় ঠিক সেইদৰে অশেষ ঘাত-প্ৰতিঘাতৰ মাজতো কোনেও সুযোগ নিদিলেও নিজেই বিচাৰি লয় প্ৰতিভা বিকাশৰ বাট। তেনে প্ৰতিভাক পিছত সমাজে নিজেই প্লেটফৰ্ম দিবলৈ বাধ্য হৈ পৰে।

বোকাখাতৰ এগৰাকী কণমানি। নাম আস্থা। জন্মৰে পৰা সংগীতৰ প্ৰতি ভীষণ ৰাপ। ঘৰখনত সংগীতৰ চৰ্চাৰ কোনো পৰিৱেশ নাথাকিলেও আস্থাই তেনেকৈয়ে অব্যাহত ৰাখিছে সংগীত চৰ্চা। আস্থাৰ সংগীত প্ৰতিভাৰ উমান পাই তবধ মানিছে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও। আধুনিক তথ্য-প্ৰযুক্তিৰ সহায় লৈ কোনোৱে মোবাইলত ১০ বছৰীয়া ছাত্ৰীগৰাকীৰ প্ৰতিভাৰ নিদৰ্শন ৰেকৰ্ডিং কৰি এৰি দিছিল ছ'চিয়েল মিডিয়াত। মূহূৰ্ততে সমগ্ৰ অসমতে ভাইৰেল হৈ পৰে কণমানিগৰাকীৰ প্ৰতিভাৰ স্বাক্ষৰ বহনকাৰী সেই ভিডিঅ'। কণমানিগৰাকীৰ এই প্ৰতিভাক সঠিক বাট দেখুওৱাৰ দায়িত্ব এতিয়া অসমবাসীৰ।

বহুতৰে আক্ষেপ, সকলোক্ষেত্ৰতে পিছপৰা অসম! পিছে এয়া কিমান সত্য? সাহিত্য, সংস্কৃতি, ক্ৰীড়া, বিজ্ঞান সকলোক্ষেত্ৰতেই আজি আগবাঢ়ি গৈছে অসম। উজলি উঠিছে বিশ্ব পৰ্যায়ত। দেশৰ সীমা চেৰাই বিশ্ব পৰ্যায়তো জিলিকাই তুলিছে অসমৰ নাম। ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ চালেই উমান পোৱা যায় একাধিক প্ৰতিভাৰ। ভোগেশ্বৰ বৰুৱা, মনালিছা বৰুৱা মেহতা, জয়ন্ত তালকুদাৰ, শিৱ থাপাৰ পিছত এইবাৰ চমকপ্ৰদ প্ৰদৰ্শনৰে সন্মানীয় অৰ্জুন বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে হিমা দাস। সেয়াই নহয়, হিমাই এতিয়া অলিম্পিকৰ ইতিহাসত অসমৰ নাম লিপিৱদ্ধ কৰিব বুলিও আশাৰে বাট চাই ৰৈছে ৰাজ্যবাসীয়ে।

হিমাই এছিয়ান গেমছত সাফল্য অৰ্জন কৰাৰ কিছুদিন পিছতে অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ আহিছিল কেবাটাও খবৰ। কোৰিয়াত লখিমপুৰৰ হৃদয় হাজৰিকাই শ্বুটিঙত স্বৰ্ণ জয় কৰাৰ লগতে মাজুলীৰ ৰুণজুন পেগুৱে ৰাষ্ট্ৰীয় পৰ্যায়ত জেভলিন থ্ৰ'ত লাভ কৰে চেম্পিয়নৰ খিতাপ। মালয়েছিয়াত পখিলা ইংতিপিয়ে ৫০০০ মিটাৰ দৌৰত জয় কৰে ব্ৰঞ্জৰ খিতাপ। তুৰস্কৰ পৰাও আহে ভাল খবৰ। আন্তৰ্জাতিক বক্সিং প্ৰতিোগিতাত ওদালগুৰিৰ ভাগ্যৱতীয়ে অৰ্জন কৰে সাফল্যৰ স্বৰ্ণ।

ক্ৰীড়াৰ ক্ষেত্ৰখনৰ পৰা আঁতৰি আহি সাংস্কৃতিক ক্ষেত্ৰখনলৈ চালেও দেখা পাও নতুন প্ৰজন্মৰ মাজৰ অনেক প্ৰতিভা। অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ওলোৱা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছৰ কথাকে ক'ব পাৰি। দেশ-বিদেশত সমাদৰ বুটলিবলৈ সমৰ্থ হোৱা ছবিখনত দুৰ্দান্ত অভিনয় কৰিছে ছয়গাঁৱৰ নতুন প্ৰজন্মৰ কেবাগৰাকী অভিনয় শিল্পীয়ে। কণকণ ল'ৰা-ছোৱালীকেইটাৰ অভিনয় প্ৰতিভাই সকলোকে মুগ্ধ কৰাৰ লগতে চমকিত কৰিও তুলিছে।

