ৰাষ্ট্ৰীয়

ডিজিটেল প্ৰশাসনৰ বিশ্বৰ শীৰ্ষ-২০ৰ তালিকাত কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ

asomiyapratidin

ডিজিটেল ডেস্কঃ ডিজিটেল প্ৰশাসনৰ বিশ্বৰ শীৰ্ষৰ ১০০ গৰাকী ব্যক্তিৰ তালিকাত অন্তৰ্ভূক্ত হৈছে ভাৰতৰ দুগৰাকী ৰাজনৈতিক নেতা তথা মন্ত্ৰী। ইয়াৰে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ বিপৰীতে আনগৰাকী হৈছে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী।

ব্ৰিটেইনৰ 'অপালিটিকেল' নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা সমীক্ষাত অন্তৰ্ভুক্ত হ'বলৈ সমৰ্থ হোৱা এই দুগৰাকী ভাৰতীয় মন্ত্ৰী হৈছে কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে।

ডিজিটেল প্ৰশাসনৰ ক্ষেত্ৰত আগবঢ়োৱা গুৰুত্বপূৰ্ণ ভূমিকা আৰু অৱদানৰ বাবেই ৰবিশংকৰ আৰু বসুন্ধৰাৰ নাম তালিকাখনত অন্তৰ্ভূক্ত কৰা বুলি জানিবলৈ দিছে প্ৰতিষ্ঠানটোৱে। তালিকাখনত ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে যদিও তেওঁৰ নাম সমগ্ৰ বিশ্বৰ শীৰ্ষ ৰাজনীতিবিদৰ তালিকাতহে অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰতিষ্ঠানটোৱে উল্লেখ কৰা মতে, ৰাজস্থান হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য, যিখন ৰাজ্যই ই-গৱৰ্নেন্সৰ ভেটি স্থাপন কৰাৰ লগতে ডিজিটেল প্ৰশাসন ব্যৱস্থা কাৰ্যকৰী কৰাত সফলতা অৰ্জন কৰিছে।

উল্লেখ্য যে তথ্য-প্ৰযুক্তি মন্ত্ৰণালয়ৰ দায়িত্ব গ্ৰহণ কৰিয়েই ৰবিশংকৰ প্ৰসাদে ই-গৱৰ্নেন্সৰ সুবিধাৰ্থে কেবাটাও এপছ মুকলি কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। মন্ত্ৰণালয়ৰ তৰফৰ পৰা মুকলি কৰা এই এপবোৰত  আছে অনলাইন সামগ্ৰী ক্ৰয়ৰো সুবিধা।