মুখ্য-পৃষ্ঠা

২৫ দিনৰ মূৰতহে হাঁহিছে এইজন পিতৃয়ে!

asomiyapratidin

ৰাজৰ্ষি চহৰীয়া

আজি এজন পিতৃৰ মুখত প্ৰায় ২৫ দিনৰ মূৰত হাঁহি দেখিবলৈ পালে দেশবাসীয়ে। বহু কষ্ট, দুখ, হতাশাৰ মাজেৰে প্ৰায় ২৫ দিন অতিবাহিত কৰিছিল তেওঁ। কেৱল তেওঁৱেই নহয়, পত্নীৰো একেই অৱস্থা। আজি ঘৰলৈ উভতি আহিবৰ বাবে পথ মুকলি হ'ল বলিউডৰ কিং শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰ। কিয়নো ২৮ অক্টোবৰ, ২০২১ অৰ্থাৎ বৃহস্পতিবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে আৰয়ানৰ জামিন মঞ্জুৰ কৰিলে।

সঁচাকৈ আজি কিং খানৰ অনুৰাগীসকলৰ মাজত আনন্দ-উচাহ দেখা পোৱা গৈছে। কিয়নো তেওঁলোকৰ মৰম আৰু চেনেহৰ শ্বাহৰুখ খানৰ পুত্ৰ শীঘ্ৰেই ঘূৰি আহিব ঘৰলৈ। জামিন লাভ কৰাৰ পাছতহে ছাগৈ কিং খানৰ বাসগৃহ 'মন্নত'ত অনা হৈছে মিঠাই। কিয়নো শ্বাহৰুখ আৰু গৌৰীৰ পুত্ৰ ঘূৰি আহিব ঘৰলৈ।

বোম্বাই হাই ক'ৰ্টে ক্ৰুজ ড্ৰাগছ কাণ্ডত আৰয়ান খানৰ লগতে আন দুজন অভিযুক্ত ক্ৰমে অৰবাজ মচেন্ট আৰু মুনমুন ধমেচাকো প্ৰদান কৰিছে জামিন। অধিবক্তা মুকুল ৰোহটকীয়ে সাংবাদিকৰ আগত কয় যে- আৰয়ান, অৰবাজ আৰু মুনমুনে জামিন লাভ কৰিলে। ২৯ বা ৩০অক্টোবৰত তেওঁলোকক মুকলি কৰি দিয়া হ'ব।

লগতে অধিবক্তাগৰাকীয়ে কয়- 'ন্যায়ালয়ত তৰফৰ পৰা জামিনৰ নিৰ্দেশ দিয়াৰ হোৱাৰ পাছত আৰয়ান, আৰবাজ আৰু মুনমুনক জে'লৰ পৰা মুকলি কৰি দিয়া হ'ব… মোৰ বাবে এইবোৰ সদায়ৰ কেচৰ দৰে। আপুনি কিছুমান কেচত জয়ী হয় আৰু কিছুমানত পৰাস্ত। মই সুখী যে তেওঁলোকে জামিন পালে।'

২৮অক্টোবৰৰ শুনানিৰ সময়ত ন্যায়ালয়ত আৰয়ান খানৰ হৈ জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহটগীয়ে কয়- 'আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যিয়ে সামগ্ৰী জব্দ কৰিছে তাৰ পৰিমান অধিক নহয়। মই আৰবাজৰ সৈতে গৈছিলো, তেওঁৰ তাত ৬ গ্ৰাম নিচাজাতীয় সামগ্ৰী পাইছে। এনচিবিয়ে তাৰ ওজন বেছি বুলি দেখুৱাইছে। জাহাজখনত ১৩০০জন লোক আছিল। কোনো প্ৰমাণো নাই যে মই আৰবাজ আৰু অভিযুক্ত নম্বৰ ১৭ক চিনি পাওঁ…।'

