আজি উদ্বোধন হ’ব সংসদ টিভি…

আজি উদ্বোধন হ’ব সংসদ টিভি…

ডিজিটেল ডেস্কঃ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বুধবাৰে যুটীয়াভাৱে সংসদ টিভি উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই বিষয়ে কয়, আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱসত সংসদ টিভি মুকলি কৰা হ'ব।

এই বছৰৰ ফেব্ৰুৱাৰীমাহত, লোকসভা টিভি আৰু ৰাজ্যসভা টিভি একত্ৰিত কৰি এক নতুন সংসদ টিভি প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰবীণ কংগ্ৰেছ নেতা কৰণ সিং, অৰ্থনীতিবিদ বিবেক দেবৰয়, নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত আৰু অধিবক্তা হেমন্ত বাত্ৰাই নতুন চেনেলটোত পৃথক অনুষ্ঠান আয়োজন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in