ভাৰতীয় সেনা বাহিনীঃ কি হ’ল সলনি…

ভাৰতীয় সেনা বাহিনীঃ কি হ’ল সলনি…

ৰাজৰ্ষি চহৰীয়া

প্ৰতিজন ভাৰতীয়ৰ বাবে দিনা-নিশাই অতিপাত ঠাণ্ডা, প্ৰচণ্ড গৰম, ৰ'দ-বৰষুণ সকলোকে নেওচি নিৰাপত্তা দি গৈছে আমাৰ ভাৰতীয় সেনা বাহিনীয়ে। প্ৰতিজন ভাৰতীয় নাগৰিকে নিশা শান্তিত টোপনি যাবলৈ পাৰিছে কেৱল ভাৰতীয় সেনা বাহিনীৰ কাৰণেই। তেওঁলোকে সীমান্তত অতি কষ্টৰে নিজৰ দায়িত্ববোৰ পালন কৰি গৈছে বাবেইতো আমি সকলোৱে আজি এনেদৰে থাকিব পাৰিছো কোনো অসুবিধা নোপোৱাকৈ। সেয়েহে প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত বহুত সন্মান আৰু আত্মীয়তাৰে ভাৰতীয় সেনা বাহিনীৰ বাবে এক স্থান আছে।

সেনা দিৱসৰ দিনা অৰ্থাৎ ১৫ জানুৱাৰী, ২০২১ত ভাৰতীয় সেনাৰ পোছাকৰ ক্ষেত্ৰত এক নতুন পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। ভাৰতীয় সেনা বাহিনীৰ কম্বেট ইউনিফৰ্ম অৰ্থাৎ কোনো অভিযান বা অপাৰেশ্যনৰ সময়ত পৰিধান কৰা নতুন পোছাক প্ৰদৰ্শন কৰা হয়। পেৰাশ্বুট ৰেজিমেন্টৰ কমাণ্ডো পেৰেড গ্ৰাউণ্ডত নতুন ডিজিটেল পেটাৰ্ণ থকা ইউনিফৰ্মত জোৱানসকলে মাৰ্ছ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে, প্ৰায় এটা দশক ধৰি সেনা বাহিনীয়ে পোছাকৰ ক্ষেত্ৰত কোনো সালসলনি কৰা নাছিল।

নতুন ইউনিফৰ্মৰ লগতে ব্যৱহাৰ কৰা কাপোৰো সলনি কৰা হৈছে। নতুন ইউনিফৰ্মত ৭০ শতাংশ কটন আৰু মাত্ৰ ৩০ শতাংশহে পলিষ্টাৰ ব্যৱহাৰ কৰা হৈছে। যাৰ ফলত গৰম আৰু ঠাণ্ডা দুয়োটা স্থানতে ভাৰতীয় সেনা জোৱানৰ বাবে এই নতুন পোছাকযোৰ হ'ব আৰামদায়ক। তদুপৰি এই ইউনিফৰ্মযোৰ পিন্ধি বহু দিনলৈ জোৱানসকলে নিজৰ দায়িত্ব পালন কৰিব পাৰিব আৰু এই কাপোৰযোৰ শুকাবলৈও বহু কম সময়ৰ প্ৰয়োজন হ'ব।

জানিব পৰা মতে, এই কাপোৰযোৰ ঘন অৰণ্যৰ লগতে মৰুভূমিতো যাতে জোৱানসকলে পৰিধান কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বনোৱা হৈছে। লগতে এই নতুন ইউনিফৰ্মযোৰ পিন্ধিলে জোৱানসকলে লুকুৱাই নিজৰ অভিযান সফলতাৰে সম্পন্ন কৰিবলৈও সহায়ক হ'ব।

লক্ষণীয় কথাটো হ'ল- ভাৰতীয় সেনা বাহিনীৰ এই নতুন ইউনিফৰ্ম নেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজীৰ ৮জন ছাত্ৰ আৰু অধ্যাপকৰ দৰে দলে অতি কষ্টৰে প্ৰায় এবছৰৰ ভিতৰত বনাইছে। এই ইউনিফৰ্ম পিন্ধাৰো প্ৰক্ৰিয়াটো সলনি কৰা হৈছে।

