চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বাও সংগঠনৰ জেল ভৰাও কাৰ্যসূচী ৰূপায়ণ

ফটোঃ অসমীয়া প্ৰতিদিন
ফটোঃ অসমীয়া প্ৰতিদিন

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যতে জেল ভৰাও কাৰ্যযূচী ৰূপায়ণ কৰে চিটু, অসম ৰাজ্যিক কৃষক সভাকে ধৰি কেবাটাও সংগঠনে। মহানগৰীতো সংগঠনকেইটাৰ শতাধিক সদস্যাই সাব্যস্ত কৰে প্ৰতিবাদ।

এই প্ৰতিবাদৰ জৰিয়তে সংগঠনকেইটাই চৰকাৰক জনবিৰোধী নীতিসমূহ বন্ধ কৰিবলৈ সকীয়াই দিয়াৰ লগতে একাধিক সমস্যা অনতি পলমে সমাধান কৰিবলৈ দাবী জনায়।

এই দাবীসমূহৰ ভিতৰত আছে কৃষক আৰু কৃষি শ্ৰমিকক সকলো ঋণৰ পৰা মুক্তি দিয়া, ভূমিহীনক ভূমি আৰু পট্টাহীনক পট্টা প্ৰদানৰ ব্যৱস্থা কৰা, কৃষক-শ্ৰমিকসকলক মাহিলি ৫০০০ টকাকৈ পেঞ্চন প্ৰদান কৰা, বান-গৰাখহনীয় সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা, মূল্যবৃদ্ধি ৰোধ কৰা আৰু সমান কামৰ সমান মজুৰি নিশ্চিত কৰা।

ইয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰি এন আৰ চিত সকলো বৈধ ভাৰতীয়ৰ নাম অন্তৰ্ভুক্তিৰ ব্যৱস্থা কৰিবলৈকো দাবী জনাই প্ৰতিবাদকাৰীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in