মুখ্য-পৃষ্ঠা

বুধবাৰে দেশৰ মুখ্য ন্যায়াধীশৰূপে শপত ল’ব ৰঞ্জন গগৈয়ে

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ৰাষ্ট্ৰপতিয়ে শপতবাক্য পাঠ কৰাব ন্যায়াধীশ গগৈক। ইফালে এক বৰ্ণময় তথা বিভিন্ন সময়ত চৰ্চিত হৈ কাৰ্যকাল অন্ত পেলালে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই। অন্তিম দিনা বিদায় সম্ভাষণ লৈ এক প্ৰকাৰৰ আৱেগিক হৈ পৰিল মুখ্য ন্যায়াধীশ মিশ্ৰ।

অন্তিম ভাষণত ন্যায়াধীশগৰাকীয়ে কয়- 'ধনী-দুখীয়া সকলোৰে মাজত কোনো পাৰ্থক্য নাই।' আনুষ্ঠানিকভাৱে ২ অক্টোবৰহে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ অৱসৰৰ দিন আছিল যদিও, গান্ধী জয়ন্তী হোৱাৰ বাবে সোমবাৰৰ দিনতোৱেই আছিল দীপক মিশ্ৰৰ অন্তিমটো কৰ্মৰ দিন। সোমবাৰে বিদায় মুখ্য ন্যায়াধীশ মিশ্ৰৰ সৈতে উপস্থিত আছিল মুখ্য ন্যায়াধীশ মনোনীত ৰঞ্জন গগৈ।

অৱশ্যে তেওঁ ২৫ মিনিটহে ন্যায়ালয়ত উপস্থিত থাকে। বিদায় অনুষ্ঠানটোত মুখ্য ন্যায়াধীশগৰাকীক 'তুম জিৱ হাজাৰো ছাল' শীৰ্ষক এটা হিন্দী গীত গাই বিদায় সম্ভাষণ জনাবলৈ লওঁতেই অধিবক্তাগৰাকীক তেওঁ গীতটো বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল।

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই অধিবক্তাগৰাকীক উদ্দেশ্যি কয়- 'বৰ্তমান মই হৃদয়ৰ পৰা উত্তৰ দিছো, আবেলি মই মনৰ পৰা উত্তৰ দিম।' ন্যায়ালয়ত আজি উপস্থিত থকা সময়ত আৱেগিক হৈ পৰা দেখা পোৱা গৈছিল মুখ্য ন্যায়াধীশগৰাকীক।

ন্যায়াধীশ গৰাকীয়ে বিদায় সম্ভাষণ লৈ কয়- 'ইতিহাস কেতিয়াবা দয়ালু হয় আৰু কেতিয়াবা হয় নিৰ্দয়। মই সদায় মানুহক ইতিহাসে নহয়, কাম-কাজৰ দৃষ্টিভংগীৰে বিচাৰ কৰো।' ইফালে, এই বিদায় সভাত উপস্থিত থাকি ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয়- 'ন্যায়াধীশ মিশ্ৰই অহৰহভাৱে ব্যক্তিৰ স্বাধীনতা আৰু অধিকাৰৰ হকে কাম কৰিছিল। তেওঁ নাৰীৰ অধিকাৰৰ হকে কাম কৰিছিল।'