১৪ নে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰিলে ছানিয়া মিৰ্জাই?

১৪ নে ১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰিলে ছানিয়া মিৰ্জাই?

ডিজিটেল ডেস্কঃ ছানিয়া মিৰ্জা। সৌ সিদিনালৈকে ভাৰতৰ ক্ৰীড়াপ্ৰেমীৰ বাবে ছানিয়া আছিল নয়নৰ মণি। টেনিছ ক'টত ছানিয়াৰ খেলক লৈয়ে কেৱল চৰ্চা হোৱা নাছিল। হায়দৰাবাদৰ কন্যা ছানিয়াৰ ৰূপ-লাবন্যই বুকু ভেদিছিল বহুতৰ।

কি দৃঢ়তাৰ আছিল ছানিয়াৰ! কি চাৱনী আছিল এইগৰাকী হায়দৰাবাদৰ তনয়াৰ! ১৫ নবেম্বৰ, ১৯৮৬চনত জন্ম হোৱা ছানিয়া আছিল ভাৰতৰ আটাইতকৈ সফল মহিলা টেনিছ খেলুৱৈ।

৬ টাকৈ গ্ৰেণ্ডশ্লেম খিতাপ ছানিয়াৰ শিৰত। টেনিছৰ ডাবলছ শাখাত বিশ্বৰ শীৰ্ষ খেলুৱৈ আছিল ছানিয়া। সফলতাৰ পিছত ছানিয়াই দৌৰিব লগা হোৱা নাছিল, সফলতাইহে আহি লগ দিছিল ছানিয়াক।

এইগৰাকী ভাৰতীয় খেলুৱৈয়ে ১৪ আগষ্টতেই উদযাপন কৰিলে স্বাধীনতা দিৱস। টুইটাৰযোগে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলে ছানিয়াই। টুইটাৰত এজনে ছানিয়াক ১৪ আগষ্টত স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই সুধিলে- 'আজিটো আপোনাৰ স্বাধীনতা দিৱস।

'খেলপথাৰত বিপক্ষ খেলুৱৈক পৰাভূত কৰা ছানিয়াই টুইটাৰতো সেই প্ৰদৰ্শন দেখুৱালে। তেওঁক ১৪ আগষ্টত স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কেতিয়া তেওঁৰ স্বাধীনতা দিৱস বুলি প্ৰশ্ন কৰাত, ছানিয়াই তেওঁৰ উদ্দেশ্য ঠিকেই ধৰিলে।

টুইটাৰতে সেই ব্যক্তিজনক ছানিয়াই উত্তৰ দিলে- 'আজি মোৰ দেশৰ স্বাধীনতা দিৱস নহয়। আমাৰ স্বাধীনতা দিৱস কাইলৈ। আজি মোৰ স্বামী আৰু তেওঁৰ দেশৰহে স্বাধীনতা দিৱস। আশা কৰো আপোনাৰ বিভ্ৰান্তি দূৰ হৈছে। বাৰু আপোনাৰ কেতিয়া স্বাধীনতা দিৱস' ।

চতুৰ ছানিয়াই টুইটাৰত ১৪ আগষ্টত স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই কি টুইট কৰিছিল জানেনে? ছানিয়াই লিখিছিল- 'স্বাধীনতা দিৱসৰ বহু শুভেচ্ছা মোৰ পাকিস্তানী অনুৰাগী তথা বন্ধুলৈ যাচিলো। শুভ ইচ্ছা আৰু মৰমেৰে আপোনালোকৰ ভাৰতীয় বৌ'।

উল্লেখযোগ্য যে, পাক ক্ৰিকেটাৰ ছোৱেইব মালিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ছানিয়া মিৰ্জা। এই বিয়াক লৈও চলিছিল যথেষ্ট বিতৰ্ক। পাকিস্তানে ছানিয়াক তেওঁলোকৰ বুলি দাবী কৰাৰ বিপৰীতে ভাৰতক প্ৰতিনিধিত্ব কৰিয়ে খেলপথাৰত নামে ছানিয়া মিৰ্জা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in