অসম

অইলৰ অধ্যক্ষ উৎপল বৰাৰ ঘোষণাক লৈ প্ৰতিক্ৰিয়া

asomiyapratidin

ডিজিটেল সংবাদ, দুলীয়াজানঃ দেশৰ লাভজনক তথা দ্বিতীয় বৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক উৎপল বৰাই ৰাজ্যবাসীক আভুৱা ভাৰিব বিচাৰিছে নেকি?

অলপতে বৰাই গুৱাহাটীত সংবাদ মেল যোগে গুৱাহাটী মহানগৰ আৰু বৰাক উপত্যকাৰ কাছাৰ¸ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত পাইপযোগে ৰন্ধন গেছ যোগান ধৰা হ'ব বুলি প্ৰকাশ কৰাৰ পিছতে আজি অসম গেছ কোম্পানীয়ে সংবাদ মাধ্যমলৈ এক বিজ্ঞপ্তি প্ৰেৰণ কৰাৰ পিছত উদয় হৈছে এই প্ৰশ্নৰ।

অইল ইণ্ডিয়াই নিজে গেছ প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ আটাইতকৈ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডে বিজ্ঞপ্তিটোত কৈছে যে অইল ইণ্ডিয়া লিমিটেড¸ অসম গেছ কোম্পানী আৰু গেইল গেছ লিমিটেডৰ যৌথ অংশীদাৰীত্বৰে গঠন হ'বলগীয়া এটা প্ৰতিষ্ঠানেহে এই গেছ যোগান ধৰিব।

য'ত গেছ কোম্পানীৰ ৪৮ শতাংশ অংশীদাৰিত্ব থকাৰ বিপৰীতে অইল আৰু গেইলৰ ২৬ শতাংশকৈহে অংশীদাৰীত্ব থাকিব। অৰ্থাৎ গেছ কোম্পানীৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত থাকিব গেছ যোগান প্ৰক্ৰিয়া।

এই কথা প্ৰতিপন্ন কৰিবলৈ গৈ অসম গেছ কোম্পানীৰ মানৱ সম্পদ আৰু প্ৰশাসন বিভাগৰ তৰফৰ পৰা প্ৰেৰণ কৰা বিজ্ঞপ্তিটোত উল্লেখ কৰিছে যে নগৰ গেছ বিতৰণত অসম গেছ কোম্পানীৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা আছে।

অইল ইণ্ডিয়াক প্ৰত্যক্ষভাৱে আক্ৰমণ নকৰিলেও অইলে অকলে ইয়াৰ খ্যাতি গ্ৰহণ কৰিব খোজা কাৰ্যত যে অইলৰ ভটিয়নী উদ্যোগ প্ৰতিষ্ঠানটো ক্ষুণ্ণ হৈ পৰিছে সেইটো স্পষ্ট হৈ পৰিছে। অইল ইণ্ডিয়া আৰু অসম গেছ কোম্পানীৰ এই শীতল যুদ্ধই যে অনাগত দিনত দুয়োটা প্ৰতিষ্ঠানৰে সম্পৰ্ক বিঘ্নিত কৰিব সেইটো নিশ্চিত।

লোকৰ পিঠাৰে বিহু পাতিব খোজা অইল ইণ্ডিয়াৰ শীৰ্ষতম বিষয়াজনৰ এনে মনোবৃত্তিয়ে এতিয়া দুলীয়াজানত মুখ্য কাৰ্যালয় থকা দুয়োটা প্ৰতিষ্ঠানৰে বাহিৰে-ভিতৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।