১৯ আগষ্টত পৰাগ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

১৯ আগষ্টত পৰাগ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ পৰাগ কুমাৰ দাস সোঁৱৰণী সদৌ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা ১৯ আগষ্টত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক সংগ্ৰাহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগা তৰ্ক প্ৰতিযোগিতাৰ বিষয় হ'ল- 'কেৱল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীহে অসমত অসমীয়া মানুহৰ পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত কৰিব'।

প্ৰতিযোগিতাখন দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব। অসমৰ প্ৰতিখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ইচ্ছুক প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিযোগীসকলে অংশগ্ৰহণৰ বাবে যোগাযোগ কৰিব পাৰে ৯৪৩৫০৪৪১৪০ নম্বৰত। ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই প্ৰতিযোগীসকলে অংশ ল'ব পাৰিব এই তৰ্ক প্ৰতিযোগিতাত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in