বিনোদন

ফুল-চন্দন গাঁথিছে, কাৰ বিয়াৰ কথা চলিছে…

asomiyapratidin

ডিজিটেল ডেস্কঃ এখন বিয়া। এইখন বিয়াক লৈ এতিয়া সকলোৰে চকু। ৰাহুল গান্ধীৰ বিয়া নহয় এইখন। ছলমান খানৰো নহয় এইখন বিয়া। এইখন বিয়াৰ সৈতে কিন্তু সম্পৰ্ক আছে অসমৰ।

কেৱল অসমৰে নহয়, এই বিয়াক লৈ গৰম বতাহ বলিছে বলিউডতো। এইখন কইনা ঘৰৰ বিয়া। দৰা বিদেশৰ। ১৮ আগষ্টত আয়োজন কৰিছে এক অনুষ্ঠানৰ। এই অনুষ্ঠানলৈ আপুনি-মই নিমন্ত্ৰণ নাপাওঁ। অসমৰ কোনোবাই যে নিমন্ত্ৰণ পাব তাতো সন্দেহ আছে।

কইনাই নিজেই এই অনুষ্ঠানৰ কথা ৰাজহুৱা কৰিছে। সেই অভ্যৰ্থনা অনুষ্ঠানতে অৱশ্যে তেওঁ পৰিয়াল তথা ঘনিষ্ঠ বন্ধু-বান্ধৱৰ আগত ঘোষণা কৰিব কেতিয়া আৰু কাৰ সৈতে তেওঁ বিবাহপাশত বহিব। তাৰ পাছতেই দেশী গাৰ্ল হৈ পৰিব বিদেশী বোৱাৰী। দৰাৰ নাম নিক। তেওঁ উপস্থিত থাকিব এই অনুষ্ঠানটোত।

ইতিমধ্যে দৰাই কইনাক উপহাৰ দিছে এটা দামী আঙুঠি। যোৱা বছৰ জন্মদিনত সেই উপহাৰ পাইছিল কইনাই। বৰ সযতনেৰে কইনাই ৰাখি থৈছে আঙুঠিটো। এক কথাত আঙুঠি পিন্ধোৱা পৰ্ব এনেকৈয়ে হৈ গৈছে। দুয়োৰে মাজত হিয়া-দিয়া-নিয়াক লৈ দেশ-বিদেশৰ সংবাদমাধ্যমতো ইতিমধ্যে খবৰ হৈছে।

বিয়াৰ পাছত কইনা হয়তো আকৌ নাহিব অসমলৈ। নাহে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য পাণ কৰি কাজিৰঙাত সময় কটাবলৈ। কিছুদিনৰ পূৰ্বে কইনা আহিছিল অসমলৈ। যোৰহাটৰ ভিতৰুৱা গাঁৱলৈ গৈ মুগাৰ মেখেলা চাদৰ পিন্ধিছিল কইনাই। ভাগ লৈছিল এটা বিজ্ঞাপনৰ শ্বুটিঙত।

আপুনি হয়তো গম পাইছে কাৰ বিয়া এইখন। ঠিকেই অনুমান কৰিছে আপুনি। এইখন তেওঁৰেই বিয়া। আমাৰ পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাৰ বিয়া। বলিউডৰ মায়া এৰি হলিউডলৈ যাব বিচৰা অভিনেত্ৰী প্ৰিয়ংকাৰ বিয়াক লৈ এই কেইদিন চলি আছিল চৰ্চা।

ছলমান খানৰ ভাৰত ছবিত তেওঁ নায়িকাৰ চৰিত্ৰৰ প্ৰত্যাখান কৰিছিল কেৱল প্ৰেমৰ বাবে। হয়তো পৰিকল্পনা কৰিছে ভাৰতত আৰু নথকাৰ। সেয়েহে সময় দিব নোৱাৰিম বুলি ইতিমধ্যে দুখনকৈ বলিউডৰ বিগ বাজেটৰ ছবিৰ পৰা আতৰি গৈছে এইগৰাকী অভিনেত্ৰী।

তেনেস্থলত অসম মুলুকৰ পৰ্যটন এম্বেছাডৰ হৈ যে তেওঁক আৰু দেখা পোৱা যাব সেয়া সন্দেহ আছে। আন নহ'লেও বয়সত প্ৰিয়ংকা চোপ্ৰাই সিদ্ধান্ত লৈছে। অভিনয়-বিজ্ঞাপন সেইবোৰ পিছত, প্ৰথমে সংসাৰৰ কথা ভাবিছে প্ৰিয়ংকাই। এই কেইদিন হ'বলগীয়া স্বামী তথা হলিউডৰ অভিনেতা নিক জনাছৰ সৈতে তেওঁ ব্যস্ত। কটাইছে দুয়ো ঘনিষ্ঠ মুহূৰ্ত।

এতিয়া অপেক্ষা ১৮ আগষ্টলৈ। সেইদিনাই জীৱনৰ দ্বিতীয় ইনিংছ কেতিয়াৰ পৰা আৰম্ভ কৰিব সেয়া প্ৰিয়ংকাই ৰাজহুৱাকৈ জনাব।