বিনোদন

নতুন অসমীয়া ছবি ‘ৰাজা ৰিটার্ণছ’ৰ ট্রেইলাৰ মুকলি

asomiyapratidin

অসমীয়া ছবিজগতত হাস্যমধুৰ ছবিৰ জনপ্রিয়তা পূর্বৰ পৰাই বিদ্যমান। দর্শকেও এনেধৰণৰ ছবিসমূহৰ প্রতি আগ্রহ দেখুওৱা পৰিলক্ষিত হৈছে। এতিয়া এই তালিকাত অন্তর্ভুক্ত হৈছে এখন পূর্ণদৈর্ঘ্যৰ অসমীয়া ছবিৰ নাম। কে ডি ফিল্মছৰ বেনাৰত নির্মিত তথা কিশোৰ দাস পৰিচালিত উক্ত ছবিখনৰ নাম 'ৰাজা ৰিটার্ণছ'।

শেহতীয়াভাৱে ছবিখনৰ আকর্ষণীয় ট্রেইলাৰ আৰু অফিচিয়েল পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয়। মুক্তিৰ লগে লগেই ছ'চিয়েল নেটৱর্কিং ছাইটসমূহত ট্রেইলাৰটিয়ে চলচ্চিত্রপ্রেমীৰ ব্যাপক সহাঁৰি লাভ কৰা দেখা গৈছে। ছবিখনৰ কাহিনী-চিত্রনাট্য-সংলাপ-চলচ্চিত্রকাৰ-সম্পাদনা পৰিচালক কিশোৰ দাসৰ।

ছবিখনৰ মূল কাহিনীভাগ ৰচিত হৈছে 'ৰাজা' শীর্ষক এজন যুৱকক কেন্দ্র কৰি যিয়ে ঘৰত কাকো নজনোৱাকৈ কামৰ সন্ধানত মাত্র ১৫ বছৰ বয়সতে দিল্লীলৈ পলাই গুচি যায়। সম্পূর্ণ ১২ বছৰ পিছত ৰাজা আকৌ উভতি আহে গাওঁলৈ আৰু নিজকে এগৰাকী ধনী মানুহ বুলি প্রত্যেকৰে আগত দেখুৱাই ফুৰে। গাওঁখনলৈ উভতি অহাৰ পিছত ৰাজাৰ সৈতে যিবোৰ ঘটনা সংঘটিত হয় তাৰেই আধাৰত নির্মিত হৈছে 'ৰাজা ৰিটার্ণছ'।

১৫০ মিনিট দৈর্ঘ্যৰ এই ছবিখনত দর্শকে প্রতিটো দৃশ্যতে হাস্যৰসৰ সন্ধান পাব কিয়নো ছবিখনৰ প্রতিটো চৰিত্রই এনেভাবে সজাই তোলা হৈছে যে তেওঁলোকে কোনো ছিৰিয়াছ কাম কৰিবলৈ গ'লেও পৰিস্থিতিৰ মেৰপেছত পৰি সেয়া হাস্যমধুৰ হৈ পৰে।

ছবিখনত 'ৰাজা' শীর্ষক কেন্দ্রীয় চৰিত্রটি ৰূপায়ন কৰিছে ভার্গৱ দাসে, তেওঁৰ বিপৰীতে মূল নায়িকাৰ চৰিত্রত অভিনয় কৰিছে ফেইৰীপ্রিয়া আহমেদে, অন্যান্য গুৰুত্বপূর্ণ চৰিত্রসমূহত অভিনয় কৰিছে ক্রমে সাগৰিকা গোস্বামী, অপূর্ব গোস্বামী, বিজিত দেব চৌধুৰী, মানস শর্মা, অমিতাভ ৰাজখোৱা, চাজু আহমেদ, মদন দাস, দিলীপ দত্ত আৰু কিশোৰ দাসে, আনহাতে 'মেৰ'' শীর্ষক চৰিত্রটিত অভিনয় কৰিছে অংশুমান ভূঞাই।

ছবিখনৰ সংগীত পৰিচালনা পৰাণ বৰকটকীৰ(জ'জ'), গীতসমূহ লিখিছে ইবচন লাল বৰুৱা, ৰাজদ্বীপ আৰু মৃদুল দাসে, আনহাতে গীতকেইটিত কণ্ঠ নিগৰাইছে জুবিন গার্গ, অংগৰাগ পাপন মহন্ত, ৰোহিত সোণাৰ, গীতাঞ্জলি দাস আৰু পম্পী গগৈ-এ, আৱহ-সংগীত মানস হাজৰিকাৰ । চ'নী মিউজিক আৰু ধ্বনি ৰেকর্ডছ'ৰ দ্বাৰা ছবিখনৰ সংগীত শীঘ্রেই মুকলি কৰি দিয়া হ'ব।

ৰাজা ৰিটার্ণছ' ছবিখনৰ চিনেমেটোগ্রাফী সুৰুজ ডেকাৰ, সম্পাদনা কৰিছে সঞ্জীৱ তালুকদাৰে, চাউণ্ড-ডিজাইন বিজয় কুমাৰ নাথ আৰু বাবুল দাসৰ, ভি-এফ-এক্স ধর্মেন্দ্র দাসৰ, ডি-আই কালাৰিষ্ট সুজিত কর্মকাৰ আৰু গ্রাফিক্স ডিজাইনাৰ তন্ময় চক্রৱর্তী। ছবিখনৰ কার্যবাহী প্রযোজক জিতুমনি দাস আৰু মণ্টু বৈশ্য, এচ'ছিয়েট প্রযোজক চানু বালা দাস, মূখ্য পৃষ্ঠপোষক প্রদীপ কুমাৰ দাস, প্রডাকচন মেনেজাৰ মুকুল কলিতা আৰু প্রযোজনা নিয়ন্ত্রক মণ্টু বৈশ্য। ছবিখন বিতৰণৰ দায়িত্বত আছে কামাখ্যা ফিল্মছ।

প্রযোজকে জানিবলৈ দিয়া মতে, উক্ত ছবিখন চলিত বর্ষৰ ৫ অক্টোবৰ তাৰিখে সমগ্র অসমৰে চিত্রগৃহত মুক্তিলাভ কৰিব । তেওঁ লগতে কয় যে, দর্শকে একোখন ছবিৰ মাজত বিচৰা আটাইখিনি উপাদানেই 'ৰাজা ৰিটার্ণছ'ত উপলব্ধ।

ছবিখনত যিদৰে হাস্যৰস আছে ঠিক একেদৰে ৰোমান্স আছে, অৱশ্যে এই প্রেম-ভালপোৱাৰ দৃশ্যসমূহ এক নতুন ৰূপত ছবিখনত উপস্থাপন কৰা হৈছে। ছবিখনৰ ট্রেইলাৰটি যিদৰে অসমৰ চলচ্চিত্রপ্রেমীয়ে আকোঁৱালি লৈছে, মুক্তিৰ লগে লগে ছবিখনো আদৰি ল'ব বুলি প্রযোজনাগোষ্ঠী গভীৰ আশাবাদী।

  • কল্যাণ কুমাৰ কলিতা