মুখ্য-পৃষ্ঠা

গাঁৱত আছে ‘ভোগালী’…

asomiyapratidin

ডিম্পুল বৰগোহাঁই

শীতৰ সেমেকা ৰাতি জুইৰ উত্তাপত সজীৱ হোৱা উৰুকাৰ নিশা লগে ভাগে এসাজ খোৱাৰ মাদকতাই পৃথক । ভোগ আছে গাওঁত । সেয়েহে ভোগালী বিহু বুলিলে মনত পৰে গাওঁলৈ । ধন,সম্পদ,ঐশ্বৰ্য্য সকলোৰে উৰ্ধত এই ভোগালীৰ উৰুকা ।

আঘোনৰ ধান চপোৱা পিছত কৃষকৰ ঘৰত সকলো বস্তুৱে হৈ পৰে উভৈনদী । নদ,নদী,পুখুৰীত ধৰা থলুৱা মাছৰ জুতি বজাৰত উপলব্ধ চালানী মাছতকৈ বহু বেছি । সেয়েহে ভোগালী বিহুৰ উৰুকাৰ দিনা মহানগৰৰ পৰা মানুহ হয় গাওঁমুখী ।

পূৰ্বতে বহু পৰম্পৰা আছিল । নৰাই ভৰি থকা ধাননি পথাৰ খনত ৰাইজে একেলগে মিলি সাজিছিল ভেলাঘৰ । নদী বা পুখুৰীৰ পাৰত সাজিছিল মেজি । তাৰে এখন বৰ মেজি,এখন সৰু মেজি,এখন মাজি মেজি । মেজি সজাৰো নিয়ম আছিল । অযুগ্ম সংখ্যাৰ মেজি সজাৰ নিয়ম । সেই ভোগৰ স্বাদ আজি নাই যদিও গাওঁতহে ভোগালীৰ অস্তিত্ব জীয়াই আছে । চহৰৰৰ অট্টালিকা মাটিৰ গন্ধ নহোৱা চৌহদত ভোগালীৰ ভোজভাত খাব পাৰে কোনোবাই ।

কিন্ত সেই ভোগত যান্ত্ৰিকতা আৰু আধুনিকতাৰ হাতোৰাত ভোগালীৰ নামত বিলাসহে বিৰাজমান । মাঘৰ উৰুকা মানেই ব্যাপক প্ৰস্তুতি । নিশা গৃহিনীয়ে বহু দেৰিলৈকে পোৰা গৰম গৰম তিল পিঠাৰ সোৱাদ বজাৰত উপলব্ধ তিল পিঠা বোৰে এতিয়া দিব নোৱাৰে ।

ভোজভাত খাবলৈওযে ক'ত আয়োজন । মাছে মঙহে গোটাই ফিৰ ফিৰকৈ বলি থকা ঠাণ্ডাৰ বতাহজাকৰ মাজত নিশা জ্বলোৱা মেজিখনৰ জুইৰ উত্তাপ লৈ এসাজ লগে ভাগে খাওতে নাকত লাগি থাকে মাটি আৰু মানুহৰ চিনাকী গোন্ধ ।

এতিয়া মহনগৰতো ভোগালীৰ বজাৰ বহে । পিঠা পনা মাছ মাংস উভৈনদী হৈ পৰে । আকাশলংঘী হয় মাছ মঙহৰ দাম । কিন্তু ভোগালী বুলি ক'লেই মানুহ গাওঁমুখী হয় । খালী হৈ পৰে প্ৰতিদিনাই ব্যস্ততাপূৰ্ণ পৰিবেশে বিৰাজ কৰা নগৰ চহৰ । এই খাটি কোৱা গাওঁৰ মানুহ বোৰৰ মাজত ভোগালী মানেই ব্যাপক উৎসাহ ।

আসমীয়া সমাজ জীৱনত তিনিটা বিহুৰ ভিতৰত কৃষিজীৱি অসমীয়াৰ মনত আজিও পৰম্পৰা লক্ষ্য কৰি সজীৱ হৈ আছে কেৱল মাঘৰ বিহু । মঞ্চ মুখী হোৱা বহাগ বিহু এতিয়া কেৱল বিহু সন্মিলনৰ নামান্তৰহে হৈ পৰিছে । কাতি বিহু হেৰাই যোৱাৰ দৰেই ।

