ডিচেম্বৰত কেটৰিনা-বিকিৰ বিয়াঃ সাবৰমতী আশ্ৰমত সূতা কটাত ব্যস্ত চলমান…

ডিচেম্বৰত কেটৰিনা-বিকিৰ বিয়াঃ সাবৰমতী আশ্ৰমত সূতা কটাত ব্যস্ত চলমান…

ডিজিটেল ডেস্কঃ বলিউড অভিনেত্ৰী কেটৰিনাৰ বিয়া। ডিচেম্বৰত বিকি কৌশলৰ লগত বিবাহপাশত আবদ্ধ হ'ব কেট। দুই তাৰকাৰ এই বিয়াক লৈ ব্যস্ত হৈ আছে বলিউড। সকলোতে চৰ্চাৰ বিষয় কেৱল কেট-বিকিৰ বিয়া। কিন্তু ইয়াৰ মাজতে কেটৰিনাক বলিউডত স্থান নিগাজি কৰাত মুখ্য ভূমিকা লোৱা চলমান খানৰ খবৰ পিছে ক'তো পাবলৈ নাই।

বহু কেইবাৰ চৰ্চা চলিছিল চলমানে কেটৰিনাক বিয়া কৰাব। বহু এৱাৰ্ড শ্ব'ত চলমানে কেটৰিনাক মুকলিকৈ প্ৰশংসাও কৰিছিল। দুয়োগৰাকীক একেলগে চাবলৈ বিচাৰিছিল অনুৰাগীসকলেও। কিন্তু চলমানক এৰি বিকি কৌশলৰ সৈতে কেটৰিনাৰ বিয়াৰ খবৰ ভাইৰেল হোৱাৰ লগে লগে সকলো ব্যস্ত হৈ পৰিল তেওঁলোকৰ বিয়াক লৈ। পাহৰিলে ভাইজানক।

শেহতীয়াকৈ ভাইজান হিচাপে জনাজাত চলমানক দেখা পোৱা গ'ল সাবৰমতীৰ মহাত্মা গান্ধীৰ আশ্ৰমত। আশ্ৰমত চলমানে যঁতৰত কাটিলে সূতা। এই দৃশ্য ভাইেৰল হৈ পৰাৰ লগে লগে বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে। কোনো কোনৱে ক'লে বিৰহ-বেদনাত দগ্ধ হৈ চলমানে সকলো ত্যাগ কৰি আশ্ৰম পালৈগৈ। আশ্ৰম সূতা কাটি এতিয়া পাৰ কৰিব সময়। পিছে চৰ্চা হোৱাৰ দৰে চলমানে কেটিৰানৰ বিয়াৰ বেদনাত দগ্ধ হৈ সাবৰমতী আশ্ৰমত সূতা কাটিবলৈ যোৱা নাই। তেওঁ এখন ছবিৰ প্ৰচাৰ চলাই থকাৰ মাজতেই সাবৰমতীত উপস্থিত হয়।

চলমান খান আৰু আয়ুষ শৰ্মাৰ 'অন্তিম: দ্য ফাইনেল ট্ৰুথ' মুক্তি পাইছে। ছবিখনে দৰ্শকৰ ভাল সঁহাৰি লাভ কৰিছে। ইয়াত চলমানে যি ষ্টাইল লৈছে সেই ষ্টাইলক অনুৰাগীসকলে প্ৰশংসা কৰিছে। চলমানে শেহতীয়াকৈ আহমেদাবাদত অন্তিমৰ প্ৰচাৰৰ বাবে উপস্থিত হৈছে। এই অন্তিম প্ৰচাৰৰ সময়তে তেওঁ সাবৰমতীৰ মহাত্মা গান্ধী আশ্ৰমত উপস্থিত হৈছিল। ইয়াত তেওঁ যঁতৰত সূতা কাটিলে।

'অন্তিম: দ্য ফাইনেল ট্ৰুথ'ত চলমান খান, আয়ুষ শৰ্মা আৰু মহিমা মাকৱানাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন পৰিচালনা কৰিছিল মহেশ মঞ্জৰেকাৰে। অন্তিমঃ দ্যা ফাইনেল ট্ৰুথে শুক্ৰবাৰে বক্স অফিচত ৫.০৩ কোটি টকা, শনিবাৰে ৬.০৩ কোটি টকা আৰু দেওবাৰে ৭.৫৫ কোটি টকা উপাৰ্জন কৰে। এইদৰে ছবিখনে ৩ দিনত মুঠ ১৮.৬১ কোটি টকা উপাৰ্জন কৰিছে।

চলমান খানে এতিয়াও এই ছবিখনৰ বাবে নিৰন্তৰ প্ৰচাৰ কৰি আছে। উল্লেখ্য যে ছবিখন নিৰ্মাণত মুঠ ব্যয় হৈছিল ৩৫ কোটি টকা। সেই অনুসৰি ছবিখন দৰ্শৰ কাষলৈ লৈ যাবলৈ ছবিখনৰ লগত জড়িত সকলোৱে যথেষ্ট কষ্ট কৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in