ৱাশ্বিংটনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী, কোৱাড সন্মিলনৰ পাছত ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে হ’ব বৈঠক…

ৱাশ্বিংটনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী, কোৱাড সন্মিলনৰ পাছত ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে হ’ব বৈঠক…

ডিজিটেল ডেস্কঃ ৱাশ্বিংটনত উপস্থিত হৈছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কোৱাড (QUAD) সন্মিলনত অংশগ্ৰহণ ল'ব প্রধানমন্ত্ৰী গৰাকীয়ে। তাৰোপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ সৈতে দ্বিপক্ষীয় আলোচনাত মিলিত হ'ব মোডী। তিনিদিনীয়া এই সূচীত প্ৰধানমন্ত্ৰী গৰাকীয়ে সংযুক্ত ৰাষ্ট্ৰ মহাসভাতো অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে, এই কোৱাড সন্মিলনত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্ক'ট ম'ৰিছন আৰু জাপানৰ প্ৰধানমন্ত্ৰী য়ছিহিডে ছুগাৰ সৈতে অংশ গ্ৰহণ কৰিব। উল্লেখ্য যে, বুধবাৰে প্ৰধানমন্ত্ৰী মোডী আমেৰিকাত উপস্থিত হোৱা সময়ত ধাৰাসাৰ বৃষ্টিপাত হৈ আছিল যদিও তেওঁক উষ্ম আদৰণি জনোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in