বিনোদন

৫ হাজাৰ টকা লৈ বলিউডলৈ অহা ছনু সুদৰ সম্পত্তিৰ পৰিমাণ দেখিলে চকু কাপলত উঠিব আপোনাৰ..

asomiyapratidin

ডিজিটে ডেস্কঃ কোৰোনা কেন্দ্ৰিক পৰিস্থিতিয়ে দেশৰ প্ৰবজিত শ্ৰমিকসকলক কৰ্মহীন কৰাৰ লগতে কৰ্মস্থলী ত্যাগ কৰি যাবলৈ বাধ্য কৰিছিল। চৰকাৰৰ সুপৰিকল্পিত আঁচনিৰ অভাৱত শ্ৰমিকসকলৰ অৱস্থা সূচনীয় হৈ পৰিছিল। পদব্ৰজেই এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ হাজাৰ হাজাৰ কিলোমিটাৰ খোজকাঢ়ি যাবলৈ বাধ্য হোৱা শ্ৰমিকসকৰ কোনোৱে যদি আধা বাটতে প্ৰাণ ত্যাগ কৰিছিল আ কোনোবাজন আকৌ লঘোণে, ভোকে, ভাগৰে মূৰ্চা গৈছিল। এনে সময়তে এই শ্ৰমিকসকলৰ বাবে ত্ৰাণ কৰ্তা হিচাপে ঠিয় দিছিল বলিউডৰ জনপ্ৰিয় অভিনেতা ছনু সুদ। কেৱল শ্ৰমিকসকলৰ বাবেই নহয়, লকডাউনে জুৰুলা কৰা অসংখ্য অসহায় ব্যক্তিৰ বাবে সহায়ৰ একমাত্ৰ হাটখন আগবঢ়াই দিছিল ছনুৱে।

অসহায় জনৰ সহায়ৰ সম্বল হৈ পৰা এইগৰাকী বলিউডৰ অভিনেতাৰ ঘৰত বুধবাৰ আৰু বৃহস্পতিবাৰে দেশৰ আয়কৰ বিভাগে দুবাৰকৈ অভিযান চলাইছে। বহুতেই ক'ব বিচাৰে আয়কৰ বিভাগৰ এই অভিযানৰ আঁৰত আছে ৰাজনৈতিক কাৰণ।

ছনু সুদৰ ঘৰত আয়কৰ বিভাগৰ অভিযানৰ আঁৰত ৰাজনৈতিক কিবা কৰাণ থাকিলেও বা নাথাকিলেও এই মুহূৰ্তত দেশৰ সাধাৰণ শ্ৰেণীৰ লোকসকলৰ মাজত সৃষ্টি হৈছে উতসুকতা। আপুনি জানি আচৰিত হ'ব বলিউডলৈ অহাৰ পূৰ্বে এইগৰাকী ছনুৰ হাতত নাছিল পৰ্যাপ্ত টকা।

মাত্ৰ ৫৫০০ টকা লৈ মুম্বাইলৈ আহিছিল ছনু। বলিউডৰ অভিনয় জগতত প্ৰৱেশ কৰি জনপ্ৰিয় হৈ পৰা ছনু আজি ১৩০ কোটি টকাৰ সম্পত্তিৰ গৰাকী। caknowledge.com নামৰ এটা ৱেবছাইটৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ ছেপ্টেম্বৰত ছনু সুদৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ১৩০ কোটি টকা (১৭ নিযুত ডলাৰ)। ছনু বৰ্তমান তেওঁৰ পত্নী আৰু সন্তানৰ সৈতে মুম্বাইত বাস কৰে। তেওঁ হিন্দী, তেলেগু, তামিল, কানাড়া আৰু পাঞ্জাৱী চলচ্চিত্ৰত কৰা কামৰ বাবে জনাজাত। ব্ৰেণ্ড এণ্ডোৰ্চমেণ্ট হৈছে তেওঁলোকৰ উপাৰ্জনৰ মুখ্য উৎস।

তেওঁ প্ৰতিখন চলচ্চিত্ৰৰ বাবে প্ৰায় ২ কোটি টকা লয়। শক্তি সাগৰ প্ৰডাকচনছ নামৰ তেওঁৰ নিজা প্ৰযোজনা গৃহ আছে। এইটো তেওঁৰ দেউতাকৰ নামত। ছনুৱে এতিয়ালৈকে প্ৰায় ৭০ খন চলচ্চিত্ৰত অভিনয় কৰিছে। ব্ৰেণ্ড এণ্ডোৰ্চমেণ্ট আৰু চলচ্চিত্ৰৰ সৈতে, তেওঁলোকে প্ৰতি মাহে প্ৰায় ১ কোটি টকা উপাৰ্জন কৰে, যি হৈছে বছৰত মুঠ ১২ কোটি টকা।

চনু তেওঁৰ পৰিয়ালৰ সৈতে আন্ধেৰীৰ লোখাণ্ডৱালাৰ এটা ২৬০০ বৰ্গফুট ৪ বি এইচ কে এপাৰ্টমেণ্টত বাস কৰে। তেওঁলোকৰ মুম্বাইত আন দুটা ফ্লেটো আছে। তেওঁৰ গৃহচহৰ মোগাত এটা বাংলো আছে। জুহুত তেওঁৰ এখন হোটেল আছে। লকডাউনৰ সময়ত তেওঁ ইয়াক এটা পৃথকীকৰণ কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ খুলিছিল।

ইয়াৰ উপৰিও, চনুৰ গাড়ী সংগ্ৰহত ৬৬ লাখ টকাৰ মাৰ্চিডিজ বেঞ্জ এম এল শ্ৰেণী ৩৫০ চি ডি আই, ৮০ লাখ টকাৰ অডি কিউ ৭ আৰু ২ কোটি টকাৰ পোৰ্ছ পানামাও অন্তৰ্ভুক্ত আছে।