অসম

লাভলীনাসহ কোন কোন খেলুৱৈৰ নাম ‘ধ্যানচন্দ খেল ৰত্ন’ বঁটাৰ বাবে মনোনীত, পঢ়ক সবিশেষ…

asomiyapratidin

ডিজিটেল ডেস্কঃ টকিঅ' অলিম্পিকত ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই অনা খেলুৱৈ-এথলিটসহ মুঠ ১১জন খেলুৱৈৰ নাম ধ্যানচন্দ খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে। যোৱা বছৰলৈকে এই বঁটাৰ নাম প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত আছিল যদিও, ২০২১ৰ পৰা চৰকাৰে ভাৰতৰ হকীৰ মহান খেলুৱৈ ধ্যানচন্দৰ নামত নামাকৰণ কৰে।

এইবাৰৰ ধ্যানচন্দ খেল ৰত্ন বঁটাৰ মনোনীত খেলুৱৈসকলৰ নাম ক্ৰমে- নীৰজ চোপ্ৰা, অৱনী লখেড়া, মিতালী ৰাজ, ৰবি দহিয়া, লাভলীনা বৰগোঁহাই, সুনীল চেত্ৰী, পিআৰ শ্ৰীজেশ, প্ৰমোদ ভগত, কৃষ্ণা নাগৰ, মনীষ নৰৱাল আৰু সুমীত অতিল।

উল্লেখ্য যে, এই বঁটা লাভ কৰা খেলুৱৈসকলক প্ৰমাণপত্ৰ আৰু বঁটাৰ উপৰিও ২৫ লাখকৈ নগদ ধন প্ৰদান কৰা হ'ব। ইফালে, অৰ্জুন বঁটাৰ বাবে ৩৫ গৰাকী খেলুৱৈৰ নাম মনোনীত কৰা হৈছে। এই তালিকাখনত ক্ৰিকেটাৰ শিখৰ ধৱনৰ নামো আছে বুলি জানিব পৰা গৈছে।