ক্রীড়া-জগত

দুবাইত ডুবিল ভাৰত!

asomiyapratidin

যিদৰে ভবা যায় সেয়া কেতিয়া নহয়। তাৰ বিপৰীত ছবিহে মাজে সময়ে দেখা পোৱা যায়। ঠিক তেনেই এক দৃশ্য দেওবাৰে পাকিস্তান আৰু ভাৰতৰ টি-২০ বিশ্বকাপৰ মেচখনত দেখা পোৱা গ'ল। সকলোৱে ভাবিছিল যে অতি সহজে ভাৰতে পাকিস্তানক পৰাস্ত কৰিব। কিন্তু তেনে হোৱা দেখা নগ'ল। ২৪ অক্টোবৰ, ২০২১ৰ টি-২০ বিশ্বকাপৰ ভাৰত বনাম পাকিস্তানৰ মেচখনৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ ৰাজৰ্ষি চহৰীয়াৰ এক বিশেষ প্ৰতিবেদন।

টি-২০ বিশ্বকাপৰ আজিৰ মেচখনৰ ওপৰত বিশেষ দৃষ্টি ৰাখি অতি ধৈৰ্যৰে সকলোৱে খেলখন উপভোগ কৰিলে ক্ৰিকেট প্ৰেমী সকলে। কিয়নো আজিৰ মেচখনত ভাৰতৰ বিৰুদ্ধে ক্ৰিকেটৰ যুঁজত নামে পাকিস্তান। সৰ্বাধিক লোকেই হয়তো ভাবিছিল যে বিৰাট কোহলী বাহিনীয়ে বহুত ভাল খেল প্ৰদৰ্শন কৰিব। কিন্তু তাৰ বিপৰীতে দেখা গ'ল আন এক দৃশ্যহে।

অপেনিঙত ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে ক্ৰীজত যায়। ভাৰতৰ প্ৰতিগৰাকী ক্ৰিকেট প্ৰেমীৰ আশা আছিল তেওঁলোকে কিবা এটা কৰি দেখুৱাব। ৰোহিত শৰ্মাই কমেও অৰ্ধ শতাধিক কৰিহে পেভেলিয়ন মুখী হ'ব বুলি টিভিত সকলোৱে চকু ৰাখিছিল যদিও সেয়া হৈ নুঠিল। এটা বল খেলি শূন্য ৰানত আউট হোৱা দেখিলে ৰোহিত শৰ্মাক।

সঁচাকৈ আৰম্ভণিয়েই যেন অতি দুৰ্ভাগ্যজনক আছিল ভাৰতৰ বাবে। ৰোহিত শৰ্মা আউট হোৱাৰ পাছতে সকলোৱে ক্ৰীজলৈ আহে অধিনায়ক বিৰাট কোহলী। আশা কৰা হ'ল কে এল ৰাহুল আৰু কোহলীৰ পাৰ্টনাৰ্শ্বিপ হ'ব দীঘলীয়া। কিন্তু তাকো নহ'ল। কিয়নো ৮টা বল খেলি মাত্ৰ ৩ ৰান সংগ্ৰহ কৰি পাকিস্তানৰ বলাৰৰ বলে ষ্টাম্পৰ দিশে আগবাঢ়ি ষ্টাম্পত অতি জোৰকৈ প্ৰহাৰ কৰি আউট কৰিলে ৰাহুলক।

তাৰপাছতে লাহে লাহে সকলো ভাৰতীয় সমৰ্থনকাৰীৰ যেন মনৰ আশাবোৰ কমি আহিল। কে এল ৰাহুল পাছত আহিল সূৰ্যকুমাৰ যাদৱ। ৮টা বলত ১১ ৰান সংগ্ৰহ কৰি যাদৱো পেভেলিয়নৰ দিশে আগবাঢ়িল। সঁচাকৈ প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট দলৰ সমৰ্থনকাৰীৰ বাবে এক দুখবৰ।

কি ভাবিছিল সকলোৱে আৰু কি দেখা পোৱা গ'ল! যেন নিজেই সেই খেলপথাৰত নামি ভাৰতৰ হৈ খেলি ছিক্স আৰু ফ'ৰ মাৰিব প্ৰতিগৰাকী ভাৰতীয় সমৰ্থনকাৰীয়ে। যাদৱৰ পাছত ক্ৰীজলৈ বেটখন লৈ আহিল ৰিশ্বৱ পান্টে। পান্টে আৰু কোহলীয়ে মিলি ভাল খেলে খেলিলে কিছু সময়। কিন্তু ৩৯ ৰান ৩০টা বলত সংগ্ৰহ কৰি পান্টেও ঘূৰি আহিল খেলপথাৰৰ পৰা।

