অসম

কনফিউজ মুখ্যমন্ত্ৰী!

asomiyapratidin

মৃদুল কুমাৰ সন্দিকৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনটো কথা বিশ্বাস কৰিম? তেওঁ কৰা কামবোৰ সাধাৰণভাৱে মানুহে এতিয়া নাচায়। ভাবে- গভীৰ আন্তৰিকতাৰে মুখ্যমন্ত্ৰীয়ে কৰা কাম বা কোৱা কথা। মাত্ৰ ৪৮ ঘন্টাৰ ব্যৱধানত মুখ্যমন্ত্ৰীৰ বিপৰীত স্থিতি। এজন জনপ্ৰতিনিধিয়ে এগৰাকী নহয় দুগৰাকী আৰক্ষী বিষয়াক এক প্ৰকাৰৰ অনীতিগতভাৱে কাম কৰিবলৈ ম'বাইলত দিয়া নিৰ্দেশ ফাদিল হৈছিল।

বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা ইয়াৰ মাত্ৰ এটা উদাহৰণহে। বহু জনপ্ৰতিনিধিয়ে এনেদৰে প্ৰশাসনক, আৰক্ষীক বা চৰকাৰী বিভাগক পৰিচালিত কৰিব খোজে। বিধায়কৰ পৰা , মন্ত্ৰীৰ পৰা এটা ফোন যোৱাটো তথাকথিত বিষয়াৰ বাবে ডাঙৰ কথা। হয় হুজুৰ, হ'ব ছাৰ, কৰি দিম ইত্যাদি ৰেডিমেড উত্তৰেৰে তেওঁলোকে জনপ্ৰতিনিধি সকলক সন্তুষ্ট কৰি ৰাখিব পৰাটো এক কলা বুলিয়েই ভাবে।

দুৰ্নীতিৰ প্ৰধান উৎস সমূহৰ ভিতৰত বিভিন্ন চৰকাৰী কামত নেতা-মন্ত্ৰীৰ হস্তক্ষেপ এক ডাঙৰ কাৰক। ইয়াক কেৱল এটা ভাইৰেল হোৱা ভিডিঅ' ক্লিপ বুলিয়েই ধৰিব নোৱাৰি। তেনে জনপ্ৰতিনিধি সকলৰ বাবে এয়া এক সকীয়নি। আজিৰ তাৰিখত নিয়মৰ বিৰুদ্ধে গৈ অনিয়মক প্ৰশ্ৰয় দিবলৈ বাধ্য কৰোৱা জনপ্ৰতিনিধিসকলেও জানি থোৱা উচিত যে – তেওঁলোকক উচিত শিক্ষা দিবৰ বাবে একাংশ বিষয়াই নিজকে প্ৰস্তুত কৰিছে।

সেই সকল জনপ্ৰতিনিধিৰ স্বৰূপ উদঙাই দিয়াৰ দুটা ভিডিঅ' ক্লিপতেই যেন ত্ৰাহিমধুসূধন দেখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে বিহপুৰীয়াৰ বিধায়ক গৰাকীয়ে কলাক্ষেত্ৰ ধ্বংস কৰা এক গোচৰত কেইজনমান যুৱকক এৰি দিবলৈ দিয়া নিৰ্দেশ ফাদিল হৈছিল। যি নিৰ্দেশ মানিব নোৱাৰো বুলি আৰক্ষী বিষয়া গৰাকীয়ে কোৱাত ৬০ হাজাৰ লোকে তেওঁক পিটিকা মাৰি পেলাব বুলি কোৱা ভাষ্যৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া আছিল – তেনে কাম বিধায়কগৰাকীয়ে কৰিব নালাগে।

এই সন্দৰ্ভত বিধায়ক গৰাকীক সুপৰামৰ্শ দিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এক কঠোৰ বাৰ্তাই প্ৰেৰণ কৰিছিল। আগতে যি হ'ল হ'ল, এতিয়া আৰু এনে নহ'ব বুলি উল্লেখ কৰি কিবা থাকিলে মুখ্যমন্ত্ৰীক হোৱাটছএপ যোগে জনাবলৈ আহ্বান জনাইছিল। তাৰপাছতেই পুৰণি হ'লেও আন এগৰাকী আৰক্ষী বিষয়াৰ আন এটা ভিডিঅ' ক্লিপ ভাইৰেল হৈ পৰিছিল।

