ধনী বিজেপি, ধাৰুৱা কংগ্ৰেছ…

ধনী বিজেপি, ধাৰুৱা কংগ্ৰেছ…

মৃদুল কুমাৰ সন্দিকৈ

ৰাইজ দুখীয়া হ'লেও, দুখীয়া হোৱা নাই ৰাজনৈতিক দল। শাসনত থকা নথকা সকলো দলৰে সম্পত্তিৰ পৰিমাণ বৃদ্ধি পাইছে। কৰ পৰা বা কোন উৎসৰ পৰা ধন আহিছে সেয়া পৃথক বিষয়। কিন্তু ধন আহি আছে ৰাজনৈতিক দলৰ একাউন্টলৈ। কিমান ধনী হব পাৰে বৰ্তমান শাসনত থকা বিজেপি?

বিজেপিৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪,৮৪৭.৭৮কোটি টকা। দেশৰ মুঠ ৭টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ৪৪টা আঞ্চলিক ৰাজনৈতিক দলৰ সম্পত্তিৰ তথ্য পোহৰলৈ আহিছে। নিৰ্বাচন আয়োগক দিয়া তথ্যৰ ভিত্তিত দ্য এচচিয়েশ্যন ফ্যৰ ডেমক্ৰেটিক ৰিফম চমুকৈ ADRয়ে প্ৰকাশ কৰিছে এক সমীক্ষা।

২০১৯-২০বিত্তীয় বৰ্ষত জমা দিয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় দলসমূহৰ ভিতৰত ধনী ৰাজনৈতিক দল হ'ল ভাৰতীয় জনতা পাৰ্টি। মুঠ ৭টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সম্পত্তিৰ পৰিমাণ ৬,৯৮৮.৫৭কোটি টকা। ইয়াৰে ৪,৮৪৭.৭৮কোটি টকাৰ গৰাকী বিজেপি। অথাৎ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ হাতত থকা মুঠ সম্পত্তিৰ ৬৯.৩৭শতাংশ গৰাকী হৈছে বিজেপি।

দ্বিতীয় স্থানত আছে বহুজন সমাজবাদী পাৰ্টি। এই দলটোৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬৯৮.৩৩কোটি টকা। বি এছ পিৰ পাছত আছে কংগ্ৰেছ। কংগ্ৰেছৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল ৫৮৮.১৬কোটি টকা। চি পি আই এমৰ সম্পত্তিও ৫০০কোটিৰো অধিক। দলটোৰ মুঠ সম্পত্তিৰ পৰিমাণ হল ৫৬৯.৫১৯কোটি টকা। কংগ্ৰেছতকৈ অলপহে দুখীয়া চি পি আই এম।

মমতা বেনাৰ্জী নেতৃত্বাধীন অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ সম্পত্তিৰ পৰিমাণ ২৪৭.৭৮কোটি টকা। চি পি আইৰ সম্পত্তি হল২৯.৭৮কোটি টকা। ৭টা ৰাজনৈতিক দলৰ ভিতৰত আটাইতকৈ দুখীয়া ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটো হল NCP। এই দলৰ সম্পত্তিৰ ৮.২০কোটি টকা।

৪৪টা আঞ্চলিক ৰাজনৈতিক দলৰ ভিতৰত সৰ্বাধিক সম্পত্তিৰ গৰাকী সমাজবাদী পাৰ্টি। দলটোৰ মুঠ সম্পত্তিৰ পৰিমাণ ৫৬৩.৪৭কোটি টকা। তাৰ পাছতেই ধনী আঞ্চলিক দল হ'ল TRS। TRSৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩০১.৪৭কোটি টকা। তৃতীয় স্থানত আছে AIADMK। দলটোৰ মুঠ সম্পত্তিৰ পৰিমাণ ২৬৭.৬১কোটি। শিৱসেনা দলৰ সম্পত্তিৰ পৰিমাণ ১৮৫.৯০কোটি, ডি এম কেৰ সম্পত্তিৰ পৰিমাণ ১৮৪.২৮কোটি আৰু জনতা দল ইউনাইটেডৰ সম্পত্তিৰ পৰিমাণ ৪৫.০৯৪কোটি।

৪৪টা আঞ্চলিক ৰাজনৈতিক দলৰ হাতত আছে ২১২৯.৩৮কোটি টকা। মুঠ ৬টা শিতানত এই সম্পত্তিসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত স্থাৱৰ সম্পত্তি, ঋণ, এফ ডি আৰ বা বেংকত জমা, টি ডি এছ আৰু অন্যান্য ঠাইত বিনিয়োগ। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ ভিতৰত এফ ডি আৰ বা ফিক্স ডিপজিট শিতানত সৰ্বাধিক ধন আছে বিজেপিৰ। এই ধনৰ পৰিমাণ ৩২৫৩কোটি টকা।

