ক্রীড়া-জগত

অধিনায়ক পদ এৰিলেও সদায় তেওঁ ‘ৰিয়েল হিৰ’…

asomiyapratidin

ৰাজৰ্ষি চহৰীয়া

ভাৰতীয় ক্ৰিকেট ক্ষেত্ৰখনত এজন খেলুৱৈৰ নাম আমি সদায়ে ল'ব লাগিব। বহু দিগ্বজ দিগ্বজ খেলুৱৈয়ে দেশৰ বাবে বিভিন্ন সময়ত গৌৰৱ কঢ়িয়াই আনিছে। ভাৰতত ক্ৰিকেট আৰম্ভণিৰ পৰা বৰ্তমানলৈ যিসকল খেলুৱৈয়ে দেশৰ হৈ খেলিছে তেওঁলোকে প্ৰতিখন মেচতে নিজৰ কিবা নহয় কিবা এটা অৰিহণা দি থৈ গৈছে। কিন্তু নৱপ্ৰজন্মৰ ক্ৰিকেটাৰসকলৰ বাবে এজন খেলুৱৈৰ নাম সদায় মনত থাকিব। তেওঁ হৈছে বিৰাট কোহলী।

বিৰাট কোহলী এনে এজন খেলুৱৈ যাক লৈ প্ৰতিগৰাকী ভাৰতীয়ই মেচ খেলাৰ সময়ত এক ভাল খেল খেলিব বুলি আশা কৰে। আৰু তেওঁ সেই আশা পূৰণ কৰিবলৈ সক্ষমো হৈছে। বহু অভিলেখ গঢ়ি থৈছে বিৰাট কোহলীয়ে। বিৰাট কোহলীৰ বেটিং, ফিল্ডিঙৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেন্তে তেওঁ বহুতেই বেছি ভাল খেলে। এইটোও মানিব লাগিব যে প্ৰতিখন মেচতে কোনো খেলুৱৈয়ে চেঞ্চুৰী কৰিব নোৱাৰে। আৰু তেনেকুৱা বিৰাট কোহলীৰ ক্ষেত্ৰতো বহুবাৰেই হৈছে।

তাৰ মাজতে শনিবাৰ অৰ্থাৎ ১৬ জানুৱাৰী, ২০২১ত ক্ৰীড়া জগতৰ এক বিশেষ খবৰ আহিছিল। তেওঁ ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি দিয়াৰ এক পোষ্ট ছ'চিয়েল মিডিয়াত দিয়ে বিৰাট কোহলীয়ে। তাৰ পাছতে সমগ্ৰ দেশতেই ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিৰাট কোহলীয়ে টুইটাৰত এই কথা সদৰি কৰে যে তেওঁ টেষ্টৰ অধিনায়ক পদৰ পৰা অব্যাহতি ল'ব।

ইয়াৰ পূৰ্বে টি ২০ বিশ্বকাপৰ পাছত টি-২০ দলৰ অধিনায়কৰ পৰা অব্যাহতি লৈছিল বিৰাট কোহলীয়ে। আৰু তাৰপাছত দক্ষিণ আফ্ৰিকাৰ টেষ্ট ছিৰিজৰ পাছত টেষ্ট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি লয়। তেওঁ টেষ্টৰ অধিনায়কৰ দায়িত্ব ২০১৪চনত গ্ৰহণ কৰিছিল। মহেন্দ্ৰ সিং ধোনীয়ে এই পদৰ পৰা অব্যাহতি লোৱাৰ পাছতে বিৰাট কোহলীক দিয়া হৈছিল এই দায়িত্ব।

উল্লেখ্য যে, বিৰাট কোহলীয়ে ৭ বছৰে এই দায়িত্ব পালন কৰাৰ পাছত অব্যাহতি লৈছিল। আৰু তেওঁ সেই কথা উল্লেখ কৰি টুইটাৰত লিখিছিল- 'It's been 7 years of hard work, toil and relentless. perseverance everyday to take the team in the right direction. I've done the job with absolute honesty and left nothing out there. Every thing has to come to a halt at some stage and for me as Test Captain of India, it's now. There have been many ups and also some downs along the journey, but never has there been a lack of effort or lack of belief. I have always believed in giving my 120 percent in everything I do, and if I can't do that, I know it's not the right thing to do. I have absolute clarity in my heart and I cannot be dishonest to my team.

I want to thank the BCCI for giving me the opportunity to lead my country for such a long period of time and more importantly to all the teammates who bought into the vision I had for the team from day one and never gave up in any situation. You guys have made this journey so memorable and beautiful. To Ravi Bhai and the support group who were the engine behind this vehicle that moved us upwards in Test Cricket consistently, you all have played a massive role in bringing this vision to life. Lastly, a big thank you to MS Dhoni who believed in me as a Captain and found me to be an able individual who could take Indian Cricket forward.'

ইফালে, ভাৰতীয় ক্ৰিকেট বৰ্ডৰ অধ্যক্ষ সৌৰভ গাংগুলীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰাক্তন ভাৰতীয় খেলুৱৈ তথা বিচিচিআইৰ অধ্যক্ষ গৰাকীয়ে কয় যে- 'বিৰাট কোহলীয়ে ভাৰতীয় ক্ৰিকেট খেলৰ ক্ষেত্ৰখনক সকলো প্ৰকাৰে আগুৱাই নিছে অতি দ্ৰুতগতিত। তেওঁ অব্যাহতি লোৱা সিদ্ধান্তটো সম্পূৰ্ণ ব্যক্তগিত আৰু বিচিচিআইয়ে তেওঁৰ সিদ্ধান্তক সন্মান কৰে। ভাৰতীয় ক্ৰিকেট দলক নতুন অভিলেখৰ শীৰ্খলৈ নিয়াত তেওঁৰ ভূমিকা বহু বেছি থাকিব। তেওঁ এগৰাকী মহান খেলুৱৈ।'

উল্লেখ্য যে, অধিনায়ক হিচাপে টেষ্টৰ প্ৰথম তিনিটা ইনিংছত তিনিটা শতৰাণ কৰা প্ৰথম গৰাকী খেলুৱৈ হৈছে বিৰাট কোহলী। ইয়াৰ আগেয়ে গ্ৰেগ চেপেলে টেষ্টৰ অধিনায়ক হিচাপে প্ৰথম দুটা ইনিংছত শতৰাণ কৰিছিল। বিৰাট কোহলীৰ নেতৃত্বত ভাৰতে ৬৮খন মেচৰ ৪০খনতে জয়ী হৈছে।

 বিৰাট কোহলীয়ে ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদৰ পৰা অব্যাহতি লোৱাটো তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত। কিন্তু যিসকলে প্ৰকৃতাৰ্থত ক্ৰিকেট খেলক ভাল পাই তেওঁ বুজি পায় যে বিৰাট কোহলীয়ে কিমান কষ্ট আৰু সাধনা কৰিছে। যাৰ ফলত তেওঁ দেশৰ নামত ইমানবোৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।  তেওঁৰ দৰে এগৰাকী খেলুৱৈ অধিনায়ক নহ'লেও অধিনায়কতকৈ কমো নহয়।