সঁচাকৈ অতি দুখবৰ ভাৰতীয় ক্ৰিকেট দল তথা প্ৰতিগৰাকী ভাৰতীয় সমৰ্থনকাৰীৰ বাবে। ঠিক একেদৰে ৰবিন্দ্ৰ জাডেজাই ১৩ টা বলত ১৩ ৰান , হাৰ্দিক পাণ্ডেয়াই ৮টা বলত ১১ ৰান ভূৱনেশ্বৰ কুমাৰে ৪টা বলত ৫ ৰান সংগ্ৰহ কৰিলে ভাৰতীয় দলৰ বাবে। কিন্তু তাৰ মাজতে অধিনায়ক কোহলীয়ে নিজৰ দায়িত্ব সম্পূৰ্ণ ৰূপে পালন কৰিলে। অতি বেয়া খেল প্ৰদৰ্শন কৰাৰ পাছতো কোহলীয়ে ৪৯টা বলত ৫৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। যাৰ ফলত ২০ অভাৰত ভাৰতে মেচখনত ১৫১ৰান সংগ্ৰহ কৰি পাকিস্তানৰ সমুখত ১৫২ৰানৰ লক্ষ্য বান্ধি দিয়ে।

ভাৰতীয় ক্ৰিকেট দলৰ বেটিং সমাপ্তৰ পাছত ১০ মিনিটৰ ব্ৰেক। আৰু এই ব্ৰেক শেষ হোৱাৰ পাছতে পাকিস্তানৰ বেটছমেন মহম্মদ ৰিজৱান আৰু বাবাৰ আজমে অপেনিং কৰে। পাকিস্তানে সঁচাকৈ ফিল্ডিং, বলিং আৰু বেটিং তিনিওটা ক্ষেত্ৰতে বহু বেছি ভাল খেল প্ৰদৰ্শন কৰে আৰু বুজাই দিয়ে যে, কোনো এটা দলক খেলপথাৰত নামি নোযোৱালৈ দুৰ্বল বুলি ভাবি নালাগে।

ইফালে, পাকিস্তানে ১৮ অভাৰে সম্পূৰ্ণ হ'ব নিদিলে খেলখন সম্পূৰ্ণকৈ জিকিবলৈ। পাকিস্তানৰ অপেনাৰ বেটছমেন হিচাপে গৈ ৰিজৱান আৰু আজামে আউট নোহোৱাকৈয়ে জয়ী কৰিলে নিজৰ দলটোক। ভাৰতে এই মেচখনত অতিকৈ বেয়াকৈ পৰাস্ত হ'ল। সঁচাকৈ হয়তো ভাৰতীয় সমৰ্থক কোনোৱেই ভবা নাছিল এয়া।

ক্ৰীড়া বা খেলত হৰা-জিকা অৰ্থাৎ জয়-পৰাজয় থাকে। সেয়া সত্য। কিন্তু পাকিস্তানে যিধৰণে খেল প্ৰদৰ্শন কৰিলে সেয়া হয়তো কোনো লোকেই ভবা নাছিল। ১৭.৫ অভাৰত ১৫২ ৰানৰ লক্ষ্যত উপনীত হৈ পাকিস্তানে এটাও উইকেট নেহেৰুৱাকৈ পৰাস্ত কৰিলে ভাৰতক।

পাকিস্তানৰ অপেনাৰ মহম্মদ ৰিজৱানে ৫৫টা বলত ৭৯ৰান আৰু বাবৰ আজমে ৫২বলত ৬৮ ৰান সংগ্ৰহ কৰি দেখুৱাই দিলে যে পাকিস্তানক যিমানেই দুৰ্বল বুলি ভবা হৈছিল সিমানেই শক্তিশালী পাকিস্তানৰ ক্ৰিকেট দল। চাবলৈ গ'লে একপক্ষীয় মেচ যেনহে লাগিল এই মেচখন। ইয়াৰ পাছত ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব। কিন্তু পাকিস্তানে যিধৰণে খেলিলে তাৰ পৰা ভাৰতে শিক্ষা লৈ নিজক অধিক অনুশীলনত সময় দি নিজক অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা কৰাৰ সময় আহি পৰিছে। অথবা প্ৰতিখন মেচেই ভাৰতৰ বাবে আজি মেচখনৰ দৰে হ'ব।