সেইটোতো একেজন বিধায়কেই আৰক্ষী বিষয়া গৰাকীক দিয়া নিৰ্দেশ কঠোৰভাৱে অমান্য কৰি তেওঁ ব্যস্ত থকা বুলি কয় আৰক্ষী বিষয়া গৰাকীয়ে কিবা থাকিলে আৰক্ষী অধীক্ষকক ক'বলৈ কৈ ফোন কাটি দিছিল। এই ঘটনাবোৰে জনপ্ৰতিনিধিসকলৰ সন্দৰ্ভত ইমানদিনে মানুহৰ মাজত থকা ধাৰণাক বাস্তৱত উদঙাই দিয়াত যেন অস্বস্তিত পৰিল মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰীকো এক প্ৰকাৰৰ প্ৰত্যাহ্বান জনাই বিধায়ক অমিয় ভূঞাই বিহপুৰীয়া সমষ্টিৰ স্বাৰ্থত প্ৰয়োজন হ'লে তেনে কাম হাজাৰ বাৰ কৰিব বুলি কোৱাৰ পাছত এই বিষয়টোক লৈ নৰম হ'বলৈ বাধ্য হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সংবিধানৰ কথা দোহাই দি মুখ্যমন্ত্ৰীয়ে জনপ্ৰতিনিধিৰ ফোন ৰেকৰ্ডিং কৰিব নোৱাৰে বা সেইবোৰ সংবাদ মাধ্যমৰ হাতত তুলি দিয়াৰ বিৰুদ্ধে ক'বলৈ গৈ এই অনীতি উদঙাই দিয়া বিষয়াসকলকে বিচাৰৰ কাঠগড়াত তুলি দিলে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাাই জানো দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰী কৰ্মচাৰীক কঠোৰ হ'বলৈ কোৱা নাছিল? দালালৰাজৰ বিৰুদ্ধে চলোৱা অভিযান , দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীক দিয়া হুংকাৰ আদিৰ পাছতেই হয়তো এইদৰে দুৰ্নীতি বা অনিয়ম কৰিবলৈ নিৰ্দেশ দিয়া বিষয়াৰ বিৰুদ্ধে দুজন আৰক্ষী বিষয়াই এই পদক্ষেপ গ্ৰহণ কৰিব লগা হৈছিল।

মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই যদি জনপ্ৰতিনিধিয়ে অনিয়ম কৰিবলৈ নিৰ্দেশ দিলে তেওঁৰ ফোন ৰেকৰ্ডিং কৰিব নোৱাৰে, তেনেহ'লে তেনেবোৰ কথা কেনেকৈ পোহৰলৈ আহিব? কেৱল জনপ্ৰতিনিধিৰ ফোনহে ৰেকৰ্ডিং কৰিব নোৱাৰে নেকি ? মুখ্যমন্ত্ৰীয়ে হঠাৎ স্থিতি সলনি কৰি এক দুৰ্বল ভাষ্য প্ৰদানেৰে সমগ্ৰ বিষয়টো লঘু কৰি দিয়াৰ পাছত প্ৰশ্ন উঠিছে যে- হিমন্ত বিশ্ব শৰ্মাই সঁচা অৰ্থত এক স্বচ্ছ প্ৰশাসন আৰু দুৰ্নীতিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ গৈ দলীয় মজিয়াতেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি স্থিতি পূৰ্বতে দেখুৱাইছিল, সেই স্থিতি মাত্ৰ কেইটামান ঘন্টাৰ ভিতৰতে সলনি হ'ল। মুখ্যমন্ত্ৰীৰ এই ভাষ্যক বা প্ৰতিক্ৰিয়াক প্ৰত্যাহ্বান জনাই অমিয় ভূঞাই প্ৰদান কৰা মন্তব্যত মুখ্যমন্ত্ৰীৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিয়া যেন নালাগিল। সংবিধানৰ কথা দোহাই দি ফোনৰ ৰেকৰ্ডিঙত গুৰুত্ব দি ইয়াক অনীতিগত বুলি আখ্যা দিয়া মুখ্যমন্ত্ৰীয়ে এই কথা স্বীকাৰ নকৰে কিয় যে এজন আৰক্ষী বিষয়াক এনেদৰে নিয়মৰ বাহিৰত গৈ কাম কৰিবলৈ দিয়া জনপ্ৰতিনিধিজনেই প্রথমে ভুল কৰিছে।

