সাজু ভোটাৰ! থাওৰা, তামুলপুৰ, মৰিয়নী, ভবানীপুৰ আৰু গোঁসাইগাঁৱত কাৰ বতাহ…

সাজু ভোটাৰ! থাওৰা, তামুলপুৰ, মৰিয়নী, ভবানীপুৰ আৰু গোঁসাইগাঁৱত কাৰ বতাহ…

ৰাজ্যত বলিছে অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ বতাহ। ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসমূহ সাজু হৈছে নিৰ্বাচনী যুঁজৰ বাবে। নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰাৰ পাছতেই প্ৰাৰ্থীসকলৰ ভাগ্য বন্দী হ'ব ইভিএমত। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক প্ৰতিবেদন।

মাজত মাত্ৰ ২৪ ঘন্টা। অসম বিধানসভাৰ ৫টা সমষ্টিত আকৌ হ'ব ভোট যুদ্ধ। নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰাৰ পাছত এতিয়া ইভিএমত বন্দী হ'ব প্ৰাৰ্থীৰ ভাগ্য। সাধাৰণতে উপ নিৰ্বাচনত দেখা যায় শাসকীয় দলেই শেষ হাঁহি মৰাৰ সম্ভাৱনা থাকে। এইবাৰ নিৰ্বাচন অনুষ্ঠিত হব লগা ৫টা সমষ্টিৰ ভিতৰত দুটা সমষ্টিত শাসকীয় দল আৰু বিৰোধীৰ মাজত হব তীব্ৰ প্ৰতিদ্বন্দ্বিতা।

বিশেষকৈ থাওৰা সমষ্টিত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ সৈতে ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ যুঁজখন লক্ষণীয় হৈ পৰিব। শাসকীয় বিজেপিয়ে ৰথী-মহাৰথী নমাইছে যুদ্ধত। কিয়নো এয়া তেওঁলোকৰ বাবে সন্মানৰ বিষয়। মুখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছত এয়াই প্ৰথম অগ্নিপৰীক্ষা।

অসম বিধানসভাৰ উপ নিৰ্বাচনত ৫টা সমষ্টি ক্ৰমে ২৮ নং গোঁসাইগাঁও, ৪১ নং ভৱানীপুৰ, ৫৮নং তামুলপুৰ, ১০১ নং মৰিয়নী, ১০৭ নং থাওৰা সমষ্টিত মুঠ ৭৯৬,৪৫৬গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিব। মুঠ ভোটাৰৰ ভিতৰত ৪,০৩,৩৭৪ গৰাকী পুৰুষ আৰু ৩,৯৩,০৭৮ গৰাকী মহিলা আৰু ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।

তামুলপুৰ সমষ্টিত সৰ্বাধিক ২,১৭,৪৩২ গৰাকী ভোটাৰ থকাৰ বিপৰীতে থাওৰা সমষ্টিত সৰ্বনিম্ন ১,১৫,৯৭১ গৰাকী ভোটাৰ আছে। ৩০ অক্টোবৰত অনুষ্ঠিত হব লগা ৫টা সমষ্টিৰ উপ নিৰ্বাচনত মুঠ ৩১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। গোঁসাইগাঁও সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী জিৰুণ বসুমতাৰীৰ উপৰিও আছে বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱকুমাৰ ব্ৰহ্ম নাৰ্জাৰী, কংগ্ৰেছৰ প্ৰাৰ্থী যোগেন টুডু, অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰন্টৰ প্ৰাৰ্থী খাইৰুল আনাম খন্ডকাৰ, ভোটাৰ্ছ পাৰ্টী থানেছ আকট, নিৰ্দলীয় প্ৰাৰ্থী উত্তম কুমাৰ তালুকদাৰ, কমল ৰয় আৰু পুষ্মা গণী।

একেদৰে ভৱানীপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী ফনী তালুকদাৰ। কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাস, এআইইউডিএফৰ প্ৰাৰ্থী জুবেৰ আলী, ভোটাৰ্ছ পাৰ্টীৰ প্ৰাৰ্থী চিবেন দাস, আৰএমপিৰ মেৰিজুল হকৰ উপৰিও নিৰ্দলীয় তিনিজন প্ৰাৰ্থী আছে। তামুলপুৰ সমষ্টিত ইউপিপিএলৰ জলেন দৈমাৰী, কংগ্ৰেছৰ ভাস্কৰ দাহাল, গণসুৰক্ষা পাৰ্টীৰ ব্ৰজেন্দ্ৰ নাথ ডেকা, নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী যশোৱন্ত চৌহানে প্ৰতিদ্বন্দ্বিতা কৰিব।

মৰিয়নীত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী চাৰিগৰাকী। বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী, কংগ্ৰেছৰ প্ৰাৰ্থী লোহিত কোঁৱৰ, অসম সংগ্ৰামী মঞ্চৰ গোপাল চন্দ্ৰ ঘাটোৱাৰৰ উপৰিও আছে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈ। মুঠ ৫জন প্ৰাৰ্থীয়ে এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব যদিও সমষ্টিটোত ৰূপজ্যোতি কুৰ্মী আৰু লোহিত কোঁৱৰৰ মাজতেই মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা অধিক।

থাওৰা সমষ্টিত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ উপৰিও কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন গগৈ, ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰ, চিপিআইৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। মাত্ৰ কেইটমান মাহৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হোৱা এই সমষ্টি কেইটাৰ এটাটো বিজেপি প্ৰাৰ্থী জয়ী হোৱা নাছিল। ইয়াৰে থাওৰা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে যোৱা নিৰ্বাচনত সুশান্ত বৰগোঁহাই জয়ী হৈছিল।

পৰৱৰ্তী সময়ত সুশান্ত বৰগোঁহাইয়ে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাত বিধায়কৰ পদ এৰিব লগা হৈছিল। সেই সূত্ৰে উক্ত সমষ্টিটোত পুনৰ উপ নিৰ্বাচন অনুষ্ঠিত হোৱাত এইবাৰ বিজেপি প্ৰাৰ্থী হিচাপে সুশান্ত বৰগোঁহাইয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। দেখা যায় যে, কংগ্ৰেছ এৰিলেও নিজৰ সৈতে কংগ্ৰেছৰ গৰিষ্ঠ সংখ্যক সমৰ্থককে নিব নোৱাৰিলে বৰগোঁহাইয়ে।

ইয়াৰ বিপৰীতে তৃণমূল পৰ্যায়লৈ গৈ প্ৰচাৰ অভিযান চলাই ৰাইজৰ দলে এক বাৰ্তা প্ৰেৰণৰ লক্ষ্যৰে সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ সমষ্টি বাসীক অনুৰোধ জনাইছে। তামুলপুৰ সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থী ফনী তালুকদাৰেও বিজেপি গমন কৰি বিধায়কৰ পদ ত্যাগ কৰিব লগা পৰিস্থিতি হয়।

এনেদৰে খালী হোৱা মৰিয়নী সমষ্টিটো কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰাত সমষ্টিটোত উপ নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হৈছে। ইফালে, গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত হব নিৰ্বাচিত দুয়োগৰাকী বিধায়কৰ আকস্মিক বিয়োগ হয়। দুটা সমষ্টিত মিত্ৰদলৰ প্ৰাৰ্থী ইউপিপিএলক এৰি দি থাওৰা, ভৱানীপুৰ আৰু মৰিয়নীত শাসকীয় বিজেপি দলে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইয়াৰ ভিতৰত মৰিয়নীত একালৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী আৰু অখিল গগৈৰ মাজৰ বাক্যযুদ্ধ ৰাইজে ভালদৰেই উপভোগ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় প্ৰতি কেইটা সমষ্টিতেই নিৰ্বাচনী প্ৰচাৰ চলাইছে। একো একোটা সমষ্টিত একাধিক বাৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰীৰ লক্ষ্য ভবানীপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিত বিশেষভাৱে আছে। থাওৰা সমষ্টিত নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘাতৰ ঘটনাও সংঘটিত হৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে সন্মানৰ প্ৰশ্ন জড়িত হৈ থকা এই সমষ্টি কেইটাত শাসকীয় দলৰ পাল্লাৰ ভৰ বেছি যদিও থাওৰাত অঘটন সংঘটিত কৰাৰ শংকায়ো দেখা দিছে। কিয়নো এই সমষ্টিটোত বিশেষভাৱে মনোনিবেশ কি বিজেপিয়ে শাসকীয় দলৰ সমান্তৰালভাৱে তৃণমূল পৰ্যায়লৈ গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে।

ইফালে, ভবানীপুৰ সমষ্টিত পূৰ্বতে এআইইউডিএফৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা ফনী তালুকদাৰক বিজেপিয়ে প্ৰক্ষেপ কৰিছে যদিও যথেষ্ট সংখ্যক সংখ্যালঘু ভোটাৰ থকা এই সমষ্টিটোত বিজেপিয়ে অতি সহজে দখল কৰাৰ সপোন দেখা নাই। এআইইউডিএফৰ প্ৰভাৱ থকা এই সমষ্টিটোতো বিশেষভাৱে মনোনিবেশ কৰিব লগা হৈছিল বিজেপিয়ে। ৫টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অন্ত নপৰালৈকে ইখনৰ পাছত সিখন নিৰ্বাচনী সভাত অংশ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধাৰাবাহিকভাৱে এই প্ৰচাৰত অংশ লৈ মুখ্যমন্ত্ৰী শৰ্মাই কোনো সুৰুঙাই এৰিব বিচৰা নাই উপ নিৰ্বাচনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in