হলীউডৰ ছবি ‘কাউবয় নিঞ্জা ভাইকিং’ত অভিনয়ৰ বাবে চুক্তিৱদ্ধ প্ৰিয়ংকাৰ

হলীউডৰ ছবি ‘কাউবয় নিঞ্জা ভাইকিং’ত অভিনয়ৰ বাবে চুক্তিৱদ্ধ প্ৰিয়ংকাৰ

ডিজিটেল ডেস্কঃ বলীউড এৰি হলীউডতে খোপনি পোতাৰ মন মেলিছে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। ছলমান খানে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিবলগীয়া  বিগ বাজেটৰ হিন্দী ছবি 'ভাৰত'ত শেষ মুহূৰ্তত অভিনয় নকৰে বুলি সদৰী কৰা প্ৰিয়ংকা এতিয়া চুক্তিৱদ্ধ হৈছে আন এখন হলীউডৰ ছবিত।

কোৱাণ্টিকোত সুন্দৰ অভিনয়ৰে বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰা প্ৰিয়ংকাই নতুন চুক্তি অনুযায়ী অভিনয় কৰিব 'কাউবয় নিঞ্জা ভাইকিং'ত। ইউনিভাৰ্ছেল পিকচাৰ্ছৰ এই একশ্যন ধৰ্মী ছবিখনত মূল চৰিত্ৰত অভিনয় কৰিব ক্ৰিছ প্ৰাটে।

উল্লেখ্য যে দিনদিয়েক পূৰ্বে নিজৰ জন্মদিন নতুন প্ৰেমিক মাৰ্কিন সংগীত শিল্পী নিক জনাছৰ সৈতে লণ্ডনত উদযাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in