এল অ’ চিত অনুপ্ৰৱেশৰ বাবে সাজু ছশ পাক সন্ত্ৰাসবাদী

এল অ’ চিত অনুপ্ৰৱেশৰ বাবে সাজু ছশ পাক সন্ত্ৰাসবাদী

ডিজিটেল ডেস্কঃ আৰু অধিক অশান্ত হ'ব পাৰে কাশ্মীৰ। যিকোনো মুহূৰ্ততে সন্ত্ৰাসবাদীয়ে সংঘটিত কৰিব পাৰে বৃহৎ আক্ৰমণ। গৃহ মন্ত্ৰণালয়ক চোৰাংচোৱাই দাখিল কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই কথা। প্ৰতিবেদনখনৰ মতে, এল অ' চিৰ ১১ টা চেক্টৰত ৬০০ৰো অধিক পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ সুযোগৰ সন্ধানত আছে।

কূটাঘাত সংঘটিত কৰাৰ লক্ষ্যৰে ভাৰতত প্ৰৱেশ কৰিবলৈ সাজু   হোৱা এই দলটোক সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াইছে পাক সেনাই। জম্মু-কাশ্মীৰ সীমান্তত বাহৰ পাতি থকা সন্ত্ৰাসবাদী দলটোক প্ৰতিহত কৰিবলৈ সাজু হৈ আছে ভাৰতীয় সেনা।

উল্লেখযোগ্য যে, ভাৰতে পাকিস্তান অধিকৃত কাশ্মীৰত (পি অ' কে) সন্ত্ৰাসবাদী সংগঠনসমূহৰ অস্থায়ী ঘাটিবোৰ ধ্বংস কৰিবলৈ চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ পাছত ইমান বৃহৎ সংখ্যক সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশৰ বাবে সাজু হৈ থকা খবৰে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহক উদ্বিগ্ন কৰি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in