তাৰ বিপৰীতে শুনানি গ্ৰহণৰ সময়ত এনচিবিৰ তৰফৰ পৰা এএছজি অনিল সিংহই ন্যায়ালয়ত কয় যে- আৰয়ানে যোৱা কেইটামান বছৰৰ পৰা নিয়মীয়া উপভোক্তা (ড়্ৰাগছৰ)। ইয়াৰ পৰাই জানিব পাৰি যে তেওঁ ড্ৰাগছ উপলব্ধ কৰোৱায়…।

উল্লেখযোগ্য যে, মঙলবাৰৰ পৰাই আৰয়ান খান, অৰবাজ মচেন্ট আৰু মুনমুন ধমেচাৰ জামিনৰ বাবে শুনানি গ্ৰহণ কৰি থকা হৈছে। অৰবাজ আৰু মুনমুনৰ অধিবক্তাই নিজৰ নিজৰ তৰ্ক, যুক্তি আৰু তথ্য ন্যায়ালয়ৰ বুধবাৰেই ৰাখে যদিও আৰয়ান খানৰ অধিবক্তা মুকুল ৰোহটগীয়ে সকলো দলিলসমূহ বৃহস্পতিবাৰেহে ৰাখিবলৈ পাৰে। আৰু এনচিবিৰ তৰফৰ পৰা দলিলসমূহ ন্যায়ালয়ৰ সন্মুখত ৰাখিবলৈ বাকী আছিল, যাৰ ফলত তিনিও অভিযুক্তই  জামিন লাভ কৰিবলৈ দীৰ্ঘ সময়ৰ প্ৰয়োজন হয়।

কিন্তু অৱশেষত ২৫ দিনৰ পাছত লাভ কৰিলে আৰয়ানে জামিন। শ্বাহৰুখৰ সকলো অনুৰাগীয়ে ফটকা ফুটোৱাৰ লগতে তেওঁৰ বাসগৃহৰ সন্মুখত ভিৰ কৰে আৰু তেওঁলোকে অভিনেতাগৰাকীক নিজৰ সমৰ্থন প্ৰকাশ কৰে। সঁচাকৈ অতি আৱেগিক এই ক্ষণ। পুত্ৰক ইমান দিনে নিজৰ পৰা দূৰত কাৰাবন্দী হিচাপে থকাত কোন পিতৃয়ে কষ্ট নাপাব!

কেৱল সেয়াই নহয়। বলিউডৰ কিং খান শ্বাহৰুখ খানৰ অনুৰাগীসকলে (শ্বাহৰুখ খান ফেন ক্লাব) বৃহস্পতিবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে আৰয়ান খানৰ জামিন আৱেদন মঞ্জুৰ কৰাৰ পাছতে 'উৱেলকাম হোম প্ৰিন্স আৰয়ান' বুলি এখন ফ্লেক্স হাতত লৈ আনন্দ-উল্লাসেৰে যেন এক উৎসৱহে পালন কৰে।

শ্বাহৰুখৰ মুখত হাঁহি দেখি বহু লোক আজি সুখী হৈছে। কিন্তু তাৰ মাজতে এটা ভাবিব লগীয়া কথা যে, যোৱা কিছু মাহৰ পৰা বলিউড ইণ্ডাষ্ট্ৰী অৰ্থাৎ মুম্বাইৰ ছবিজগতখনৰ গ্লেমাৰৰ মাজত যেন ড্ৰাগছ-নিচা এইবোৰ বহু ভিতৰলৈ সোমাই পৰিছে।

শ্বাহৰুখ খানৰ পুত্ৰৰ ক্ষেত্ৰত এয়া অভিযোগৰ খণ্ডন বা প্ৰকৃত তথ্য পোহৰলৈ আহিবলৈ এতিয়াও বাকী আছে। কিন্তু অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাছৰে পৰা বলিউডখনত যেন লাহে লাহে ড্ৰাগছ-গাঞ্জা আদি নিচাৰ বুকুত সোমাই লাহে লাহে ওলাই আহিব নোৱাৰা এক পৰিস্থিতিত পৰিছে সেয়া যেন বুজি উঠিছে দেশৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই।