আন্তঃৰাষ্ট্ৰীয়

সীমান্তত বিপদ! চীনে পঠাইছে ৰ’ব’ট…

asomiyapratidin

ৰাজৰ্ষি চহৰীয়া

চীন-ভাৰতৰ সীমান্ত সমস্যা সমাধান কেতিয়া হ'ব সেই সম্পৰ্কে কোনো লোকেই নিশ্চয়তা দিব নোৱাৰে। কিন্তু চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল নহয় সেয়া স্পষ্ট। চীন অৰ্থনৈতিক, তথ্য-প্ৰযুক্তিৰ দিশত ভাৰততকৈ অধিক আগবঢ়া। সেই কথা কোনেও নুই কৰিব নোৱাৰে। এতিয়া আকৌ চীনে দুয়োখন দেশৰ সীমান্তলৈ প্ৰেৰণ কৰিছে অস্ত্ৰসংযুক্ত ৰ'ব'ট।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভাৰত-চীনৰ সীমান্তৰ লাডাখত চীনে সৈনিকৰ স্থানত মোতায়েন কৰিছে ৰ'ব'ট। যিবোৰ ৰ'ব'টত আছে মেচিন গান। ভাৰতৰ বহিঃৰাষ্ট্ৰৰ সৈতে থকা সম্পৰ্ক তথা ভাৰত-চীন সীমা বিবাদৰ বিষয়ে অৱগত লোকসকলে হয়তো এই সন্দৰ্ভত অৱগত যে চীনা সৈনিকৰ বাবে পূৰ্বৰে পৰা এক সমস্যা হিচাপে থিয় দি আহিছে তিব্বতৰ পাহাৰীয়া আৰু দুৰ্গম এলেকাসমূহে।

অতিকৈ ঠাণ্ডা আৰু ওখ হোৱা কাৰণেই চীনা সৈনিক সকলে এই পাৰ্বত্য এলেকাসমূহলৈ যোৱাত ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে। যি ভাৰতৰ বাবে এক প্ৰকাৰে ভাল খবৰ। কিন্তু যিবোৰ স্থান ঠাণ্ডা বা উচ্চতাৰ বাবে চীনা সৈনিক যাব পৰা নাছিল, এতিয়া সেই স্থানলৈ এই ৰ'ব'ট সমূহক নিয়াৰ যো-জাঁ চলোৱা হৈছে।

পিপ'লছ লিবৰেশ্যন আৰ্মী চমুকৈ পিএলএ-য়ে বৃহৎ সংখ্যক মানৱ বিহীন বাহনেৰে সৈনিক আৰু অস্ত্ৰ-শস্ত্ৰ স্থানান্তৰিত কৰিছে। আৰু এই বাহনসমূহৰ অধিকাংশই লাডাখৰ সমীপৱৰ্তী এলেকাসমূহলৈ লৈ প্ৰেৰণ কৰা হৈছে। পিএলএ-য়ে ৮৮ শ্বাৰ্প ক্ল' মানৱ বিহীন বাহন তিব্বতলৈ নিয়া হৈছে আৰু ইয়াৰে ৩৮টা প্ৰান্ত এনে আছে য'ত চীনা আৰু ভাৰতীয় সেনা মুখামুখিকৈ আছে।  এইবোৰ শ্বাৰ্প ক্ল' ৱায়াৰলেছ পদ্ধতিৰে নিয়ন্ত্ৰণো কৰিব পাৰি।

চীনা অস্ত্ৰ নিৰ্মান কোম্পানী নৰিনক' (NORINCO)ৰ দ্বাৰা নিৰ্মিত এই শ্বাৰ্প ক'ল বাহন সমূহৰ ব্যৱহাৰ পেট্ৰ'লিং, অস্ত্ৰ সৰবৰাহ আৰু অতি দুৰ্গম স্থানলৈ সা-সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা হয়। লগতে এই বাহনসমূহক সংযুক্ত কৰিব পাৰি বিভিন্ন ধৰণৰ অস্ত্ৰও।

যিবোৰ স্থানলৈ চীনা সৈনিক যাবলৈ ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, তেনে স্থান সমূহলৈও এই বাহন সমূহ অতি সহজে যাব পাৰে তথা ২০০ কিলোগ্ৰাম পৰ্যান্ত বোমা-বাৰুদ, সামগ্ৰী আদি কঢ়িয়াই নিবলৈ সক্ষম। পূৰ্বৰে পৰা ভাৰতক ৰঙাচকু দেখুওৱাই অহা চীনা সৈনিকে এতিয়া যেন এই মানৱ বিহীন অস্ত্ৰ সংযুক্ত বাহনসমূহৰ দ্বাৰা অধিক শক্তিশালী হৈ পৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, চীনে ৮৮টা শ্বাৰ্প ক্ল' ৰ'ব'ট তিব্বতলৈ পঠিয়াইছে। তদুপৰি ১২০ মূলে- ২০০ বাহনো সীমান্ত এলেকালৈ প্ৰেৰণ কৰিছে চীনে। তাৰ লগতে আছে লিংক্স বাহন। প্ৰায় ১৫০খন লিংক্স বাহন সীমান্তৱৰ্তী এলেকাসমূহলৈ নিছে চীনা সৈনিকে। যি বাহন সমূহ অতি বেয়া পথতো চলাচল কৰিব পাৰে। এই বাহনসমূহতো গধূৰ মেচিন গাম, ম'ৰ্টাৰ, মিজাইল লন্সাৰ আদি সংযুক্ত কৰিব পৰা যায়।

সম্ভৱত ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ সাজু হৈছে চীন। অন্যথা এনেদৰে ইমানবোৰ অস্ত্ৰ সংযুক্ত ৰ'ব'ট পঠিওৱাৰ আন কাৰণ থাকিব নোৱাৰে। যাৰ বাবে ভাৰতৰ সেনা বাহিনীও সাজু হৈ থকা উচিত। তথ্য-প্ৰযুক্তিৰ দিশৰ পৰা উন্নত চীনে এইদৰেই ভাৰত-চীন সীমান্ত এলেকাত শ শ মানৱ বিহীন বাহন প্ৰেৰণ কৰাতো সঁচাকৈ চিন্তাৰ কাৰণ।

কিন্তু তাৰ মাজতো আহিছে আন এক খবৰো। ভাৰতৰ মাটি নিজৰ কব্জাত কৰাৰ সপোন দেখা চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ বাবে এই সপোন অতি সহজো নহয়। চীনৰ পিপলছ লিবেৰেশ্যন আৰ্মীয়ে পূব লাডাখত এলএচিত প্ৰায় ৫০ সহস্ৰাধিক সৈনিক মোতায়েন কৰিছে।  কিন্তু ভীষণ ঠাণ্ডা আৰু কম পৰিমানৰ অক্সিজেনৰ ফলত এই কঠোৰ পৰিস্থিতিত চীনা সৈনিকসকল দীৰ্ঘ সময়ৰ বাবে থকাতো যেন সম্ভৱপৰ হৈ উঠা নাই। চীনা সেনা জোৱানসকলৰ এই কঠোৰ পৰিৱেশ-পৰিস্থিতিত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে। সুস্থ হৈ ইতিমধ্যে চীনা কামাণ্ডৰ ঝাংগ জুডোংগে প্ৰাণ হেৰুৱাইছে। তেওঁ লাডাখৰ অতি কঠোৰ পৰিস্থিতিত মাত্ৰ ৬ মাহৰ বাবেহে থাকিব পাৰে। আৰু তাৰপাছত তেওঁৰ মৃত্যু হয়।