ভোগালী বিহুৰ উৰুকাৰ দিনা মেজিৰ কাষত সমবেত হোৱা লোক সকলৰ মাজত পৰম্পৰাৰ মাজেৰে প্ৰতিফলিত হোৱা অসমীয়া লোকজীৱনৰ সঁচা ছবি খন গাওঁতহে দেখিবলৈ পোৱা যায় । নিশা ভেলাঘৰত থকা ল'ৰাহতৰ কিযে ফুৰ্তি । প্ৰচ্যুৰ্যতাৰ মাজত উদযাপিত এই বিহুৰ উৰুকাৰ দিনা শাক পাচলি জেওৰা জপনা মনে মনে আনি ল'ৰা ফুৰ্তি কৰে ।

গৃহস্থৰো খং নুঠে । অসমীয়া ব্যৱস্থাত লোক জীৱনক প্ৰতিনিধিত্ব কৰা এই উৎসৱ সমূহৰ আধা মাটি আৰু খেতি । আত্মনিৰ্ভৰশীল অসমীয়া মানুহৰ ভোগৰ এই দিনটোত অভাৱ একো নাথাকে । নগৰীয়া ব্যৱস্থাত বজাৰ-সমাৰৰ পৰা অনা ভোগৰ খাদ্য সমূহত শ্ৰমৰ মৰ্যদা নাই । কিন্তু ভোগালীৰ বাবে মেজি বনোৱা একো একোডাল খৰিত ১৫ -২০ দিনৰ আগৰ পৰা প্ৰস্তুতি চলোৱা শ্ৰমৰ ফচল ।

ভোগালীৰ ভোগ সেয়েহে বিৰাজ কৰে গাওঁত । অগ্নিক সাক্ষী কৰি গাওঁবাসী বা সমাজ খনৰ কুশল কামনাৰে প্ৰতিটো পৰিয়ালৰ লোকে পুৱাই গা-পা ধুই মেজিৰ আগত সেৱা লয়গৈ । গামোচাৰ আগত বান্ধি নিয়া মাহকৰা মেজিৰ জুইলৈ চতিয়াই চাৰিওদিশে এপাক ঘূৰে । ভোগৰ বাবে মাঘৰ এই পৰিবেশ অসমৰ প্ৰেক্ষাপটত অতিকৈ উত্তম সময় ।

সেয়েহে ভোগালীৰ ভোগৰ তাৎপৰ্য্য মাটি আৰু মানুহৰ মাজত থাকি উপলব্ধ কৰাতো কেৱল ধনৰ বলত সম্ভৱ নহয় । বৃহৎ বৃহৎ অট্টালিকাৰ তলত বা চৌহদত হাজাৰ টকা কেজিত কিনি অনা মাছ মাংসই ভোগালীৰ ভোজ বুলি উৰুকাৰ নিশা ভোজভাত খাব পৰি । কিন্তু তাত ভোগালীৰ প্ৰকৃত অৰ্থ লুকাই নাথাকে ।

ভোগালীয়ে এনে এক উৎসৱ যি ধনী বা অভিজাত শ্ৰেণীৰ হাতোৰাত বন্ধী হৈ নিজৰ স্বকীয়তাক বিসৰ্জন দিয়া নাই । প্ৰতি বছৰেই আহে ভোগালী । চহৰমুখী মানুহবোৰে তেতিয়াই বিচাৰে গাওঁৰ শিপা । চহৰৰ পৰা গাওঁমুখী হোৱা মানুহৰ মনত এই প্ৰবোধ হয় যে টকা পইচা সকলো মিছা । মাটি,মানুহ আৰু গাওঁৰ পৰিবেশে দিয়া ভোগালীৰ মাদকতা নগৰৰ বজাৰত বিক্ৰী নহয় ।

ভোগালী থাকে গাওঁত । ভোগ থাকে নিজ হাতেৰে মাটিৰ উৰ্বৰাৰ বুকুত উৎপাদন কৰা শস্যত । সেয়েহে মেজিৰ জুই ভোগালীৰ উৰুকা মাটি আৰু গাওঁৰ সম্বন্ধত থাকে এৰাব নোৱাৰা আত্মীয়তা । উৰুকাৰ এই ভোজ ভাত সাধাৰণ ভোজ ভাত নহয় । পৰম্পৰা ধৰি চলি অহা ভোগালীৰ উৰুকাৰ ভোজে সোঁৱৰাই দিয়ে আমাক সমন্বয়ৰ কথা । কয় স্বনিৰ্ভৰশীল অসমীয়া সকলো আছিল গাওঁত সেয়েহে ভোগালীৰ বতৰত এতিয়াও মানুহ হয় গাওঁমুখী ।