বৰ্তমান সময়ত যি পুৰণি ইউনিফৰ্ম আছে সেই ইউনিফৰ্মযোৰ ভাৰতীয় সেনা বাহিনীৰ জোৱানে পিন্ধাৰ সময়ত প্ৰথমে ছাৰ্টটো পেন্টৰ ভিতৰত সোমাই ওপৰত বেল্ট পিন্ধি লয়। কিন্তু ইয়াৰ বিপৰীতে নতুন ইউনিফৰ্মত ছাৰ্টটো পেন্টৰ ভিতৰত সোমাই ল'ব নালাগে। যাৰ ফলত জোৱান সকলে পূৰ্বৰ তুলনাত কামবোৰ কৰাত সহজ হ'ব।

উল্লেখযোগ্য যে, ভাৰতীয় সেনা বাহিনীয়ে ২০০০চনতে কম্বেট ইউনিফৰ্ম সলনি কৰিছিল। সেই সময়ত ভাৰতীয় সেনা বুলি পোছাকযোৰত লিখা হৈছিল, যাতে তাৰ নকল কোনোৱেই কৰিব নোৱাৰে। এতিয়া দাবী কৰা হৈছে যে নতুন ইউনিফৰ্মযোৰো কোনোৱে নকল কৰিব নোৱাৰিব বা কৰাটো বহু কঠিন। তদুপৰি সন্ত্ৰাসবাদীয়েও এই ইউনিফৰ্মৰ নকল কৰি পিন্ধাৰ সম্ভাৱনা প্ৰায় নাই।

৭৪ সংখ্যক ভাৰতীয় সেনা দিৱস শনিবাৰে অৰ্থাৎ ১৫ জানিৱাৰী, ২০২১ত পালন কৰা হয়।  এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক টুইট কৰে আৰু ভাৰতীয় সেনা বাহিনীক শুভেচ্ছা জনায়। উক্ত দিনটোতে ১৯৪৯চনত ফিল্ড মাৰ্শ্বল কে এম কৰিয়প্পাই জেনেৰেল ফ্ৰান্সিছ বুছৰৰ পৰা ভাৰতীয় সেনা বাহিনীৰ দায়িত্ব লৈছিল। উল্লেখ কৰাৰ প্ৰয়োজন যে জেনেৰেল ফ্ৰান্সিছ আছিল ভাৰতত অন্তিম গৰাকী ব্ৰিটিছ কমাণ্ডৰ ইন চীফ। আৰু ভাৰতীয় সেনাৰ দায়িত্ব গ্ৰহণ কৰিয়েই ভাৰতৰ প্ৰথম গৰাকী কমাণ্ডৰ ইন চীফ হৈছিল কে এম কৰিয়প্পা।

ইফালে, শনিবাৰে প্রধানমন্ত্ৰী মোডীয়ে টুইট কৰি লিখে- 'সেনা দিৱসৰ দিনটোতে আমাৰ দেশৰ সাহসী সেনা আৰু তেওঁলোকৰ পৰিয়াললৈ বহু বহু শুভকামনা। সমগ্ৰ বিশ্বই ভাৰতীয় সেনা বাহিনীক সাহসিকতাৰ বাবে চিনি পায়। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ভাৰতীয় সেনা বাহিনীৰ ভূমিকা বহু বেছি, যি শব্দৰে বুজাব নোৱাৰি।' লগতে তেওঁ লিখিছে যে- 'ভাৰতীয় সেনা বাহিনীৰ জোৱানসকলে প্ৰতিকুল পৰিৱেশতো নিজৰ দায়িত্ব পালন কৰি যায় আৰু প্ৰাকৃতিক দুৰ্যোগৰ লগতে আনবোৰ বিপদৰ সময়তো দেশৰ নাগৰিকক সহায় কৰিবলৈ সদায় আগুৱাই আহে। সেনা বাহিনীৰ এই অৱদানৰ বাবে সমগ্ৰ ভাৰতবাসী গৌৰৱাম্বিত।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in