তুলসীৰ তলত-পথাৰৰ মাজত বন্তি প্ৰজ্বলনেৰে অসমীয়াৰ কাতি বিহু…

তুলসীৰ তলত-পথাৰৰ মাজত বন্তি প্ৰজ্বলনেৰে অসমীয়াৰ কাতি বিহু…

ৰাজৰ্ষি চহৰীয়া

প্ৰতিজন অসমীয়াই আজি চোতালৰ তুলসী গছজোপাৰ তলত আৰু পথাৰত চাকি বন্তি জ্বলাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে, কিয়নো আজি অসমৰ অসমীয়াৰ কাতি বিহু। আজি ভৰাল উদং৷ পিছে এই উদং অৱস্থা কিমান দিনলৈ? সময় জানো ৰৈ থাকে? কাতি গ'লেই আহিব আঘোণ৷ সোণালী হৈ উঠিব ধাননি৷ কাতিৰ কঙালীত ভৰাল উদং হৈ পৰা কৃষকেও জানে আৰু কিছুদিন পিছতে সোণগুটিৰে পুনৰ ভৰি পৰিব ভঁৰাল৷ সেয়া হ'লেও কাতিৰ দুৰ্দিনৰ আছে এক সুকীয়া মাদকতা৷ সেই দুখবোধ অনুভৱ কৰাতেই লুকাই আছে কঙালী বিহুৰ বিশেষত্ব৷

কোৱা হয় যে, দুখ নকৰিলে মুখ নভৰে৷ বহাগৰ বৰষুণৰ পিছত জেঠ-আহাৰত কঠিয়া সিঁচি ভূঁই ৰোৱালৈকে কিমান যে কষ্ট৷ ইমানতেই কষ্টৰ শেষ নহয়৷ গেৰ মেলা ধাননিত আৰম্ভ হয় কীট-পতংগৰ আক্ৰমণ৷ এনেকৈয়ে হাজাৰ বিজাৰ দুৰ্ভাৱনাই আৱৰি ধৰে কৃষকক৷ কিন্তু তাৰপাছতো সাহস আৰু ধৈৰ্য্যৰে অসমীয়া কৃষক ৰৈ থাকে সুদিনৰ অপেক্ষাত৷ কীটনাশক নথকা সেই দিনত কীট-পতংগৰ আক্ৰমণ কেনেকৈ ৰোধ কৰিব? উপায় কি? উপায় আকাশ বন্তি, উপায় খেতিপথাৰত সন্ধিয়া পৰত বন্তি প্ৰজ্বলন৷ এনেকৈয়ে আৰম্ভ হয় পৰম্পৰা৷ পুৰণি দিনত ঘৰৰ চৌপাশত দিবলৈ কোনো সুগন্ধি সামগ্ৰী বা ফেনাইল নাছিল৷ তেন্তে কি দিব? সমাধান তুলসী৷ কৈ শেষ কৰিব নোৱাৰা তুলসীৰ গুণৰ বিষয়ে জানিছিল তাহানিৰ অসমীয়াই৷

কঙালীৰ দিনতে সেয়ে ৰোপণ কৰিছিল তুলসী। মাটিৰ চাকি অথবা ঔটেঙাৰ বকলাত সৰিয়হ তেল আৰু কপাহৰ ধিমিক-ধামাক জুই শিখাৰে উজ্বলি উঠিছিল তুলসী তল। তুলসী তলত পিছে মৃগ পহু চৰা নাছিল, চৰিছিল অসমীয়া কঙাল কৃষকৰ আশা-ভৰসা আৰু সপোন। সপোন হৈছে সোণগুটি চপোৱাৰ। এনেকৈয়ে অসমীয়াই তাহানিতে সুখৰ সপোন দেখি কঙালী বিহু পালন কৰি অনুভৱ কৰিবলৈ শিকিছিল দুখবোধ। কঙালীৰ এই দুখবোধতে লুকাই আছিল প্ৰাপ্তিৰ আশা আৰু অনাবিল সুখ ভোগৰ ইংগিত।

