পুৱাৰ খবৰ…

পুৱাৰ খবৰ…

১. অসমত পুনৰ ৩২২জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১৪১জন কামৰূপ মেট্ৰ'ৰ, ৩০জন বৰপেটাৰ, ২৩জন লখিমপুৰৰ আৰু ২০জন যোৰহাটৰ। এতিয়ালৈকে ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০৯৮২৮জনলৈ পাইছে বৃদ্ধি। ইফালে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৪০৮জন লোক। আনহাতে, উক্ত দিনটোত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ২জনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে, এতিয়াও ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৪০৩জন ৰোগী।

২. ড্ৰাইভিং লাইচেঞ্চৰ বাবে কেতবোৰ নতুন নিয়ম ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই নিয়মবোৰ। ড্ৰাইভিং লাইচেঞ্চৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। ৯৫৩১১০৭৫১৮ নম্বৰত হোৱাটছএপো কৰিব পাৰিব। লগতে ১৮০০৩৪৫ ২৬৬৬ নম্বৰত কৰিব পাৰিব ফোন। আৰ চি, লাইচেঞ্চৰ নবীকৰণ সকলো কাম অনলাইনতে হ'ব। সাৰথি পৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। www.parivahan.gov.inত কৰিব পাৰিব এই সকলো কাম। ঘৰতে থাকি লাভ কৰিব লাইচেঞ্চ।

৩. বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত 'শংকৰদেৱ উদ্যান ধ্বংস কৰা কাৰ্য'ৰ প্ৰতিবাদত মানৱ শৃংখল কাৰ্যসূচী সাব্যস্ত কৰে স্থানীয় ৰাইজে। শতাধিক ডেকা-জেষ্ঠ নাগৰিকে হাতে হাতে প্লে'কাৰ্ড লৈ এই মানব-শৃংখল কাৰ্যসূচীত উপস্থিত থাকে। শঙ্কৰদেৱ উদ্যানৰ এটা অংশ অধিগ্ৰহণ কৰা নচলিব, শঙ্কৰদেৱ উদ্যান ধ্বংস কৰা কাৰ্য বন্ধ কৰক, শঙ্কৰদেৱ উদ্যানত গছ-গছনি কটা নচলিব, শঙ্কৰদেৱ আৰু আজান-পীৰ উদ্যানৰ উন্নয়নৰ ব্যৱস্থা কৰক আৰু শঙ্কৰদেৱ পাৰ্কৰ ভিতৰত প্ৰস্তাবিত নিৰ্মাণ কাৰ্য্য বন্ধ কৰক দাবী উত্থাপন কৰে এই প্ৰতিবাদকাৰীসকলে।

৪. শিশু, কিশোৰী আৰু মহিলাৰ ওপৰত চলা অত্যাচাৰ, উৎপীড়ন আৰু ঘৃণনীয় ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। এনে সময়তে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দৰে দেশৰ এক আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠানত এগৰাকী গৱেষক ছাত্ৰীৰ ওপৰত সতীৰ্থ গৱেষক ছাত্ৰই চলোৱা জঘন্য যৌন নিৰ্যাতনৰ ঘটনাই সভ্য সমাজক চূড়ান্তভাৱে লজ্জানত কৰিছে। ইফালে, যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা বিশ্ববিদ্যালয়খনৰ গৱেষক ছাত্ৰী গৰাকীয়ে তেজপুৰ সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত কৰি কৌশল আগৰৱালা নামৰ গৱেষক ছাত্ৰজনক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বুধবাৰে সন্ধিয়া বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে।

৫. অৰুণাচলৰ বিধায়ক হত্যাৰ এক ঘটনাই দেশজুৰি আলোড়ণৰ সৃষ্টি কৰিছিল৷ এন এছ চি এনৰ (আই এম) গোটে প্ৰদেশখনৰ প্ৰাক্তন বিধায়ক তিৰঙ আবুহক (Tirong Aboh) গুলীয়াই হত্যা কৰাৰ লগতে এক মাত্ৰ সন্তানটোকো হত্যা কৰিছিল৷ ত্ৰিৰাপ জিলাৰ বগাপানী গাৱঁত এনপিপিদলৰ বিধায়কজনৰ কনভয়ৰ ওপৰত আক্ৰমন চলাই এন এছ চি এনে সৰ্বমুঠ এঘাৰ জন লোকক হত্যা কৰিছিল৷ ২০১৯ চনৰ ২১ মে'ত সংঘটিত এই ঘটনাৰে জড়িত আছিল এন এছ চি এনৰ ডেপুটী কামাণ্ডেণ্ট আৰ কে হকিনচন৷