ৰাইজে আজি সকলো দেখিছে। মুখ্যমন্ত্ৰীয়ে শেষ মুহূৰ্তত তেওঁৰ দলৰ জনপ্ৰতিনিধি জনক ৰহস্যজনকভাৱে ৰক্ষণা-বেক্ষণ দিবলৈ পৰোক্ষভাৱে চেষ্টা কৰিলেও বা যিসকল আৰক্ষী বিষয়াক এই স্বৰূপ উদঙাই দি জনতাৰ দৃষ্টিত নায়কৰ শাৰীত উঠিছে, তেওঁলোকক দোষী কৰিবলৈ চেষ্টা কৰিলেও মানুহে তেওঁৰ ৰায় মানি নলয়।

জনতাৰ দৃষ্টিত জোনমণি ৰাভা বা বিহপুৰীয়াৰ সেই আৰক্ষী বিষয়া গৰাকীয়েই এতিয়া নায়ক। মুখ্যমন্ত্ৰীয়ে নগাঁৱত আইএএছ বিষয়া এজনক দিয়া ধমকিৰ ভাষাও কিন্তু সাংবিধানিক নহয়। কিন্তু ৰাইজে মুখ্যমন্ত্ৰীৰ এই প্ৰয়াসক নাটক বুলি ভাবিও মানি লৈছে যে – মুখ্যমন্ত্ৰীয়ে অন্তত ৰাইজৰ কথা ভাবিছে।

মুখ্যমন্ত্ৰীৰ কনভয়ৰ নামত এনেদৰে সাধাৰণ জনতাক সমস্যাত পেলাই ৰাজপথত আৱদ্ধ কৰি ৰখা যান-বাহনৰ সন্দৰ্ভত অগ্নিশৰ্মা ৰূপ ধাৰণ কৰা মুখ্যমন্ত্ৰীয়ে একেই সুৰতে কিয় তেওঁৰ জনপ্ৰতিনিধিগৰাকীক ধমকি দিব নোৱাৰিলে? সেয়াও কিন্তু সাধাৰণ জনতাৰ মনত সৃষ্টি হোৱা আন এক প্ৰশ্ন।

ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰত্যাহাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানক বিভিন্ন জনে সাধুবাদ দিছিল। কৈছিল- হিমন্ত বিশ্ব শৰ্মাই এইবোৰ কথা বুজে আৰু কৰে। কিন্তু তেওঁৰ দলৰেই এজন প্ৰতিনিধি ৰমাকান্ত দেউৰীয়ে কেতিয়াও পিএছঅ' এৰি নিদিও বুলি কৰা প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ বাবে এক ডাঙৰ অপমান।

নিজ দলৰেই এজন বিধায়কে খোদ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই ক'লে- পিএছঅ' হেনো জনপ্ৰতিনিধিৰ মৰ্যাদাৰ প্ৰতীক। হিমন্ত বিশ্ব শৰ্মাই হয়তো কিছু কাম কৰিব খোজে। কিন্তু তেওঁ ভবা ধৰণে সকলো কাম কৰিব পৰা নাই বা কৰিব নোৱাৰে। তেওঁৰ মুখত পূৰ্বৰ সেই উজ্বলতা নাই। দলৰ ভিতৰতে যেন মুুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একাষৰীয়া হৈ পৰিছে।

তেওঁৰ প্ৰতি পূৰ্বতে থকা আস্থা আৰু বিশ্বাস বহু ক্ষেত্ৰত হ্ৰাস পাইছে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব খোজা বহু কাম যে কেৱল ঘোষণাতহে ৰ'বগৈ সেয়া অনুমান কৰিব পাৰি। সকলোকে অসন্তুষ্ট কৰি একেলগে সকলো কাম কৰাৰ সম্ভৱ নহয়। তাতোতকৈ ডাঙৰ কথা অসম চৰকাৰ মানে কেৱল মুখ্যমন্ত্ৰী নহয়।

সকলোকে আস্থা আৰু বিশ্বাসত লৈ পৰিৱৰ্তনৰ ৰথৰ এই চকৰিক জনতাৰ পক্ষত ঘূৰাবলৈ তেওঁ সাধাৰণ জনতাৰ উপৰিও এক ব্যৱস্থা গঢ়িব লাগিব। অন্যথা কেৱল হিমন্ত বিশ্ব, হিমন্ত বিশ্বৰ ধাৰণাৰে এনেদৰে প্রথমে কঠোৰ হৈ পাছত নেঙুৰ পেলাই দিয়া অৱস্থা সৃষ্টি হ'ব। যোৱা ৪৮ ঘন্টাতেই মুখ্যমন্ত্ৰীৰ বক্তব্যতে স্পষ্ট হ'ল আজি যেন বহু ক্ষেত্ৰত কনফিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।