আকাশবন্তি জ্বলিছে। এটা সময়ত কাতি বিহুত প্ৰতিখন পথাৰতে জ্বলিছিল আকাশ বন্তি। এতিয়া সময় সলনি হ'ল। সন্ধিয়া হ'লেই নিয়ন চাকিৰ পোহৰত চমকি উঠে গাঁৱৰ পিছত গাঁও, চহৰৰ পিছত চহৰ। বৈজ্ঞানিক পদ্ধতিৰে খেতি-বাতি কৰা সকলে খেতিপথাৰতো নিশাৰ ভাগত বিজুলী বাতিৰ ব্যৱস্থা কৰিছে।

সেই বুলিয়েই অসমীয়াৰ প্ৰাণৰ পৰম্পৰা এটা কি নাইকিয়া হৈ পৰিব। ওহো সেয়া হ'বলৈ দিব নোৱাৰি। হ'বলৈ দিব নোৱাৰি বাবেই বহুতে আজিও জীয়াই ৰাখিছে সেই পৰম্পৰা। ছেগা চোৰোগাকৈ হ'লেও অসমৰ ভিন্ন স্থানত কাতি বিহুৰ দিনটোত সন্ধিয়া পথাৰত জ্বলি উঠে আকাশ বন্তি। কীট-পতংগ নাশ কৰাৰ লগতে আকাশ বন্তিৰ সৈতে আন লোক বিশ্বাসো জড়িত হৈ আছে। বিশ্বাস এয়ে যে আকাশ বন্তিৰ পোহৰত হেনো আমাৰ উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। এইধৰণৰ একাধিক পৰম্পৰা আৰু লোক বিশ্বাসৰ মাজেৰে মাজুলীৰ আউনীআটি সত্ৰত প্ৰতিবছৰেই আকাশবন্তি জ্বলাই অহা হৈছে।

আজি সমগ্ৰ ৰাজ্যতেই পালন কৰা হয় কাতি বিহু। বটদ্ৰৱাৰ ১২ খন গাঁৱৰ ৰাইজ সমবেত হৈ উদযাপন কৰিলে কাতি বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমীয়া বাপতি সাহোন কাতি বিহুটো বটদ্ৰৱাৰ ১২ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ ঐতিহ্যমণ্ডিত শিঙিয়া দলনি স্থিত গোপাল কৃষ্ণ গৰখীয়া থানত উদযাপন কৰা হয়।

ইফালে, ওদালগুৰি চহৰৰ সমীপৱৰ্তী বটাবাৰী, খাগ্ৰাবাৰী, বৰ্ণগাও, বগৰীবাৰী, আংৰাগাওঁ, নলখামৰাকে ধৰি চহৰখনৰ বিভিন্ন গাওঁত আজি গাওঁৰ ৰাইজে ঘৰে ঘৰে কাতি বিহু পালন কৰে। বিহু উপলক্ষে পুৱাৰে পৰাই সীমাহীন ব্যস্ততা দেখিবলৈ পোৱা যায় চহা কৃষক ৰাইজৰ মাজত। সন্ধিয়া ঘৰৰ গৃহিনীসকলে পবিত্ৰ তুলসী গছৰ তলত বন্তি প্ৰজ্বলন কৰি গাওঁৰ আই-মাতৃসকলে সমষ্ট বিশ্বৰ মঙ্গল কামনা কৰে।মাজুলীতো কাতি বিহু উদযাপিত হৈছে । মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিনপাট সত্ৰ, গড়মুৰ সত্ৰত ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আকাশ বন্তী প্ৰজ্বলন কৰিব আজি সন্ধিয়া। ঐতিহাসিক আউনীআটী সত্ৰত ৩৬৮ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰিছে ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো সোমবাৰে পৰম্পৰাগতভাৱে কাতি বিহু পালন কৰা হয় ৷ সত্ৰ নগৰী বৰপেটাত কাতি মাহটোক পৰম্পৰাগতভাৱে ধৰ্মীয় মাহ হিচাপে গণ্য কৰা হয় ৷ গোটেই কাতি মাহটোত হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ থাকে সত্ৰ নগৰী মাহ ৷ কাতি বিহু উপলক্ষ্যে আজি বৰপেটা চহৰৰ বিলৰটাৰী হাটীৰ ৰাখাল থানত কোভিড প্ৰট'কল মানি নাম প্ৰসংগ কৰা হয় ৷দিনজোৰা হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ উঠে ৰাখাল থান ৷ ইপিনে , জিলাখনৰ বিভিন্ন গাঁৱত কৃষকে পথাৰত আকাশ বন্তি জ্বলাই প্ৰভুৰ চৰণত সেৱা জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in