৬. হিমা দাসৰ পাছত অসম আৰক্ষীৰ উপ অধীক্ষক হ'ব লাভলীনা বৰগোঁহাই। বক্সিং ৰিঙত অলিম্পিকত ব্ৰঞ্জৰ পদক বুটলি সমগ্ৰ দেশকেই গৌৰাৱাম্বিত কৰা অসম কন্যা লাভলীনা বৰগোঁহাইক আৰক্ষীৰ উপ অধীক্ষক হিচাপে নিযুক্তি দিয়া হ'ব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। সেই ঘোষণাৰ পাছত আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি বৃহস্পতিবাৰে কইনাধৰাত অনুষ্ঠিত কেবিনেট বৈঠকত ইয়াৰ চূড়ান্ত ছীল-মোহৰ মৰা হয়।

৭. মাজত মাত্ৰ ২৪ ঘন্টা। অসম বিধানসভাৰ ৫টা সমষ্টিত আকৌ হ'ব ভোট যুদ্ধ। নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰাৰ পাছত এতিয়া ইভিএমত বন্দী হ'ব প্ৰাৰ্থীৰ ভাগ্য। সাধাৰণতে উপ নিৰ্বাচনত দেখা যায় শাসকীয় দলেই শেষ হাঁহি মৰাৰ সম্ভাৱনা থাকে। এইবাৰ নিৰ্বাচন অনুষ্ঠিত হব লগা ৫টা সমষ্টিৰ ভিতৰত দুটা সমষ্টিত শাসকীয় দল আৰু বিৰোধীৰ মাজত হব তীব্ৰ প্ৰতিদ্বন্দ্বিতা।

৮. ৰাজ্য চৰকাৰে ২০২২চনত সকলো চৰকাৰী কাৰ্যালয়সমূহ কোন কোন তাৰিখে বন্ধ থাকিব তাৰ এক তালিকা প্ৰকাশ কৰিছে। জানুৱাৰী, ২০২২ৰ পৰা ডিচেম্বৰ, ২০২২লৈ চৰকাৰী কাৰ্যালয়সমূহ ৩৪দিন সম্পূৰ্ণ বন্ধ থাকিব বুলি জনোৱা হৈছে এই তালিকাৰ দ্বাৰা। ইফালে, ৯ আগষ্ট, ২০২২ত মহৰাম আৰু ৯ অক্টোবৰ, ২০২২ত লক্ষ্মী পূজাৰ বাবে চৰকাৰী কাৰ্যালয়সমূহত অৰ্ধ ছুটী দিয়া হ'ব কৰ্মচাৰীসকলক। আনহাতে, পাব্লিক হলী ডে আছে ১৮দিন সম্পূৰ্ণ বছৰটোত। তদুপৰি ১ এপ্ৰিল, ২০২২ (শুকুৰবাৰ) দিনটোত থাকিব বেংক বন্ধ।

৯. কোভিডত আক্ৰান্ত হৈছে বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু। বৰ্তমান জি এম চি এইচত চিকিতসাধীন হৈ আছে তেওঁ। বিশিষ্ট সাংবাদিকগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে গুণমুগ্ধই। ৰাজ্যত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। দুখন বিদ্যালয়ো বন্ধ ঘোষণা কৰিছে কামৰূপ মেট্ৰৰ প্ৰশাসনে।

১০.  ২৬দিনৰ মূৰত মুকলি আকাশৰ তললৈ আৰিয়ান খান। বোম্বে হাইকৰ্টে মঞ্জুৰ কৰিলে আৰিয়ানৰ জামিনৰ আবেদন। উল্লেখ্য যে, আৰিয়ান জামিনৰ বাবে বহু চেষ্টা কৰিছিল অধিবক্তাই। আৰিয়ানৰ লগতে জামিন পালে দুই সংগীয়েও। সম্পূৰ্ণ ২৫-২৬ দিনৰ মূৰতহে শ্বাহৰুখ খানৰ মুখত দেখা হ'ল হাঁহি বিৰিঙা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in