ইফালে, লাডাখৰ পেনগেং হ্ৰদত চীনে দলং নিৰ্মাণ কৰা ঘটনা পোহৰলৈ আহিছে। চোৰাংচোৱা বিশেষজ্ঞ ডেমিয়েন ছিমনে উপগ্ৰহৰ পৰা তোলা ছবিৰ জৰিয়তে যে হ্ৰদৰ দুয়োপাৰ সংযোগ কৰি নিৰ্মাণ কৰিবলৈ লোৱা দলংখন চীনে অতি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিব। পূব লাডাখত পেনগেং হ্ৰদৰ যিটো অংশ চীনৰ দখলত আছে, সেই অংশতে চীনে দলং নিৰ্মাণৰ কাম আগবঢ়াই নিছে।বিশেষজ্ঞ সকলৰ মতে, চীনে সেনাবাহিনীৰ ক্ষীপ্ৰ অহা যোৱা আৰু গধূৰ সমৰাস্ত্ৰ কঢ়িয়াবলৈকে এই দলং নিৰ্মাণ কৰিছে।

২০২১ চনৰ ৩১ ডিচেম্বৰত চীনে অৰুণাচল প্ৰদেশৰ ১৫ স্থান নামাকৰণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। বেইজিঙে দাবী কৰে যে তিব্বতৰ দক্ষিণ ভাগৰ এলেকা চীনৰ অন্তৰ্নিহিত অংগ। অৰ্থাৎ এই এলেকাটো পূৰ্বৰে পৰা চীনৰ আছিল। ইফালে, ভাৰতে চীনৰ দ্বাৰা অৰুণাচলপ্ৰদেশৰ এই স্থানসমূহৰ নাম সলনি কৰা বিষয়টো খাৰিজ কৰে। কেন্দ্ৰীয় চৰকাৰে জোৰ দি কয় যে অৰুণাচল প্ৰদেশ ভাৰতৰ অভিন্ন অংগ আছিল আৰু থাকিব।

বিদেশ মন্ত্ৰণালয়ৰ প্ৰবক্তা অৰিন্দম বাগচীয়ে কয়- 'আমি এই সন্দৰ্ভত এক প্ৰতিবেদন পাইছো। এয়া প্রথম বাৰলৈ হোৱা ঘটনা নহয়। পূৰ্বেও চীনে অৰুণাচলপ্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰাৰ চেষ্টা কৰিছিল। ২০১৭চনৰ এপ্ৰিলত চীনে এনেদৰেই ভাৰতৰ অৰুণাচলপ্ৰদেশৰ একাংশ স্থানৰ নাম সলনি কৰিবলৈ চেষ্টা চলাইছিল। অৰুণাচল প্ৰদেশ চিৰদিনৰ বাবে ভাৰতৰ অভিন্ন অংগ।

উল্লেখনীয় যে, ২০২০চনৰ জুন মাহত লাডাখৰ গালৱানত চীনা বাহিনীয়ে ভাৰতীয় সেনা বাহিনীৰ ২০ জন সৈনিকক হত্যা কৰি বিশ্বাসঘাতকতা কৰিছিল। আৰু এতিয়া লাডাখলৈ এনে ৰ'ব'ট মোতায়েন কৰিছে যিবোৰ সঁচাকৈ চিন্তাৰ কাৰণ। যিহেতু ভাৰতৰ সৈতে এনেধৰণৰ বিশ্বাসঘাতকতা কৰিয়েই থৈছে, গতিকে চীনৰ ওপৰত কোনো পধ্যেই বিশ্বাস কৰিব নোৱাৰি। গতিকে যিকোনো পৰিস্থিতিৰ বাবে ভাৰতীয় সেনা বাহিনীও সাজু হৈ থকাতো প্ৰয়োজন। কিয়নো সীমান্তত আগন্তুক সময়ত সম্ভৱত দেখা দিব বিপদ। যিহেতু চীনে মোতায়েন কৰিছে ৰ'ব'ট।