আফগানিস্তানৰ অধিনায়কৰ পদ ত্যাগ ৰছিদ খানৰ…

আফগানিস্তানৰ অধিনায়কৰ পদ ত্যাগ ৰছিদ খানৰ…

ডিজিটেল ডেস্কঃ আফগানিস্তান ক্ৰিকেট দলৰ অধিনায়ক ৰছিদ খানৰ পদত্যাগ। বৃহস্পতিবাৰে আফগানিস্তানৰ জাতীয় ক্ৰিকেটৰ টি-২০ দলটোৰ অধিনায়ক পদৰ পৰা ৰছিদে পদত্যাগ কৰে। আগন্তুক টি-২০ বিশ্বকাপৰ বাবে আফগানিস্তানৰ দলটো চূড়ান্ত কৰাৰ সময়ত নিৰ্বাচকসকলে ৰছিদৰ মতামত গ্ৰহণ নকৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰছিদে।

আফগানিস্তানৰ নিৰ্বাচকসকলে ৰছিদক টি-২০ দলটোৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰিছিল আনহাতে অভিজ্ঞ উইকেট-ৰক্ষক মহম্মদ শ্বাহজাদকো দলত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰোপৰি আফছৰ জাজাই আৰু ফৰিদ আহমেদ মালিকক দুজন ষ্টেণ্ডবাই খেলুৱৈ হিচাপে ঘোষণা কৰা হৈছিল। ব'ৰ্ডে দলটো ঘোষণা কৰাৰ পাছতে ৰছিদ খানে টি-২০ দলৰ অধিনায়কপদ ত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে।

এ চি বিয়ে ১৮ জনীয়া দলটোক টুইট কৰাৰ কিছু মুহূৰ্তৰ পিছতে ৰছিদে এক টুইটযোগে কয়, বাছনি সমিতি আৰু এচিবি (আফগানিস্তান ক্ৰিকেট ব'ৰ্ড)য়ে এচিবি সংবাদ মাধ্যমৰ দ্বাৰা ঘোষণা কৰা দলটোৰ বাবে মোৰ সন্মতি লাভ কৰা নাই আৰু লগতে দুজন ৰিজাৰ্ভ খেলুৱৈৰ নামো উল্লেখ কৰিছে।ৰাষ্ট্ৰৰ বাবে অধিনায়ক আৰু দায়িত্বশীল ব্যক্তি হিচাপে মই দলটো বাছনিৰ অংশ হোৱাৰ অধিকাৰ লাভ কৰিব লাগে। মই আফগানিস্তান টি-২০ দলৰ অধিনায়কৰ ভূমিকাৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত তৎক্ষণাৎ কাৰ্যকৰী কৰিছো।

উল্লেখ্য যে টি-২০ত বিশ্বৰ শীৰ্ষ স্থানৰ বলাৰ ৰছিদক জুলাই মাহত টি-২০ বিশ্বকাপৰ বাবে আফগানিস্তানৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল।উপ-অধিনায়ক নাজিবুল্লাজাদ জাদৰানকো বিশ্বকাপৰ বাবে ঘোষিত ১৮ জনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছিল।
ইফালে, তালিবানে মহিলাসকলক খেলখেলিবলৈ নিদিয়াৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আফগানিস্তানৰ মহিলা ক্ৰিকেটক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

ক্ৰিকেট অষ্ট্ৰেলিয়াই এই প্ৰসংগত কয় যে, আফগানিস্তানে মহিলা ক্ৰিকেটক সমৰ্থন নকৰিলে নৱেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে নিৰ্দিষ্ট হৈ থকা পুৰুষৰ টেষ্ট মেচখনো বাতিল কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in