তাৰপাছতেই বি এছ পিৰ হাতত আছে ৬১৮কোটি টকা। কংগ্ৰেছৰ জমা ধনৰ পৰিমাণ ২৪০কোটি। সমাজৱাদী পাৰ্টিৰ জমা ধনৰ পৰিমাণ ৪৩৪.২১৯কোটি টকা। টি আৰ এছৰ জমা ধনৰ পৰিমাণ ২৫৬.০১কোটি। দিবলৈ থকা শিতানত সৰ্বাধিক ধন দিবলৈ বা ধাৰুৱা পাৰ্টি কংগ্ৰেছ। দলটোয়ে দিবলৈ থকা ধনৰ পৰিমাণ ৪৯.৫৫কোটি। তাৰ পাছতেই তৃণমূল কংগ্ৰেছে দিব থকা ধনৰ পৰিমাণ ১১.৩২কোটি।

সেইধনৰ পৰিমাণ এতিয়া আৰু বৃদ্ধি পাইছে। ৰাজনৈতিক দলবোৰে বিভিন্ন উৎসৰ পৰা ধন সংগ্ৰহ কৰে। দান-বৰঙণি হিচাপে লোৱা দেখুৱাই সেই ধন। কিন্তু এই ব্যৱস্থাত স্বচ্ছতা আনিব খুজিও আজিলৈকে ইয়াক সম্ভৱ কৰি তুলিব পৰা হোৱা নাই। এনে অভিযোগ উত্থাপন হয় যে শাসনলৈ আহিব বুলি সম্ভাৱনা থকা দলকেই পুঁজিপতি গোষ্ঠীয়ে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰে। যিবোৰৰ হিচাপ বা খবৰ সাধাৰণ মানুহে নাপায়।

গণতন্ত্ৰ নামত সৰ্বসাধাৰণৰ ভোট ললেও এক প্ৰকাৰৰ ধনতন্ত্ৰৰ আখৰা চলে এতিয়া নিৰ্বাচনত। যাৰ বাবে পুঁজিপতি গোষ্ঠীৰ বোকোছাত উঠি নিৰ্বাচনৰ বৈতৰণী পাৰ কৰাৰ পিছত সেই পুঁজিপতি শ্ৰেণীৰ চাবি দিয়া পুতলা হৈ পৰে শাসনাধিষ্ঠ দল। ৰাইজে তাৰ প্ৰমাণ পাই আহিছে, পাই আছে।

ৰাজনৈতিক দলবোৰে জানে কেনেকৈ নিয়মৰ উৰ্ধলৈ গৈ নিজক বচাই ৰাখিব লাগে। এই দিশত বাঘে-ছাগে মিলি একেটা ঘাটতে তেওঁলোকে পানী খায়। খাটি খোৱা লোকৰ কথা কোৱা, কোটি কোটি টকাৰ গৰাকী হোৱা ৰাজনৈতিক দলবোৰে নিৰ্বাচনৰ সময়ত সাধাৰণ লোকক কিছু টোপ দি পুজিঁপতি গোষ্ঠীৰ পিঠাৰে বিহু পাতি বাস্তৱত তেওঁলোক ক্ষমতালৈ আহিলেও আৰঁত থাকি তেওঁলোকৰ লেকাম সেই শক্তিশালী গোষ্ঠীবোৰে টানি থাকে।

এনেকৈয়ে চলিছে এতিয়া গণতন্ত্ৰ। কাকোৱে ভাল বা বেয়া বুলি কব পৰা অৱকাশ বা পৰিৱেশ পৰিস্থিতি এতিয়া নাই। ৰাজনৈতিক দলবোৰৰ দৰে নেতাসকলো ধনী হৈ গৈয়ে আছে। ঠায়ে ঠায়ে সম্পত্তিৰ পাহাৰ গঢ়িছে। নামে বেনামে সম্পত্তি গঢ়ি নিৰ্বাচনৰ বতৰত ঘৰিয়ালৰ চকুপানী টুকা সেই নীতিৰ পৰিৱৰ্তন আজিও হোৱা নাই।

কোভিড বা আন পৰিৱেশৰ বাবে ৰাইজে হাহাকাৰ কৰিছে। কিন্তু নেতা বা ৰাজনৈতিক দলবোৰৰ সেই অৱস্থা হোৱা নাই। এইবোৰতো দেখুওৱা সম্পত্তি। ইয়াৰ উপৰিও কাৰ কিমান সম্পত্তি আছে সেয়া কোনেও নাজানে। প্ৰত্যোকটো ৰাজনৈতিক দলৰ থাকে বিনিয়োগকাৰী, কিয়নো ৰাজনীতিও এতিয়া ভাল বেপাৰ…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in