আনহাতে বিগত সময়ছোৱাত কালাৰ্ছ, এণ্ডটিভিকে আদি কৰি কেবাটাও আগশাৰীৰ মনোৰঞ্জনলমূলক টিভি চেনেলৰ ৰিয়েলিটী শ্ব'ৰ জৰিয়তে নিজৰ প্ৰতিভাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজলাই তুলিবলৈ সমৰ্থ হৈছে কেবাগৰাকী শিশু শিল্পীয়ে। তামন্না দীপক, মানসী চহৰীয়া, শ্ৰুতি গোস্বামী, নাহিদ আফ্ৰিনকে আদি কৰি একাধিক প্ৰতিভাই দেখুৱাই যে কোনো ক্ষেত্ৰতে পিছপৰা নহয় অসম। এনেদৰেই এতিয়া হাজাৰ বাধা নেওচি প্ৰায় প্ৰতিটো ক্ষেত্ৰতে উজলি উঠিছে অসম। সাম্প্ৰতিক সময়ত অসমক সকলোক্ষেত্ৰতে পিছপৰা বুলি ক'লে সতকাই মানি ল'ব পৰা পৰিৱেশ নাই। ৰাজনীতি, সাংবাদিকতা, শিক্ষা-দীক্ষা সকলো ক্ষেত্ৰতে দিনে দিনে আগুৱাই গৈছে অসম। পিছপৰি থকা নাই ব্যৱসায় বাণিজ্যতো।

তথ্য-প্ৰযুক্তিৰ বিকাশৰ লগে লগে এতিয়া তেনেই এখন ক্ষুদ্ৰ গাঁৱত পৰিণত হৈ পৰিছে সমগ্ৰ বিশ্ব। সমান্তৰালভাৱে দ্ৰুতগতিত চৌদিশে দেখা গৈছে উন্নয়ন আৰু উন্নয়ন। এনে দ্ৰুত পৰিৱৰ্তনৰ সৈতে খোজ মিলাই অসমৰ নতুন প্ৰজন্মই ক্ৰমশঃ আগবাঢ়িবলৈ শিকিছে। অতীততো অসমত জন্ম হৈছিল হাজাৰ প্ৰতিভাৰ। অতীতত জন্ম পোৱা সেই প্ৰতিভাৱানসকলৰ বহুজনেই বৰ্তমান আমাৰ মাজত নাই। সেইসকল প্ৰতিভাৱানৰ অভাৱ পূৰণ কৰাটোও কোনোদিনে সম্ভৱপৰ নহয়। কিন্তু সুখৰ কথা এয়ে প্ৰতিভাৱানৰ জন্মৰ প্ৰক্ৰিয়া কোনোদিনেই স্থবিৰ হৈ পৰা নাই এই মুলুকত। বৰং দিন যোৱাৰ লগে লগে ক্ৰমাৎ নতুন নতুন প্ৰতিভাই পূৰ্বতকৈয়ো অধিক ক্ষিপ্ৰ গতি বিশ্বৰ অন্যান্য প্ৰান্তৰ সৈতে খোজ মিলাই
অসমক আগুৱাইহে লৈ গৈছে।

নতুন প্ৰজন্মৰ প্ৰতিভাধৰসকলৰ প্ৰতিভা আৰু কৰ্মৰাজি যেন আধুনিক অসম নিৰ্মাতাসকলৰ অন্যতম আনন্দৰাম ঢেকিয়াল ফুকনৰ সেই প্ৰাৰ্থনাৰে ফল। তেওঁৰ প্ৰাৰ্থনা অনুযায়ী আজিও সমগ্ৰ অসমখন হাবি গুচি ফুলবাৰী হৈ নুঠিলেও, গিয়ানীৰে ভৰি নপৰিলেও পূৰ্বতকৈ ইয়াৰ সংখ্যা যে বৃদ্ধি পাইছে তাত সন্দেহৰ কোনো অৱকাশ নাই। এনে এক ইতিবাচক মুহূৰ্তত আহক আমি সকলোৱে এই অংগীকাৰ কৰো যাতে কোনো কাৰণতে প্ৰতিভাসমূহ অকালতে মৰহি যাব নোৱাৰে। শেষত ইয়াকে ক'ব পাৰি যে অসমত প্ৰতিভাৰ কোনোকালে অভাৱ নাছিল আৰু কোনোকালে অভাৱ নঘটে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in